পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 1032 ডেৱ দিয়৷ মৎস্যৰাজা পৰিল৷ ভূমিত। সাৰথি সহিতে ৰথ ভৈল চূৰ্ণীকৃত॥ হৰিণ গোটক যেন বাঘে গৈয়া ধৰি। দুই হাতে নৃপতিক ধৰি কোলা কৰি॥ ১৯৩৭৬ আপুনাৰ ৰথে তাক তুলি শীঘ্ৰে লই। ৰণে জিনি সুশৰ্ম্ম৷ পলাইল গৰু লই॥ নৃপতি পৰিল বুলি মৎস্যৰ কটক। ব্যুৎভঙ্গে পলাই সবে নচাইল পাচক॥ ১৯৩৭৭ বৰ চোটে সমৰত ভঙ্গাইল ত্ৰিগৰ্ভে। পাত্ৰ পুত্ৰ মন্ত্ৰীগণ এৰিল সমস্তে॥ ৰথা ৰথ এৰি পলাই ৰাহুতে তুৰঙ্গে। সমৰত যদি মৎস্যৰাজা ভৈলা ভঙ্গে॥ ১৯৩৭৮ কেৱলেসে পাণ্ডৱ থাকিলা চাৰি বীৰ। দেখি ভীমসেনক বুলিলা যুধিষ্ঠিৰ॥ শুন৷ বাপু ভীমসেন মিলিল অকাৰ্য্য। মৎস্যক ত্ৰিগৰ্ভে জিনিলেক ৰণমাজ॥ ১৯৩৭৯ বন্দী কৰি সুশৰ্ম্ম৷ ৰাজাক লৈয়া যায়। তযু বলে ভীম বাপু আনিয়ো মেলাই॥ বৰিষেক আমাক কৰিলে প্ৰতিপাল। অন্নে পানে বসনে তুষিলে দুখকাল॥ ১৯৩৮০ তাৰ উপকাৰ এবে কৰিতে যুৱাই। আপদে পৰিল ৰাজা আনিয়ে| মেলাই || ধৰ্ম্মৰ বচনে ভীমে হাসিয়া বোলম্ভ। আজি দেখা দদা মোৰ বিক্ৰম ৰণত॥ ১৯৩৮১ একেশ্বৰে ত্ৰিগৰ্ত্তক নিলো সকল। I আজি মোৰ দেখোক ত্ৰিগৰ্ভে ভুঞ্জবল॥ বান্ধি আনো হুশৰ্ম্মাক ৰজাক মেলাই। কৌতুকে যে তিনি ভাই থাকা যুদ্ধ চাই। '৮২ মোহোৰ বীৰত্ব দদা দেখা সাঞ্চে সাঞ্চ। এহি বুলি ক্ৰোধত চাহস্ত আগ পাচ | আছাৰিয়া পেলাইলা হাতৰ ধনুশৰ। লাম্ফ দিয়া বায়ুবেগে নামিলা ৰথৰ॥ ১৯৩৮৩ কৰে কৰ মৰ্দ্দি বীৰে কৰিয়া আস্ফোট। উভাৰি লৈবাক চান্ত শালবৃদ্ধা # হেন দেখি যুধিষ্ঠিৰ ৰাজা দিলা হাক। বৃক্ষৰ যুদ্ধক বাপু ক্ষমা কৰা আৰু॥ ১৯৩৮৪ আন অস্ত্ৰে শস্ত্ৰে যুঞ্জি মুহি ধনুশৰ। ভূষণ্ডি পৰশু আৰে৷ শকতি তোমৰ॥ গদা মুদ্গৰ মুহি লৈয়ো খড়্গ চৰ্ম্ম। মনুষ্যৰ লুহি হেন অদভুত কৰ্ম্ম॥ ১৯৩৮৫ বৃক্ষৰ যুদ্ধক দেখিবেক সৰ্ববলোক। ভীমসেন বুলি আৱে চিনিবেক তোক॥ একৈক জানিলে নষ্ট অজ্ঞাত বাসৰ। পুনৰপি কাৰ্য্য বৰ হৈবে অথন্তৰ। ১৯৩৮৬ পুনু বাৰবৰ্ষ লাগে বনক যাইৰাক। হেন জানি এৰিয়োক বৃক্ষৰ যুদ্ধক॥ আন অস্ত্ৰে যুঞ্জি আনা ৰাজাক মেলাই। তোৰ সখা হুই আমি চলো তিনি ভাই॥১৯৩৮৭ ধৰ্ম্মৰ বচন শুনি আদৰি মনত। ডেৱ দি উলটি গৈয়া চৰিলা ৰথত॥ অঙ্কুশে ৰাখিল যেন পালটিল গঞ্জ। ধনু ধৰি তিনি ভৈল যুক্তিবাক সাজ॥ ১৯৩৮৮ চাৰিয়ো পাণ্ডৱ মিলি চৰি এক ৰথে। ত্ৰিগৰ্ত্তৰাজাক লাগি চলি গৈলা যূথে। দিব্য অস্ত্ৰ চাৰি বীৰে কৰিয়া প্ৰহাৰ। | মাৰিলা অনেক সেনা ত্ৰিগৰ্ভৰাজাৰ॥ ১৯৩৮৯ ৰাহুতে মাহুতে ৰথী মহাৰথী প্ৰজা। মাৰিল৷ সহস্ৰ বীৰ যুধিষ্ঠিৰ ৰাজা॥ অষ্ট শত মাৰ্লিন্ত ভীম মহাবীৰ। ( নকুলেয়ো সপ্ত শত ছেদিলন্ত শিৰ॥ ১৯৩৯- তিনি শত বীৰক মাৰিল৷ সহদেৱ। পলাইল ত্ৰিগৰ্ভসেনা নৰহিল কেৱ। আগভোট যুধিষ্ঠিৰে হুশৰ্ম্মাৰাজ্জাক। নাকে মুখে কাণে ঢাকি দিলা শৰজাক॥ '৯১ ৰুধিৰে বিৰিঙ্গ যেন ফুটি গৈল ওৰ। সাৰথিক বোলে অৰে পালটায়ো ঘোৰ॥ ধৰ্ম্মক সম্মুখে ৰথ ডাকিল সাৰথি। বায়ুবেগে ধাইল যেন কোপ মত্ত হস্তী॥ ১৯৩৯২