পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব মাছকটা খাণ্ডাখান ডাহিন হাতত। কৃষ্ণবৰ্ণ বসন পিন্ধিলা শৰীৰত॥ ধীৰ ধীৰ কৰি ৰাজসমাজক যাস্তে। বিৰাট নৃপতি দেখিলন্ত প্ৰবেশন্তে॥ ১৮৮৬৩ সকল সমাজে দেখি কৰে কাণাকাণি। বিহবল স্বভাৱে ৰাজা বুলিলন্ত ৰাণী॥ কোনগোট আসে হেৰ৷ আতি ৰূপৱম্ভ। যেন তমো ভেদি সূৰ্য্য দহিয়৷ আসন্ত॥ ১৮৮৬৪ কিবা গন্ধৰ্ব্বৰ ৰাজা কিৰা পুৰন্দৰ। শৰীৰ জ্বলয় যেন গিৰি সমসৰ॥ সিংহৰ সমান কন্ধ নিচিনয় আঙ্ক। সমাজে পশিয়৷ যোনো লগাৱয় চাঙ্ক॥ ১৮৮৬৫ মনে মনে বোলে আৰ নুবুজিলে৷ চিত্ত। সকালে দিয়োক বীৰে যত খোজে বিত্ত॥ তেখনে লৱৰি গৈল৷ ভীমৰ সমীপ। ৰাজাৰ বচনে সবে বুলিলা ভীষক॥ ১৮৮৬৬ কোন বস্তু খোজা তুমি শীঘ্ৰে কহিয়োক। সমস্ত দিবোহে৷ তাক লৈয়া চলিয়োক॥ তাসম্বাক কিঞ্চিতেকে৷ নেদিয়৷ উত্তৰ। নৃপতিক লাগিয়া বুলিলা বৃকোদৰ॥ ১৮৮৬৭ জানিয়ে৷ নৃপতি মই ভাল সুপকাৰ। পুষিবাহা ৰাজা ভৈলো সেৱক তোমাৰ। ৰাজ! বোলে সেৱক বুলিবে৷ কেনমতে। তুমি হুপকাৰ হেন মুৰুচে মনতে॥ ১৮৮৬৮৮ তৰ ৰূপ গুণ কান্তি বচনে গমনে। ছলে ইন্দ্ৰ আসি আছা হেন মানে। মনে॥ ভীমেয়ো বোলন্ত জয় হৌক যে নৃপতি। পাণ্ডৱক জানা কিবা নাজানা সম্প্ৰতি॥ ১৮৮৬৯ তাহান ঘৰত থাকি ৰান্ধিলোহো অন্ন। হুগ্ধ আৱটিলে! আৰো বান্ধিলো ব্যঞ্জন॥ নামত বল্লভ মল্লযুদ্ধত কুশলি। খুজি লুৰি নাহি পাওঁ মোৰ সমবলী। ১৮৮৭০ সিংহ বাঘ গজ সমে কৰিবে৷ প্ৰহাৰ। ৰান্ধিবে৷ অন্নক থাকিবোছে। ভৰ ঘৰ॥ ১২৯ বিৰাটে বোলয় মোৰ হোৱা লুপকাৰ। ৰদ্ধনশালাৰ তুমি হৈব৷ অধিকাৰ॥ ১৮৮৭১ মইতো জানোহে! তব যোগ্য নোছে কাজ। তুমি ৰাজা যোগ্য চাৰি সাগৰৰ মাজ॥ বৰ পাইয়া ভীমসেন বৰ ৰঙ্গে গৈলা। বিৰাট ৰাজাৰ আতিশয় প্ৰিয় ভৈলা। ১৮৮৭২ অজ্ঞাতে ৰহিল ভীম নজানিল আনে। অনস্তৰে শুনিয়োক পাঞ্চালী পয়াণে॥ খুন যে মলিন বস্ত্ৰ পিন্ধি একখানি। সধে কেশ বান্ধিলন্ত একগোট৷ বেণী॥ ১৮৮৭৩ দক্ষিণ কন্ধৰ মাজে হস্তক যে থৈলা। । ধীৰে ধীৰে নগৰীক লাগি চলি গৈলা॥ সৈৰিন্ধী স্বৰূপে চলি যান্ত একাকিনী। । সচকিতে চাহে যেন বনৰ হৰিণী। ১৮৮৭৪ । ভাল ৰূপ দেখি নগৰৰ নৰনাৰী। 1 আঞ্জৰে পাঞ্জৰে যাই তাহাঙ্ক আৱৰি॥ কেহো উপহাস্যে পুছে কেহো মনে যানে। কৈৰ হস্তে আসিলাহা যাহা কোন স্থানে। '৭৫ । কাহাৰ বোহাৰী তুমি কাহাৰ জীয়াৰী। | তোমাৰ সমান ৰূপ নতু দেখো নাৰী॥ উত্তৰ নেদন্ত তবু দুনাই দুনাই পুছে। জুমা জুমে নৰনাৰী লগৰ নুগুচে॥ ১৮৮৭৬ চক্ষুৰ লোতক ৰাখিলন্ত যত্ন কৰি। উত্তৰ দিলস্ত পাচে লজ্জ৷ পৰিহৰি। আমি দুখিনীৰ কেনে পুছহ কাহিনী। যেয়ে অন্নবস্ত্ৰ দেই ফুৰো তাকে জানি॥ ১৮৮৭৭ কিছুয়ে নাজানো আনো নানা কৰ্ম্ম মানে। তাকে শিল্পীকৰ্ম্ম কৰো জানো যত মানে॥ সেহি ৰূপ দেখি শুনি মধুৰ বচন। এহে দাসী হেন নাজানিল একোজন॥ ১৮৮৭৮ শৰীৰৰ ৰূপে যাৰ নগৰী প্ৰকাশে। তেহে কি আসিল ভাত কাপোৰৰ আশে বিৰাটমহিষী চড়ি আছয় মঞ্চত। দ্ৰৌপদীক দেখিল বাহিৰ দুৱাৰত। ১৮৮৭৯