পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 1000 ৰাজ৷ বোলে যেৱে পোৰা কৰিয়ে৷ সকাল। ৰাজা আদেশিলেক কোপিত শত মাল # কৰিলে সবাকো অন্ধ তাসস্থাৰ বোধে। দ্ৰৌপদীক লাগিয়া ধাইলেক সবে ক্ৰোধে॥ ২০ দ্ৰৌপদীক ধৰি বান্ধিলেক হাতে পাৱে। আতি বৰ কষ্ট পাইল জগতৰ মাৰে॥ দ্ৰৌপদীক তুলি অনুগামিনী বোলয়। তেৱে মহাসতীৰ মনত ভৈল ভয়॥ ১৯২০১ কান্দন্তে কান্দন্তে সতী বিকল স্বভাৱ। বিহ্বল স্বৰূপে গান্ধাৰিণী পাৰে ৰাৱ॥ জয়ন্তক জয় হে বিজয় জয়সেন। জয়জ্বল আসন্তোক আমাৰ ৰক্ষণ॥ ১৯২০২ কীচকৰ লগে মোক নেই পুৰিবাক। অবসান কালে আসি ৰাখিয়ো আমাক॥ বজ্ৰৰ সদৃশ যাৰ ধনুৰ টঙ্কাৰ। ৰথঘোষ শুনি যাৰ বৈৰ চমৎকাৰ॥ ১৯২০৩ হেনয় মোহোৰ পতি গন্ধৰ্ব্ব সুজান। মৰিবাক নেই আসি কৰা পৰিত্ৰাণ॥ দীৰ্ঘ ৰাৱ কৰি আতি চেঞ্চাৱে পাঞ্চালী। স্থপকাৰশালা হস্তে শুনি মহাবলী॥ ১৯২০৪ শয়ন এৰিয়া কোপে চালিলন্ত গাৱ। ভয় নকৰিবা বুলি ভীমে দিলে ৰাৱ॥ তোমাৰ বচন ভালে মই আছো জানি। তাসম্বাক ভয় কিছো নকৰ৷ পাঞ্চালী॥ ১৯২০৫ কিসক তোমাৰ শঙ্কা যেৱে জীও আমি। হেন বুলি মহাবীৰে তুলিলন্ত হামি। লুপকাৰ ৰূপ এৰি ধৰি আন বেশ। বিৱৰ্ণ ভৈলেক ৰূপ মুক্ত কৰি কেশ॥ ১৯২৬ হুৱাৰে বাহিৰ ভৈলে লোকে যেনো জানে। গড় ডেৱাই ভীমে বাজ ভৈল৷ তেতিক্ষণে॥ যি থানক গৈল কীচকৰ শত ভাই। সি থানক প্ৰতি ভীমসেন চলি যায়। ১৯২০৭ পূৰ্ব্বাপৰ যত কৰ্ম্ম জানা আছে ভাগে। মিলিলঞ্চ ভীমসেন তাসম্বাৰ আগে কীচকক লাগিয়৷ যি ঠাইত সাজে চিতা। এক শালবৃক্ষ ভীমে দেখি সেহি ভিতা॥ ১৯২০৮ দীৰ্ঘে এক যোজন যে দেখি থুলন্তৰ। তাহাৰ গোৰক লাগি গৈলা বৃকোদৰ॥ দুই হাতে উপাৰি লৈলস্ত শালগাছ। পলাইল কীচক নচাৱয় আগ পাচ॥ ১৯২০৯ কৰে দণ্ড ধৰি যেন যম সম ক্ৰোধ। কোপে বুলিলন্ত পাণ্ডুহুতে কৰ যুদ্ধ শীঘ্ৰে চলি যায় ভীম দ্ৰৌপদীৰ পাশ। শত কীচকক দিবে| যমপুৰে বাস॥ ১৯২১০ পৱনৰ বেগে ধাইলা বায়ু যেন লাগি। বেগৰ চোটত বৃক্ষ যায় ভাগি ভাগি। পাশ চাপি ভীমসেনে দিলন্ত আটাস। গন্ধৰ্ব্বে পাইলেক বুলি সবাৰে৷ তৰাস॥ ১৯২১১ মাথ৷ তুলি ভীমসেনে আসৈ কোপ কৰি। দেখি উপকীচক সকল গৈল ডৰি। আউৰে আউৰে অন্যো অন্যে সবে আলোচস্তি। আমাকে৷ মাৰিবে খোজে গান্ধাৰীৰ পতি॥ ১২ কোপ কৰি আসে বীৰ বৃক্ষগোট লই। গান্ধাৰীক নিয়া নগৰত পশো গই॥ গান্ধাৰীক আতে আমি আনো মাৰিবাক। সেহি কোপমনে বীৰে ধাৱয় আমাক। ১৯২১৩ দ্ৰৌপদীক মেলিয়৷ কীচক সবে গই। নাৰীক এৰিয়া পলায় প্ৰাণ ৰাখি লই॥ পলাৱে দেখিয়া ভীমসেন যায় খঙ্গে। খেদি গৈয়া সবাকে৷ মাৰিলা এক সঙ্গে॥ ১৪ এক গোটাধিক কীচকৰ ভাই শত। শালবৃক্ষে কোবাইয়া পঠাইলা যমপণ॥ অসন্তোষ কৰি কান্দি আসিলা গোসানী। আশ্বাসিয়া ভীমে বুলিলন্ত প্ৰিয়বাণী॥ ১৯২১৫ তোমাক হিংসয় যেহি যেহি দুৰাচাৰ। তাকে মাৰি মাৰি মান সাধিবো তোমাৰ॥ এৰিয়োক ক্ৰোধ নকৰিয়োক সংশয়। আমি সবে জীৱন্তে তোমাৰ কাক ভয়॥ ১৯২১৬