পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৯ দ্ৰৌপদী বোলন্ত আই পঠায়ো আনক। যাইবাক নোৱাৰে৷ আই তাহাৰ ঘৰক। ১৯০৩০ কীচক নিলাজ যেন জানিছা আপুনি। তোমাৰ আগত মোক বোলৈ কেন বাণী॥ তাৰ ঘৰে গৈলে বৰ অকাৰ্য্য মিলিব। সতীত্ব বিনষ্ট ব্যভিচাৰ সম্পজিব॥ ১৯০৩১ প্ৰৱেশ কালত কেন কহিলো বিনয়। আপুনিয়ো বুলি আছ৷ বচন নিশ্চয়॥ নযাইবি পৰৰ ঘৰ নুধুৱাইবি ভৰি। উচ্ছিষ্ট নখাইবি থাক আন কৰ্ম্ম কৰি॥ ১৯০৩২ মোক পঠাইবেক যোগ্য নুহিকে তোমাৰ। সেৱকিনী দাসীগণ আছয় অপাৰ॥ আনক পঠায়ো তাৰ ঘৰক নযাওঁ। আছোক তাহাৰ কাষে ছায়াও নচাওঁ॥ ১৯০৩৩ সুদেষ্ণা বোলয় তই ড্ৰাৱ কাহাক। কাহাৰ শত্ৰুতি আছে চাহিবে তোমাক॥ এহি বুলি হুৱৰ্ণৰ পাত্ৰ হাতে দিল!। উঠি চল বুলি পুনৰপিয়ে৷ পাঞ্চিলা॥ ১৯০৩৪ নযাইবে৷ বুলিবে নোৱাৰিলন্ত পাঞ্চালী। সুৱৰ্ণৰ পাত্ৰ লই লৰিলন্ত ভালি॥ চক্ষুৰ লোতক বহি যায় সৰসৰি। সূৰ্য্যক দিলন্ত সাক্ষী কৃতাঞ্জলি কৰি॥ ১৯০৩৫ নমো দিবাকৰ নমো সহস্ৰ কিৰণ। আন নাহি মোৰ গতি তোমাৰ চৰণ॥ স্বামী ব্যতিৰেকে যেৱে নজানোহো আনি। তেৱে মোক কীচকে নকৰে অপমান॥ ১৯০৩৬ এহি বুলি দুই দণ্ড সূৰ্য্য উপাসিল। তান মনোগত যেন সূৰ্য্যয়ে৷ জানিল॥ এগোট৷ ৰাক্ষস দিল ৰক্ষাৰ নিমিত্তে। ছায়া যেন দ্ৰৌপদীৰ গৈলন্ত লগতে॥ ১৯০৩৭ ধীৰে ধীৰে যান্ত মত গজৰ গমনে। দিশ চাহি চাহি যাস্ত চকিত নয়নে। বনৰ হৰিণ যেন ওলাইল বাহিৰ। হৃদয় কাম্পয় ঘনে মন নোহে থিৰ | ১৯০৩৮ মহাভাৰত ॥ আগক লাগিয়৷ বাঢ়ি নযায় দুয়ো ভৰি। চলি যাস্ত কীচকৰ বচন সুমৰি॥ গোবিন্দৰ পাদপদ্ম মনে দৃঢ় কৰি। কতোক্ষণে পাইলা গৈয়া কীচকৰ বাৰী॥১৯০৩৯ দুৱাৰে সোমান্তে পাচে দ্ৰৌপদীক দেখি। আসনৰ হন্তে উঠি খানিকো নাপেক্ষি॥ শীঘ্ৰ বেগে দ্ৰৌপদীৰ সমীপক গৈলা। যেন পাৰোৱালে নৌকা পাই ৰঙ্গ ভৈল৷॥ '৪০ দ্ৰৌপদীক সম্বোধি মাতয় কৌতূহলে। কল্যাণে আসিল৷ তব বাৰ্ত্তা যে কুশলে॥ আজি শুভযোগে মোৰ পুহাইল ৰজনী। মোৰ ঘৰে আসিলাহা কুৰঙ্গনয়নী॥ ১৯০৪১ তোৰ মুখ দেখো মহাদৈৰ মাজত। তোৰ দুখে মোৰ নিদ্ৰ৷ নাময় শয্যাত॥ আজি হস্তে খণ্ডে তোৰ সকলে দুৰ্গতি। মোক ভজিবাহা নকৰিবা আন মতি॥ ১৯০৪২ সুৱৰ্ণৰ মালা শিৰে কুণ্ডল কৰ্ণত। বলয়া কঙ্কণ বান্ধে পিন্ধিয়ো হাতত॥ অনেক দেশৰ ৰত্ন মণিময় হাৰ। পিন্ধিয়োক বঙ্গে সৰ্ব্বগাৱে অলঙ্কাৰ॥ ১৯০৪৩ বহুবিধ বস্ত্ৰ চিত্ৰ বিচিত্ৰ অঞ্জিন। বাছি বাছি তুমি পিন্ধিয়োক দিনে দিন। ৰত্নময় খাটত বিছায়৷ হংস তুলি। আতে অন্নপান থৈয়৷ আছো তোক বুলি॥ '৪৪ আসা তুমি আমি সমে যাওঁ সেহি থান। আমি সমে তুমি তাতে কৰা মধু পান॥ কামানলে পুৰি মৰো দেখিছা আপুনে। তাকে নিমায়োক মোক আলিঙ্গন দানে॥ ১৯০৪৫ অধোমুখে দ্ৰৌপদী মাতিলা অল্প কৰি। পিয়াসে আকুলভাৱ ভৈলা পটেশ্বৰী॥ মধু নিবে লাগি পঠাইলন্ত তব ঘৰে। মধু দিয়া পঠায়োক চলোছো সত্বৰে॥ ১৯০৪৬ কীচকে বোলন্ত মধু পঠাও আন কৰে। মোৰ মনোৰথ পূৰি থাকিয়োক ঘৰে।