পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰুতি পাই মহাবীৰ পাচে গঙ্গাস্থত। অৰ্জ্জুনক দিল৷ শৰ অযুত নিযুত॥ কৃষ্ণে সমে ফুটিল অনেক বীৰচয়। দেখি মহাক্ৰোধে জ্বলি গৈলা ধনঞ্জয়॥ ২১৫৫১ চাৰি শৰে চাৰি ঘোঁৰা মাৰিলা ৰথৰ। আৰু শবে সাৰথিক নিল৷ যমঘৰ। ভীষ্মৰ হৃদয় ভেদিলেক কুৰি বাণে। আন ৰথ সাৰথি যোগাইলা দুৰ্য্যোধনে। ২১৫৫২ তাতে চৰি ভীষ্ম অৰ্জ্জুনক কোপমনে। কুৰিগোটা নৰাচ হানিল৷ তেতিক্ষণে। হৃদয় ভেদিয়া পিঠিভাগে বজাই গৈলা। পীড়া পাই সম্যকে মৃতক যেন ভৈলা॥ ২১৫৫৩ ৰথত পৰিল ঢলি নাহিকে চেতন। দেখি বৃকোদৰে আগবাঢ়ি দিলা ৰণ॥ ৰখীয়া কটক যত আছিল আৱৰি। গদা কোবে মাৰিলেক পটা পিস৷ কৰি॥ ২১৫৫৪ ভীমক সন্মুখ ভৈলা গঙ্গাৰ কুমাৰ। হৃদয়ত প্ৰহাৰিল৷ অষ্টাদশ শৰ॥ গদা থৈয়া ভীমেয়ে৷ ধনুক লৈলা তুলি। দশগোটা নৰাচ হানিল৷ হুহ বুলি॥ ২১৫৫৫ থমকিলা ভীষ্ম শৰীৰত পীড়া পাই। সৈন্য মাৰি গৈলা ভীমে ব্যুহৰ বজাই। কাম্বোজৰ ৰথখান ভাঙ্গিলা কোবাই। কলিঙ্গৰ হিয়াত মাৰিল৷ কোব যাই॥ ২১৫৫৬ পাচে সবে ৰাজাগণ হুয়া একসাজ। ভীমক বেঢ়িয়া সবে পাতিলেক ৰাজ॥ কটাক্ষে! নকৰি বীৰে গহ্ কৰি যাই। দুতয় হাজাৰ সেনা মাৰিলা- কোবাই॥ ২১৫৫৭ পাচে ৰাজ৷ বিৰাট দ্ৰুপদ চেকিতান। নকুল সহদেৱ অভিমন্যু যুযুধান॥ অনুকূলে ভীমক লাগক পাইলা খেদি। ভীমসেন বজাইলা দাৰুণ ব্যূহ ভেদি॥ ২১৫৫৮ কাৰোঙ্কক দ্ৰুপদে সম্মুখ ভৈলা বলে। শৈল্যক বিৰাটে পাৰিলেক মহীতলে॥ যেনে তেনে শৈল্যে ভূমিপাৱে পলাই গৈলা। সাৰথি সহিতে ঘোঁৰা যমপুৰে গৈলা। ২১৫৫৯ ভুৰিশ্ৰৱা বীৰক সম্মুখে যুযুধান। কলিঙ্গ সাত্যকি দুয়ে৷ ভৈলা আগুৱান॥ যুধামন্যু নৃপতিৰ সম্মুখে শৃঞ্জয়। বাহলীক সম্মুখে ধৃষ্টদ্যুম্ন মহাশয়॥ ২১৫৬০ ভীষ্ম শিখণ্ডীক যুধিষ্ঠিৰ দুৰ্য্যোধনে। সহদেৱ শকুনি সম্মুখ ভৈলা ৰণে॥ সহদেৱ শকুনি যে লাগিল সমৰ। দুঃশাসন নকুল ভৈলেক বৰাবৰ। ২১৫৬১ অভিমন্যে বিকৰ্ণে লাগিলা ধৰাধৰি। প্ৰতিবিন্দু দুম্মুখে লাগিল জৰাজৰি॥ জয়দ্ৰথ শতানীক শৰে আসৰিশ। দ্ৰোণ অৰ্জ্জুনৰ শৰে চাইল৷ চতুৰ্দ্দিশ॥ ২১৫৬২ ধৃষ্টকেতু অশ্বত্থামা ভৈল ঘোৰ ৰণ। ৰথে ৰথে হাতাহাতি অস্ত্ৰে বৰিষণ॥ আনো যত ৰাজাগণ আছিলেক মানে। গাৱে গাৱে সবেয়ো মুজিলা থানে থানে॥ '৬৩ পাচে মহাবীৰ ভীষ্ম ৰাখিয়৷ সবাকে। অৰ্জ্জুনক বিমুখ কৰাইল৷ শৰজাকে। হানিয়া বৈষ্ণৱী মায়া পৰম শীতল। কৃষ্ণ-অৰ্জ্জুনৰ গাৱে শাস্ত ভৈলা বল॥ ২১৫৬৪ যুদ্ধক প্ৰৱন্ধ এৰিলেক মহাশয়। দেখি আকলিল৷ ভীষ্ম কৃষ্ণৰ আশয়॥ সূৰ্য্য অস্তগত ভৈল ৰজনী প্ৰবেশ। সবাকে শুনায়৷ মাতিলন্ত হৃষীকেশ॥ ২১৫৬৫ দিবসৰ অন্তে ৰবি ভৈলা অপ্ৰচাৰ। এতিক্ষণে সমৰ কৰিয়ো পৰিহাৰ যুদ্ধ এৰি বীৰসবে গৈলা ঘৰাঘৰি। তৃতীয় দিনৰ যুদ্ধ-থৈলস্ত সামৰি॥ ২১৫৬৬ ধনঞ্জয় নৃপতি মাধৱ বুধিষ্ঠিৰ সমৰ বিসৰ্জ্জি গৈয়৷ পশিলা বুন্দিৰ | ঋষিয়ে বোলন্ত কথা শুনা নবেম্বৰ। শয়ন কৰিল৷ নিৰন্তৰে॥ ২৭