পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শোকে দুখে তন্তু দহে অনল পৰায়। থকথকি কান্দন্ত লোতক বহি যায়॥ ১৯০৮১ শোকৰ ঝমক উঠে হুমৰি সুমৰি। গুণি গুণি অন্ত নপাৱস্ত বৰনাৰী॥ বোলন্ত কি কৰ্ম্ম কৰো কৈক লাগি যাওঁ। বিৰাট পৰ্ব্ব কতোবেলি চেতন লভিলা বৃকোদৰে। উঠিয়া বসিলা বীৰ খাটৰ উপৰে॥ দ্ৰৌপদীক দেখি ভীম ভৈল সকৰুণ। পুছিলন্ত ভীমে তুমি আইল৷ কিব৷ গুণ॥ ১৯০৯০ দেৱী বোলে জানা দুঃশাসনে যি কৰিল। । তাত পাচে বনবাসে সৈন্ধৱে হৰিল। তাতোধিকে দহে ইবাৰৰ অপমানে। কীচকে যায় তুমি সবে বিদ্যমানে॥ ১৯০৯১ ৰাজাৰ আগত বেঢ়ি আছে সামৰাজে। চুলি ধৰি কীচকে মাৰয় কোন কাজে॥ ! তুমিসব জীৱন্তে কীচকে কৰে বল। এৰিবোহে৷ প্ৰাণ জীৱনত কোন ফল॥ ১৯০৯২ ৰাজ৷ বশ্য কৰিলে কীচক সেনাপতি। একদিন৷ গৈল সিটো মহাদৈৰ ভিতি॥ তহিতে দেখিয়া মোক যতন কৰয়। I তাৰ বোল শুনি মোৰ নসহে হৃদয়॥ ১৯০৯৩ তযু ভাই যুধিষ্ঠিৰ সাফল জুৱাৰ। সুৱৰ্ণ ৰজত ঘুৰী ঘোঁৰা আছে আৰ॥ এতেক আছন্তে প্ৰথমতে খেলে পাশ। দ্বাদশ বৰিষ খপিলন্ত বনবাস॥ ১৯০৯৪ যাহাৰ লগত চলে লক্ষেক দন্তাল। । আগপাচ কৰিবাক যাই সৰ্ব্বকাল॥ ৰথ ধ্বজ ঘোঁৰা গজ সেনাত অসংখ্য। হেন যুধিষ্ঠিৰক বোলয় সবে কঙ্ক॥ ১৯০৯৫ যাৰ স্থপকাৰ শালে লক্ষেক হুৱাৰ। ৰাত্ৰিয়ে দিবসে অন্নপান সজকাৰ॥ অতিথি ভুঞ্জাৱে নিতে নিতে যাৰ ঘৰে। হেন যুধিষ্ঠিৰে বিৰাটক সেৱা কৰে। ১৯০৯৬ ৰাজসূয় যজ্ঞে কৰিলেক অভিষেক। যাক সেৱা কৰিলেক নৃপতি লক্ষেক॥ হেন যুধিষ্ঠিৰ ৰাজ৷ দুথে জীয়ে নিতে। তান দুখ দেখি মোৰ নধৰয় চিতে॥ ১৯০৯৭ শ্ৰুতি বেদ অস্ত্ৰ শস্ত্ৰ পুৰাণ আগত। হেন যুধিষ্ঠিৰ ৰাজ৷ দুখে জীয়ে নিত কৈক গৈলে দুখ শোক আপদ এৰাওঁ॥ ১৯০৮২ আজি যেৱে পাপিষ্ঠ কীচক নোহে নষ্ট। তেৱে মোৰ হুইব পতিব্ৰতা ধৰ্ম্ম ভ্ৰষ্ট॥ জানে৷ মোৰ প্ৰিয় কৰিবন্ত ভীমসেন। কীচকক মাৰিব মৃগক সিংহ যেন। ১৯০৮ এহি বুলি শয্যাৰ উঠিল৷ গাৱ চালি। ৰন্ধনশালাক লাগি গৈলন্ত পাঞ্চালী॥ দুইৰ ৰূপে গৃহগোট অধিকে জ্বলয়। যেন পূৰ্ণ শশধৰে ৰজনী সুহাই॥ ১৯০৮৪ পাঞ্চালী দেখন্ত ভীম গুতিয়৷ আছয়। মৃগৰাজে যেছেন নিদ্ৰাত ফোকায়॥ ক্ৰোধ কৰি যাজ্ঞসেনী বুলিলা বচন। মোৰ শত্ৰু জীয়ে তযু নিদ্ৰাক যতন॥ ১৯০৮৫ শুতিয়া আছয় ভীমসেন অচেতনে। মৃগৰাজ সদৃশ নিশ্বাস কাঢ়ে ঘনে॥ দ্ৰৌপদী বোলন্ত গৈয়া তাৰ এক পাশে। ৰূপে গৃহ অধিকে প্ৰকাশে॥ ১৯০৮৬ প্ৰমত্ত হস্তীক যেন আলিঙ্গে হস্তিনী। ভীমকো তেনয় আলিঙ্গস্ত যাজ্ঞসেনী। দুই হাতে ধৰি সতী চেতন কৰাহে। দ্ৰৌপদীয়ে ভীমক জগাৱে নানা ভাৱে॥ ১৯০৮৭ যেন শালতঙ্কক বেঢ়িল লতাগাছে। দ্ৰৌপদী ভীমক তেনে হাত দিয়া আছে। প্ৰমত সিংহক যেন জগাৱে সিংহিনী। তেনমতে ভীষক জগাৱে যাজ্ঞসেনী। ১৯০৮ মধুৰ গম্ভীৰ আতি দ্ৰৌপদীৰ বাণী। ধীৰে ধীৰে ভীমসেনে জগাত্ত গোসানী॥ কতনো শোৱাহা উঠা উঠা ভীমসেন। নাহিকে চেতন প্ৰভু মৰাগোট যেন॥ ১৯০৮৯ ১২৯৩