পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব কিবা ডৰে পলাই গৈল সাগৰৰ পাৰ। আউৰ চৰে কেনে গই কৰিবে বিচাৰ। ১৯২৮৩ এৰিয়োক চিন্তা ৰাজা গুচিল দুৰ্গতি। আন যেন কাৰ্য্য লাগে কৰিয়ো যুগুতি॥ দ্ৰোণে বুলিলন্ত ওবা নৃপতি কৌৰৱ। একো কালে নমৰিব শ্ৰীমন্ত পাণ্ডৱ॥ ১৯২৮৪ মহাবল বুদ্ধিমন্ত জানে ৰাজনয়। পণ্ডিত মহন্ত সন্তু সবে মহাশয়! সময় নিয়ম ধৰ্ম্ম সমস্তে জানস্ত। ছদ্মৰূপে থাকে সবে আনে নিচিন্তয়॥ ১৯২৮৫ হেন জানা তাসম্বাৰ গুচিল অপায়। কালকেসে আপেক্ষিয়া আছে বাট চাই॥ আমাৰ বচন যদি শুনা নৰেশ্বৰ। পাণ্ডৱক লাগি গৃহ সজায়ো সত্বৰ॥ ১৯২৮৬ যুধিষ্ঠিৰ ৰাজা তান্ত সৰ্ব্বলোকে বশ্য। পুনৰপি ৰাজলক্ষ্মী লভিবে অৱশ্য॥ বিশেষত তোমাৰ হোৱন্ত শ্ৰেষ্ঠ ভাই। তেহে সমে তোমাৰ কন্দল নুযুৱায়৷ ১৯২৮৭ পাণ্ডৱ সহিতে থাকিব| নিৰ্দ্বন্দ্বে। একে৷ কালে তোমাক নপাইবে একো মন্দে॥ আমি হিত বোলো যদি মুচে তোমাৰ। পুনৰপি যাউক লাগে পাঞ্চিয়োক চৰ॥ ১৯২৮৮ ৰাজাক সম্বুধি ভীষ্মে বুলিলন্ত পাচে। নমৰিল পাণ্ডৱ নিশ্চয়ে বোলো আছে। জোণে যত বুলিলন্ত সকলে উচিত। প্ৰাকৃত চৰিয়া তাৰ নুবুজে চৰিত্ৰ॥ ১৯২৮৯ প্ৰতিজ্ঞা সাম্ফলি আসি হৈবেক বিদিত। যেৱে চৰ পঠাইবাহা পঠায়ো পণ্ডিত॥ সম্প্ৰতি অজ্ঞাত যৈত আছন্ত পাণ্ডৱ। দিনে দিনে দান ব্ৰত হৈবে মহোৎসৱ। ১৯২৯০ তহিতে হৈবেক প্ৰজা বৈষ্ণৱ ধৰ্ম্মজ্ঞ। দেৱপুঞ্জা সব হুইৰ প্ৰৱৰ্ত্তিৰ যজ্ঞ টেটন টামন লোক ছুহিব ৰাজ্যত। শুভ স্বস্তি ব্ৰাহ্মণৰ শুনিবা নিশ্চিত। ১৯২৯১ ১৬৪ 1 I ১৩০৫ শুভ বায়ু বহিবেক গগন নিৰ্ম্মল। চন্দ্ৰ সূৰ্য্য জ্যোতিমন্ত হুইবেক অনল ৰ গোসৰ সম্পঞ্জিব দধি দুগ্ধ স্নত। পৌৰাণিক ধৰ্ম্ম কথ৷ কহিব ভহিত। ১৯২৯২ শোক ভয় দুঃখ পীড়া মুহিবে মৰক। শ্ৰীমন্ত উজ্জ্বল সবে দেখিবে লোকক। ৰসৱৰ্তী হুইবে ফল গন্ধৱৰ্তী পুষ্প। আলি মঠ মণ্ডপ দেখিবা ধৰ্ম্মৰূপ॥ ১৯২৯৩ দীঘি পুষ্কৰিণী সব দেখিবা উদ্যান। নানাবিধ বঙ্গ ঢঙ্গ হুইবে থানে থান॥ অতিধিক পৰিচৰ্য্যা কৰিব গৃহস্থ। যাৰ যেন জাতি ধৰ্ম্ম কৰিব সমস্ত। ১৯২৯৪ লজ্জাৱন্ত ক্ষমাৱন্ত হুইবে সৰ্ব্বলোক। সংক্ষেপ পদত কত কহিবো আছোক॥ নীতিমন্ত গুণৱন্ত পুণ্যৱন্ত সন্ত৷ ছদ্মৰূপে আপোনাৰ সময় পালম্ভ॥ ১৯২৯৫ কদাচিতো মৃত্যু ভয় নাহি পাণ্ডৱৰ। হেন জানি ৰাজ৷ যেন যুৱাই তাকে কব॥ কৃপায়ো বোলন্ত শুনিয়োক নৰনাথ। ভীষ্মে দ্ৰোণে যত লাগে কহিলে৷ তোমাত॥’৯৬ তথাপিতো বোলো যদি মনে চিতে আটে। পাণ্ডৱৰ লাগি গৃহ সজায়োক ঝাণ্টে॥ আপুনি পণ্ডিত সবে জানা ৰাজনয়। পাণ্ডৱক যে স্ত্ৰী আসি ভৈলেক উদয়। ১৯২৯৭ ধৰ্ম্মবলে আছে গুপ্তে ছদ্মবেশ ধৃত। প্ৰাকৃত চৰিয়া তাৰ হুবুজে চৰিত॥ দেৱবীৰ্য্যে সবে বীৰ বাসৱ সদৃশ। কি কৰিব সিংহ ব্যাঘ্ৰ ভালুক মহিষ॥ ১৯২৯৮ কোনে বোলে বনবাসে পাশুৱ মৰিব। সময় যে ভৈলে আসি ঐত লাগ পাইব॥ হিত বোলো আক মুবুজাহা বলাবল। সুখে ৰাজ্য নেদা যেৱে লাগিব কন্দল। ১৯২৯৯ তাক লাগি আপুনি চিন্তিয়ো নৰপতি। । দানে মানে বাকে লাগে কৰা মিত্ৰৱতি॥