পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ অতি ৰূপৱৰ্তী একখানি বস্ত্ৰ গাৱে। অধোমুখে চলি আসে গম্ভীৰ স্বভাৱে॥ দ্ৰুত পঠাই মতাই নিল আপোনাৰ থানে। দ্ৰৌপদীত পুছিলন্ত মধুৰ বচনে। ১৮৮৮০ কোথাহন্তে আসি আছা কিবা তব নাম। মোহোৰ ৰাজ্যক আসি আছা কোন কাম॥ দ্ৰৌপদী বোলন্ত শুনা ৰাজপটেশ্বৰী। সৈৰিন্ধী আসিয়া আছে৷ তোমাৰ নগৰী। '৮১ যেই অন্ন বস্তু দেই থাকো তাৰ থানে। তাৰ শিল্পী কৰ্ম্ম কৰো জানো যত মানে॥ বিৰাটমহিষী হাসি হাসি বোলে বাণী। কাণে নোসোমাই মাৱ তোহোৰ কাহিনী॥ ৮২ ত্ৰৈলোক্যমোহিনী ৰূপ তুমি বোলা দাসী। মুহিকয় দাসী এক ৰাজাৰ মহিষী॥ হাতৰ ভৰিৰ গান্থি একোৱে নমনি। উযুগ যৱঞ্জ কোমল বুলি জানি॥ ১৮৮৮৩ বৰ্তল কোমল ঘন পীন স্তনভাৰ। শোভন কুম্ভল গুৰু নিতম্ব তোমাৰ। ওঠ যে অধৰ তোৰ যেন বিশ্বফল। পূৰ্ণচন্দ্ৰ সম শোভে বদন মণ্ডল॥ ১৮৮৮৪ কম্বুগ্ৰীৱ কণ্ঠ শিৰ মধ্য কৃষ্ণ তনু। মনে গুণে৷ বতাসতে ভাগি পৰে যোনো॥ বত্ৰিশ লক্ষণ দেখো আছে তোৰ গাৱে। তিনি ঠাই গভীৰ উন্নত ছয় ঠাৱে॥ ১৮৮৮৫ চাৰিধান হ্ৰস্ব সাতথান যে কোমল। চাৰিথান দীৰ্ঘ তিনিথানত বহল॥ পাঞ্চথান ৰক্তদেহা লক্ষণ সুচান্দ। উৎপল সমান তোৰ শৰীৰৰ গন্ধ॥ ১৮৮৮৬ নীল উৎপলৰ সম আয়ত লোচন। মহাভাৰত ৰাজহংস সম যেন মধুৰ গমন॥ পদ্মবন এৰি কিবা লক্ষ্মী আসি আছা। নোহা সেৱকিনী মাৱ নোবোলস মিছা॥ ১৮৮৮৭ দানৱৰ নাৰী কিম্বা যক্ষৰ সুন্দৰী। গন্ধৰ্ব্বৰ নাৰী কিশ্ব৷ তুমি অপেশ্বৰী॥ আদিত্যৰ ছায়া কিম্ব৷ চন্দ্ৰৰ ৰোহিণী। ব্ৰহ্মাৰ সাবিত্ৰী কিম্বা কৃষ্ণৰ ৰুক্মিণী॥ ১৮৮৮৮ বৰুণৰ সত্যৱৰ্তী হৰৰ পাৰ্ব্বতী। কুৱেৰৰ ভদ্ৰা বশিষ্ঠৰ অৰুন্ধতী॥ তাৰা যেন পৰি আছে স্বৰ্গহস্তে খসি। আছোক বুলিবো দাসী নোবোলো মানুষী॥ ৮৯ দ্ৰৌপদী বোলন্ত শুনা ৰাজ পটেশ্বৰী। যতেক বুলিল৷ নোহো কাহাৰো সুন্দৰী। সৈৰিৰ্দ্ধী স্বৰূপে সেৱা কৰোহে৷ পৰত। সত্য কথা কহিবোহে৷ তোমাৰ আগত॥ ১৮৮৯০ কৃষ্ণৰ কামিনী সত্যভামা বুলি যাক। তাহাঙ্ক সেৱিলো তেহে জানন্ত আমাক॥ পাঞ্চ পাণ্ডৱৰ ভাৰ্য্য৷ দ্ৰৌপদী সুন্দৰী। বহুকাল তাহাঙ্ক আছিলে৷ সেৱা কৰি॥ ১৮৮৯১ যত কাল মোক অন্ন বস্ত্ৰ দেই ভাল। তাঙ্ক সেৱা কৰিয়া থাকিবো চিৰকাল॥ চন্দন পিষিতে জানে৷ কঙ্কিয়াইবে৷ কেশ। পঞ্চবৰ্ণমাল৷ মই গান্থিবে৷ বিশেষ। ১৮৮৯২ । দ্ৰৌপদী মালিনী নাম থৈলস্তে আপুনে।

সেই আইক হৰুৱাই আইলো তব থানে॥

উচ্ছিষ্ট নিদিবা মোক নুধুৱাইবো পাৱ। পৰৰ ঘৰক লাগি নপঠাইবা মাৰ। ১৮৮৯৩ সুদেষ্ণা বদতি দ্ৰৌপদীৰ মুখ চাই। যুগুত কৰিয়া মাৱ তোক দিবো ঠাই। উচ্ছিষ্ট নখাইবা তুমি নুধুৱাইবা ভৰি। পৰথানে নপঠাইবো অধিকাৰী কৰি॥ ১৮৮৯৪ কিন্তু এহিৰূপে যেৱে থাক মোৰ ঘৰে। দিনে দিনে তোমাক দেখিবে নৰেশ্বৰে॥ ৰূপ দেখি ভোল হুয়া পাতিৰে মহিষী। পাচে যেন হওঁ আমি তোমাৰেসে দাসী॥ '৯৫ মোক বেঢ়ি আছয় যতেক তিৰীলোক। ৰূপ দেখি ঊৰ্দ্ধমুখে চাহি আছে তোক॥ তিৰী ভোল ভৈল দেখি ৰূপ সুললিত। ই কি ৰূপ দেখিয়া পুৰুষে ধৰে চিত॥ ১৮৮৯৬