পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5880 বিমঙ্গল দেখি ভীষ্মে গুণয় মনত। ইটো ঘোৰ সমৰে সবংশে হৈবো হত। ২১১৩০ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। ধৃতৰাষ্ট্ৰ ৰাজা যাই তথাতে আছয় ভিন্ন গৃহ কৰি কুক্ষেত্ৰে গৈয়া তথা। ৰাত্ৰি দিনে শুনে কুষ্ণ পাণ্ডৱৰ কথা॥ ২১১৩১ কৌৰৱৰ যদি ভীষ্ম সেনাপতি ভৈলা। দশোদিশে ৰোলেক শব্দ উঠি গৈলা॥ হস্তীগণে দিলা সবে দশন আস্ফাল। শুনি সবে প্ৰজাৰ কৰ্ণত মাৰে তাল॥৷ ২১১৩২ সঞ্জয়ত পুছে ধৃতৰাষ্ট্ৰ মহীপাল। শুনিলো সঞ্জয় ইটো কিসৰ খঞ্চাল॥ দশো দিশে শুনি কিয় আনন্দ বজায়। নানা বাদ্য ভঙে মোৰ কৰ্ণ ফাটি যায়। ২১১৩৩ সঞ্জয় বদতি কথা শুনা নৰপতি। দুৰ্য্যোধনে ভীষ্মক পাতিল৷ সেনাপতি॥ তুম্বুল নিশান বাঘ ভণ্ড শুনা মানে। সৈন্যৰ মোহলা ভীষ্মে কৰন্ত আপুনে। ২১১৩৪ প্ৰথমতে শুনা ৰাজ৷ শঙ্খধ্বনি গোট। অসংখ্য দুন্দুভি মত্ত হস্তীৰ আস্ফোট। অনন্তৰে শুনা ৰাজা কাহালিৰ ধ্বনি। ভেৰী বাঘ ভণ্ডে মাত থিতাতে নুশুনি৷ '৩৫ বিন্দ অনুবিন্দ ৰাজা অৱন্তী দেশৰ। সৈন্যৰ মোহল| দিল৷ দুয়ো মহাবীৰ। তাকো বস্ত্ৰ অলঙ্কাৰ দিলা ভাল চাই। ফিৰি গৈলা বিন্দ অনুবিন্দ দুয়ে| ভাই। ২১১৩৬ দুন্দুভিৰ বাদ্য ৰাজা শুনা অনস্তৰে। হুদক্ষিণ নামে ৰাজা কঋেজ দেশৰে ভূমি টলবল কৰে সৈন্যৰ আস্ফাল। মোহলাক দিলন্ত কম্বোজ মহীপাল॥ ২১১৩৭ ভীষ্মেও দিলন্ত তাক বহু ৰত্ন ধন। বৃদ্ধ ৰাজা বুলি তাক দিলা আলিঙ্গন | অনন্তৰে শুনা ৰাজা হস্তীৰ আস্ফাল। সীমা সংখ্যা নাই পদাতিৰ কোলাহল॥ ২১১৩৮ মহাভাৰত ৰথ গঞ্জ বাজী সবে অসংখ্য পদাতি। ভীষ্মক মোহলা দিল৷ জৈন্য নৰপতি॥ তাহাৰ সৈন্যক ভীষ্মে লেখিলে, যত। গাৱে গাৱে বস্ত্ৰ অলঙ্কাৰ দিল৷ তত। ২১১৩৯ দেখি যদুপুত্ৰৰ ৰঙ্গৰ সীমা নাই। শৈল্যৰাজা ফিৰি গৈলা পৃথিবী কম্পাই॥ বেঢ়ি যায় চৌৰাশী হাজাৰ হস্তী পালে। সবে চতুৰ্দ্দন্ত বীৰ্ঘণ্টা জ্বলে গলে॥ ২১১৪০ বীৰৰ আৰাৰ দুয়ো কৰ্ণে মাৰে তাল। মোহলা দিলেক ভগদত্ত মহীপাল॥ অৱল৷ বৃষক ৰাজা সৌৰাষ্ট্ৰত থিত। ধনুৰ টঙ্কাৰ তাৰ শুনি বিপৰীত॥ ২১১৪১ মোহল৷ দিলেক গই ভীষ্মৰ আগত। দেখি ভীষ্মে দিলা বস্তু অলঙ্কাৰ যত॥ পলাশৰ পুত্ৰ শ্ৰুতায়ুধ নৰপতি। দ্ৰোণে কূপে এসন্বেয়ে! মোহলা দিলন্তি॥২১১৪২ এহিমতে মোহলা কৰিলা সেনাচয়। ৰাত্ৰি দিনে অবিচ্ছেদে সীমা নাহিকয় | মাহেশ্বতপুৰে থিত লীলা মহাৰায়। ভীষ্মক মোহলা দিলা সৈন্য সমে যায়। ২১১৪৩ তৃণ বন ছিণ্ডি সবে ধূলা উৰি গৈল। বিগত প্ৰমাণ বহুমতী খাল ভৈল। জয়দ্ৰথ হুশৰ্ম্মা সহিতে মহাৰথী। বহুমিত্ৰ আদি কৰি যতেক নৃপতি॥ ২১১৪৪ সংক্ষেপ পয়াৰে তাক কহিবেক কোনে। কহে ৰাম সৰস্বতী কৃষ্ণৰ চৰণে॥ এহিমতে যদ্যপি মোহলা সাঙ্গ ভৈল। তধু তনয়ক ভীষ্মে মাতিবাক লৈল॥ ২১১৪৫ ভীষ্মে বোলে বাপু শুনিয়োক দুৰ্য্যোধন। মোহলা কৰিলো মই তযু সেনাগণ | অল্প পৰাক্ৰমী হীন এৰি সেনাচয়। বলৱন্ত বাছি বাছি তবু সেনা হয়॥ ২১১৪৬ একাদশ অক্ষৌহিণী লেখিলোঁহো যত। মহা পৰাক্ৰমী সিটো যুদ্ধত শত। 1