পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তোগ পৰ্ব্ব দ্ৰোণ শিষ্য মহেশৰ অস্ত্ৰ আছে৷ পাই। তূণত গাণ্ডীৱ ধৰ্ম্ম অচ্ছেদ্য সদায়॥ দেৱালুৰ নৰ যাৰ শৱদতে ভাগে। কিমতে বুলিবো কৌৰৱত ভয় লাগে॥ ২১১৮১ কুম্ভীৰ গৰ্ভত বাসৱৰ বীৰ্য্যে জাত। অগ্নিদত্ত চাৰি ঘোঁৰ৷ পৱন সাক্ষাত॥ যাহাৰ অক্ষয় তৃণ নাহি ক্ষয় ব্যয়। যাৰ শৰে কালকুঞ্জগণৰ প্ৰলয়॥ ২১১৮২ ক্ষুদ্ৰ সম কুৰু সৈন্যগণ মোৰ আগে। কিমতে বুলিবে৷ সমৰক ভয় লাগে। যিটে৷ ভীষ্মে জগত জিনিলে অপ্ৰয়াসে। পশু ৰাম হাৰিয়৷ পলাইল যাৰ ত্ৰাসে॥ ২১১৮৩ ত্ৰিভুৱনে পৰাক্ৰমী গুৰু দ্ৰোণ ৰূপ। একে৷ বীৰে জিনিবাক পাৰে জম্বুদ্বীপ। লক্ষ লক্ষ নৃপতিসকল যাৰ পাশে। তাহাক জিনিবে ইটে৷ শৃগালৰ আশে॥ ২১১৮৪ এভো বোলো পাপী তোক যুদ্ধক নলাগে। গৃহক ফিৰিয়া চল মুহি থাক লাগে। হেন শুনি ৰুক্মবীৰ নৰহিল তথা। চলি গৈলা পাচে দুৰ্য্যোধন আছে যথা॥ ২১১৮৫ সাগৰ সঙ্কাশ সিটো সৈন্যগণ লই। দুৰ্য্যোধন নৃপতিক বচন বোলয় Sto ১৪৩৬ কক্মবীৰ বদতি শুনিয়ো দুৰ্য্যোধন। পাণ্ডৱত ভয়ে মোত পপিয়ো শৰণ॥ ২১১৮৬ এতিক্ষণে দিবে৷ সবে পাণ্ডৱক মাৰি। সকলে পৃথিৱী পাইবা অকণ্টকা কৰি। শুনি শুনি আছে ৰাজাগণ নিৰন্তৰে। মহাখঙ্গে মাতিলেক গঙ্গাৰ কুমাৰে৷ ২১১৮৭ বৃদ্ধ ভৈলো ক্ষত্ৰিয় কৰ্ম্ম কৰি বিপৰীত। আৱে যুদ্ধযজ্ঞ আসি ভৈল উপস্থিত। মহাবীৰ ক্ষত্ৰিগণে বাঞ্ছিয়ো নপায়। ভয় হৈবে৷ কিমতে বুলিবো তোৰ ঠাই। ২১১৮৮ যিটে। বীৰ ধনঞ্জয় জগততে সাৰ। অধুত হস্তীৰ বল ভীম অনিৰ্বাৰ তাহাকে৷ জিনিবে ইটো বুদ্ধি বালেকৰ। দুৰাচাৰ পাপী ঐৰ সত্বৰে অন্তৰ। ২১১৮৯ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। কক্মবীৰে নিকৎসাস ভৈলা দুয়ো ঠাই। ফিৰিয়া নগৈল৷ ৰাজা আপুনাৰ ঘৰ। সেনাগণ সমে তৈত চাহিল সমৰ॥ ২১১৯০ কলিত নামেসে কৰে পাতকৰ ত্ৰাস। নামৰ নাহিকে জানা কহিতো বিনাশ॥ হেন জানি যতনে তেজিয়ে| আন কাম। নিৰস্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ২১১৯১ উদ্যোগ পৰ্ব সমাপ্ত