পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৭৮ মৰিল আমাৰ মাতা আশী যে বৎসৰ। ভালে নিয়৷ বান্ধি থৈলে৷ শমীধ বৃক্ষৰ॥ আমাৰ দেশৰ কুলধৰ্ম্ম এহি নয়। হেন শুনি তোৰা যেন মুহিবি বিস্ময়॥ ১৮৮৪৬ আমাৰ দেশৰ ধৰ্ম্ম যদি নৰ মৰে। বৰিষেক বান্ধি ধৱে বৃক্ষৰ উপৰে॥ পাচে পুৰি ক্ৰিয়া কৰে প্ৰসিদ্ধি আছয়। হেন জানি কেহে। তাত নুহিবা বিস্ময়॥ ১৮৮৪৭ পাচে নগৰীৰ সমীপক লাগি গৈলা। পাঞ্চো ভাইব নাম পাচে গুপুত কৰিলা॥ যুধিষ্ঠিৰ জয়ন্ত অজয় ভীমসেন। বিজয় অৰ্জুন নকুল যে জয়সেন॥ ১৮৮৪৮ জয়দল সহদেৱ এহি পাঞ্চ নাম। দুৰ্গতিৰ বেলাত সাধিব ইষ্ট কাম। নিশা গোট বঞ্চিলন্ত বাহিৰ গ্ৰামত। নগৰক গৈলন্ত প্ৰভাত সময়ত॥ ১৮৮৪৯ যেন ৰূপে আসিলন্ত এৰিল৷ সি বেশ। আগজুৰা কৰি পাচে বান্ধিলন্ত কেশ॥ শুক্ল পুষ্প তুলসী বান্ধিল৷ আগ কৰি। সুদীৰ্ঘ তিলক শুক্ল ধুতি যে উত্তৰি॥ ১৮৮৫০ পাশৰ টোপোলা খানি লৈলন্ত কথিত। একুচি পচোৰা খানি পিন্ধি ওপৰত। সভা পাতি মৎস্যৰাজ৷ বসিয়৷ আছন্তে। যুধিষ্ঠিৰ ৰাজাক দেথিল৷ প্ৰবেশন্তে। ১৮৮৫১ নিচিনয় চন্দ্ৰ সূৰ্য্য মেঘে যেন ঢাকে। অগ্নিকে৷ নিচিনে যেন ভস্ম মাজে থাকে॥ তপ্ত হুৱৰ্ণৰ বৰ্ণ শৰীৰ জ্বলয়। চন্দ্ৰ সূৰ্য্য সমান জেউতি আতিশয়। ১৮৮৫২ পবাহাতে মৎস্যৰাজা পুছয় সঙ্কেতে। ই বিাক দেখি আছ৷ কোনেবা কহিতে॥ নোহস্ত ব্ৰাহ্মণ এহি মানো মই মনে। এহে সাৰ্ব্বভৌম ৰাজ৷ কহয় লক্ষণে॥ ১৮৮৫৩ ৰথ ধ্বজ ঘোটক নাহিকে ধনুৰ্ব্বাণ। তথাপিতো জ্বলে এহে মহেন্দ্ৰ সমান॥ মহাভাৰত এতেকতে যুধিষ্ঠিৰে পাইলন্ত সমীপ 1 হাততুলি বোলন্ত কল্যাণ হৌক নৃপ॥ ১৮৮৫৪ দৰিদ্ৰ ব্ৰাহ্মণ আমি আছো তযু থান। পালিবাহ৷ মোক নকৰিবা অৱমান | এহি শুনি মৎস্য ৰাজা ভৈলা ৰঙ্গমন। সকলে কৰিবে৷ হেন তোমাৰ বচন॥ ১৮৮৫৫ পাদ্য অৰ্থ আচমনি আসন দিলন্ত। পাচে মৎস্যৰাজ৷ হাস্য কৰি পুছিলন্ত॥ গোত্ৰ নাম কহিয়ো আছিল৷ কাৰ থান। কিব। কৰ্ম্ম কৰিবাক জানা বিদ্যমান। ১৮৮৫৬ যুধিষ্ঠিৰে কহিলন্ত মৎস্যৰ আগত। কঙ্ক হেন নাম মোৰ খ্যাত জগতত॥ শ্ৰুতিৰ ব্ৰাহ্মণ মোৰ গোত্ৰ বৈয়াস্ত্ৰপ্য। যুধিষ্ঠিৰ ৰাজাৰ আছিলো সভাসদ। ১৮৮৫৭ সাজিবাক জানোহে৷ বিচিত্ৰ পাশৰল। পাশ খেলিবাত আমি বৰহি কুশল। বিৰাটে বোলন্ত আজি মোৰ বৰ ভাগ। উত্তম পাশাল বহুকালে পাইলো লাগ॥ ১৮৯৮৫৮ পাশ খেলি সেৱিবাহা নেদেখোহো যোগ। মোৰ প্ৰিয় সখা হোৱা ভুঞ্জা সুখভোগ॥ তোমাকেসে সেৱিবেক তোমাৰ লগৰী। মই সবান্ধৱে থাকিবোহে৷ সেৱা কৰি॥ ১৮৮৫৯ যুধিষ্ঠিৰে বোলন্ত ৰাজাৰ জয় হোক। এক বৰ দিবা লোকে নিনিন্দয় মোক॥ আৰো বৰ দিয়া পাশা খেলিবাৰ ধন। কালিয়ন নকৰিবা দিব৷ তেতিক্ষণ॥ ১৮৮৬০ সমাজক শুনাই ৰাজা বুলিল বচন। কঙ্কৰ বিপ্ৰিয় কৰ্ম্ম কৰে যিবাজন। ব্ৰাহ্মণকো নিকালিবো আনক কাটিবো। যাৰ বাহুবল হুই তাকো সবে দিবো। ১৮৮৬১ বাহিৰৰ ভিতৰৰ দিবো অধিকাৰ। একোথানে নধৰিবে৷ তোমাৰ দুৱাৰ॥ পাচে সুপকাৰ ৰূপ ধৰি বৃকোদৰ। সন্নাহ কৱচ ধৰিলন্ত বাম কৰ॥ ১৮৮৬২