পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আন বথ যোগাইলন্ত দুৰ্য্যোধন ৰায়। তাহাত চৰিয়া ভীষ্ম লৰিলা জুনাই। ২১৫১৩ অনন্তৰে ৰণভূমি সম্মুখে ভীষ্মৰ। বিপ্ৰৰূপে ৰূপটে আসিল৷ পুৰন্দৰ॥ কপট ব্ৰাহ্মণে বোলে শুনা মহাশয়। মহাভাৰতৰ যুদ্ধ কৃষ্ণৰ বিজয়॥ ২১৫১৪ ধৰ্ম্মভূমি কৃষ্ণক্ষেত্ৰে মহ৷ পুণ্য থান। মাগোছো তোমাত মোক দিয়ে। মহাদান॥ দিয়৷ মোক সত্বৰে কৰিয়ে৷ অঙ্গীকাৰ। হেন শুনি মাতিলন্ত গঙ্গাৰ কুমাৰ। ২১৫১৫ বিশেষ ব্ৰাহ্মণ তুমি আইলা বৰ ভাগে। খুজিয়োক সত্বৰে তোমাক যেহি লাগে। অৱশ্যেকে দিবে৷ তাক নাহিকে বিফল। কপট ব্ৰাহ্মণে বোলে শুনা মহাবল॥ ২১৫১৬ মোৰ মনোৰথ যথ৷ হৈবেক নিশ্চয়। জানিলো তোমাত পৰে দাতা নাহিকয়॥ এৱে মোৰ কামনা বাঞ্ছিত শুনিয়োক। ধ্বজে সমে তূণৰ কৱচ দিয়ে৷ মোক॥ ২১৫১৭ শুনি ভীষ্ম তাৰক্ষণে নকৰি ওজৰ। দিলস্ত কৱচখান ধ্বঙ্গ ময়ূৰৰ। ধ্বজ লৈয়া বাসৱে বিমানে আৰোহিলা। হতবল ভীষ্মৰ অৰ্জ্জুনে আকলিলা। ২১৫১৮ গাণ্ডীৱত লগাই গুণ কৰিল৷ টঙ্কাৰ। হৃদয় চমকি গৈলা কৌৰৱী সেনাৰ ভীষ্মৰ সন্মুখ ভৈল৷ পাণ্ডুৰ নন্দনে। গগন ঢাকিয়া মাতিলন্ত দেৱগণে॥ ২১৫১৯ হেন কৃষ্ণ ধনঞ্জয় নৰনাৰায়ণ। আমাৰ লগৰ বহু গঙ্গাৰ নন্দন॥ স্বৰূপত ভীষ্মৰ কেৱলে দোষ নাই। অঘটন ঘটে হেন ঈশ্বৰ ইচ্ছাই | ২১৫২০ দেৱতাৰ বচন শাঁ জয় জয়। যুদ্ধ এৰি ঊৰ্দ্ধক চাহিল বীৰচয় || গগন মণ্ডল ঢাকি আছে দেৱগণ। সবাৰে মধ্যন্ত স্পষ্টশন ২১৫২১ বহুগুণে বোলস্ত ভীষ্মৰ মুখ চাই। সত্বৰে আসিয়ো বিলম্বক মুঘুৱাই॥ বশিষ্ঠৰ বচন পালিয়া চিৰকাল। আমাৰ পাশক সবে আসিয়ো সকাল॥ ২১৫২২ মহাভাৰতৰ যুদ্ধ সাধিয়া বিজয়। আমাৰ সঙ্গক প্ৰতি আসিয়ো নিশ্চয়॥ এতেক বুলিয়া সবে দেৱতাসকলে। প্ৰৱেশি থাকিল৷ সবে গগন মগুলে॥ ২১৫২৩ শুনি সবে বিস্ময় লভিলা বীগণ। নিশ্চয় জানিলা বীৰে অ'পোন মৰণ॥ প্ৰণাম কৰিল বীৰে কৃষ্ণৰ চৰণে। জুনাই জুনাই প্ৰণামিল। মধু বচনে। ২১৫২৪ অৰ্জ্জুনেয়ে৷ ভীষ্মক – ৰিল নস্কৰ। সাধু সাধু প্ৰশংসা কৰিল বাৰম্বাৰ || এতহস্তে ৰবি আসি ভৈলা অগত। | দ্বিতীয় দিনৰ যুদ্ধ কৰি সমাপত॥ ২১৫২৫ সমৰ আপেক্ষি সব বীৰ নিৰন্তৰে। মাতামাতি কৰি সৰে প্ৰৱেশিল৷ ঘৰে। শুন৷ সভাসদ পদ থিৰ কৰি মন। হৰি ভজিবাক প্ৰতি কৰিয়ো যতন। ২১৫২৬ হৰিসে হৰম্ভ সংসাৰৰ যত ভয়। হৰি বিনে হিত সিল্কি আনত নহয় || হৰি বিনে যতেক দেৱতা আছে মানে। নোৱাৰে কৰিবে সিন্ধি তীৰ্থ ব্ৰত দানে॥ কলিযুগে নাহি গতি বিনে হৰিনাম। গুণে অনিৰুদ্ধে সবে বোলা ৰাম ৰাম॥ ২১৫২৭ যুধিষ্টিৰাদিৰ মৰা সৈঞ্চৰ লেখ সঞ্চৰ গমনে পশিলা নিজ ওৱাৰি। স্বকি স্বকি থানে ১৪৫৭ যত বীৱগণে বসিয়া আসনে সম্ভাষয় শাখী শাৰী!