পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যুধিষ্ঠিৰে বোলে ম‍ই ৰধিবো শল্যক। ধনঞ্জয়ে বোলে মই মাৰিৰো কৰ্ণক। এহিমতে ৰাত্ৰি অৱসানে বীগণ। সমৰক প্ৰতি কাছিলেক জনে জন॥ ২১৫৮৫ যুধিষ্ঠিৰে পয়াণ কৰিলা যেতিক্ষণ। ভীষ্ম সমে আইলা কৌৰৱৰ বীৰগণ। দুয়ো দলে আসি যেৱে দেখাদেখি ভৈল। ভীষ্মক ৰাখিয়া দুঃশাসন আগ ভৈল॥ ২১৫৮৬ অৰ্জ্জুনক চাই বীৰে ধনু আজুৰিয়া! ভল্ল দশ গোটা বাণ গুণত জুৰিয়া। প্ৰহাৰিবে চাহস্তে অৰ্জ্জুনে কোপ কৰি। কাটিলেক বাটত শৰক শৰে ধৰি॥ ২১৫৮৭ পুনৰপি শৰ জুৰি কৰন্ত সন্ধান। লঘুহাতে অৰ্জ্জুনে কাটিলা ধনখান॥ আৰ ধনু ধৰিবে নেদিলা ধনঞ্জয়। কুৰি শৰে কুমাৰৰ ভেদিল। হৃদয়। ২১৫৮৮ পলাইবাক ছল চাৱে বীৰ দুঃশাসন। বাঘে যেন জোলক দিলেক ভীমসেন। ব্যুহপথে পলায় দুঃশাসন হুয়া ভয়। পাচে পাচে খেদে বৃকোদৰ মহাশয়॥ ২১৫৮৯ সৈন্যৰ মাজত পশি থাকিলা লুকাই। ভীমসেনে বিচাৰি ফুৰিলা ঠাই ঠাই॥ লাগক নপায়া উলটিলা বৃকোদৰ। বীৰনাদ কৰিলা শৱদ ভয়ঙ্কৰ। ২১৫৯০ ধৃতৰাষ্ট্ৰে পোছে সঞ্জয়ত বাৰম্বাৰ। ভয়ঙ্কৰ বীৰনাদ কহিয়ো কাহাৰ | সঞ্জয় বদতি ৰাজা শুনা একমনে। ৰণভঙ্গে পলায় কুমাৰ দুঃশাসনে॥ ২১৫৯১ পাচে পাচে ভীমে খেদি নেই ঠাই ঠাই। সৈন্যৰ মাজত পশি থাকিলা লুকাই | লাগক নপাই ভীমে ক্ৰোধে উনমত। বীৰনাদ কৰিলেক ব্যুহৰ মুখত॥ ২১৫৯২ পলায় কৌৰৱী সেনা দশে। দিশে ছানি। মাৰিলা বিস্তৰ সৈন্য ভীমে গদা হানি মহাভাৰত দেখি ভীষ্ম অৰ্জ্জুনক তিনিশত শৰে। অন্তৰাইলা ৰথখান সৈন্যৰ ভিতৰে। ২১৫৯৩ দুনাই ভীম অৰ্জ্জুনক দিলা তিনি শৰ। পথতে কাটিলা তাক পাণ্ডুৰ কুমাৰ! প্ৰহাৰিলা বায়ুৰাণ গঙ্গাৰ তনয়। ৰাখিলা পৰ্ব্বত বাণ ৰীৰ ধনঞ্জয়॥ ২১৫৯৪ ছানিলা বৰুণ বাণ কোপে গঙ্গাস্থতে। বায়ুবাণে ধনঞ্জয় উৰুৱাইলা ভ্ৰুতে॥ হানিলেক অগ্নিবাণ ভীষ্ম কোপমনে। নিমাইলেক ধনঞ্জয় বৰুণৰ বাণে॥ ২১৫৯৫ কোপে ভীষ্ম দশন কামুৰি আড়ম্বৰে। যমদণ্ড সদৃশ ভেদিল৷ দশ শৰে। তাকো সহি অৰ্জ্জুনে হানিলা দশ বাণ। পথতে কাটিলা তাক গঙ্গাৰ নন্দন॥ ২১৫৯৬ মন্ত্ৰ সমে এক শৰ ধনঞ্জয় দিলা। মৰ্ম্মৰ্থানে ভেদি বীৰে ঢলিয়া পৰিলা। সেহিবেলা ছিদ্ৰ পাই পাণ্ডুৰ কুমাৰ। এক লক্ষ সেনা মাৰি নিলা যমঘৰ॥ ২১৫৯৭ শ্ৰুতি পাই অৰ্জ্জুনক ছয় শৰ দিলা। হৃদয়ত পৰি পিঠিভাগে সৰকিলা॥ তথাপি কটাক্ষ নাই দেখি অৰ্জ্জুনৰ। অগনি সমান ক্ৰোধ জ্বলিলা ভীষ্মৰ। ২১৫৯৮ পাঞ্চ শৰে অৰ্জ্জুনৰ ভেদিলা হৃদয়। শৰ চোটে অৰ্জ্জুনে দেখিলা তমোময়। শ্ৰুেতি পাই দশ শৰ দিলা হৃদয়ত। ৰথত পৰিল৷ ভীষ্ম ভৈলা মূৰ্চ্ছাগত॥ ২১৫৯৯ সাৰথি ৰাখিলা বহু দূৰে পলুৱাই। চেতন লভিয়া বীৰে চক্ষু মেলি চাই॥ ঘাৱ বিষে পীড়িলা গাৱত নাহি তত। অনন্তৰে ৰৰি আসি ভৈলা অস্তাগত। ২১৬. মাধৱে বোলন্ত যুদ্ধ এৰা প্ৰাণসখি। ভীষ্ম সমে সবাৰে হুয়োক দেখাদেখি। কৃষ্ণৰ বচনে বীৰে ৰহাইলেক ৰথ। চতুৰ্থ দিনৰ যুদ্ধ ভৈলা সমাপত ২১৬০১