পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ভোগ পৰ্ব্ব বিছুৰ দুৰ্জ্জন গুচো দেশৰ নিকালি। কুশলে থাকিৰা বাপু পাত্ৰ মন্ত্ৰী মিলি॥ ২১০৭৯ এহি বুলি বিদুৰ উঠিল৷ আসনৰে। ধৃতৰাষ্ট্ৰ ৰাজাক নমিলা জানুশিৰে॥ তনয়ক ভয়ে ৰাজা নেদিলা উত্তৰ। ধাৰাসাৰে লোতক বহবে নয়নৰ॥ ২১০৮০ তথা হস্তে উঠি যাই নমিলা ভীষ্মক। দেখি ভীষ্মে উঠি সাবটিলা বিছুৰক॥ কান্দন্তে কান্দম্ভে পাচে দিল। সমিধান। কৈক তেজি যাহা যে বিদুৰ মোৰ প্ৰাণ॥ বিছুৰ বদতি পিতৃ পালিলা পুষিলা। লুব্জিবে নপাৰে৷ স্নেহ যতেক কৰিলা। ইজন্মক লাগি মই দেখিলো নয়নে। বিদায় কৰিলে৷ প্ৰভু তোমাৰ চৰণে॥ ২১০৮২ শুনি সমজ্যাৰে বৰ উঠিল ক্ৰন্দন। দ্ৰোণেয়ে৷ কান্দস্ত ধৰি নসহয় মন। অভ্যন্তৰে নাৰীৰ ক্ৰন্দন বৰ ভৈলা। মহাশোকে গান্ধাৰীয়ে৷ কান্দিবাক লৈলা॥ ৮৩ বিদুৰ বিয়োগ দুখে অনেক কান্দিলা। তথা হস্তে উঠি যাই দ্ৰোণক নমিলা॥ বিছুৰে তেজন্ত দেখি ফুটি যায় প্ৰাণ। কান্দন্তে ৰহিল৷ দ্ৰোণে নেদি সমিধান॥ ২১০৮৪ গান্ধাৰী সহিতে ভিতৰত যত নাৰী। কান্দন্তে বেঢ়িলে বিদুৰক শাৰী শাৰী॥ বিদুৰৰ মুখ চাহি বোলে নাৰীগণে। কি দোষে ইহাঙ্ক খেদে ৰাজা দুৰ্যোধনে॥ ৮৫ ধৃতৰাষ্ট্ৰ নৃপতিৰ প্ৰাণে এৰে সৰি। আঙ্ক খেদি নৃপতি জীৱন্ত কেনে কৰি॥ নভৈল সুবুদ্ধি ইটো দুৰ্য্যোধন পাপ। পাণ্ডৱক খেদি দিলা হৃদয়ে সস্তাপ॥ ২১০৮৬ ধৃতৰাষ্ট্ৰ নৃপতিৰ বিছুৰেলে আসি। আঙ্ক খেদে বুদ্ধগণে আছে কিবা দেখি। আজিলে শ্মশান ভৈল আমাৰ নগৰী। কি দেখিয়া লোকে স্বদিবেক ইটো পুৰী॥ ৮৭ এহি বুলি লোকে শোক কৰে নিৰন্তৰ সেহি বেলা গাৱ চলি উঠিলা বিছৰ। ৰাহুদীক কৃপক অশ্বত্থামাক আশ্বাসি। কৰযোৰে সমজ্যাগণব মুখ চাহি॥ ২১০৮৮ সকলে সমাজে কান্দে আৰ্ত্তবাৱে শোকে। খানিতেক বহু নেত্ৰভৰি দেখো তোকে | সমৰত হৈবে জানে৷ আমাৰ মৰণ। ১৪২৭ ইজন্মক লাগি দেখো তোমাৰ বদন। ২১০৮৯ ৰহু বহু বুলি প্ৰজাগণে পাৰে গেৰি। হেন দেখি বিহুৰে মনত দুখ কৰি॥ পাচে পশিলন্ত গৈয়া আপুন ভৱন। সি থানত কুন্তী যাই ভৈলা দৰিশন॥ ২১০৯০ মহাশোকে বিদুৰে কহিবে নপাৰন্ত। হেন দেখি কুম্ভী বিছুৰত পুছিলন্ত॥ আজি দেখো বাপু তুমি সত্বৰে আসিলা। ৰাজ-সমাজত কিবা অৰ্থান্তৰ ভৈলা॥ ২১০৯১' কি কাৰ্য্য মিলিল আজি সভাৰ ভিতৰ। কি পুছিলে ৰাজা যোত কহিয়ো সত্বৰ॥ কি কাৰণে কান্দাহা নয়নে বহে জল। শুনিয়া বিহুৰে কথা কহিলা সকল॥ ২১০৯২ দেশৰ ডাকিয়৷ মোক খেদে দুৰ্য্যোধনে। বিদায় কৰিলে৷ মাৱ তোমাৰ চৰণে ইজন্মক লাগি মাৱ দেখা দেখি যাই। কুন্তী বোলে বাপু যে থাকিয়ো এহি ঠাই॥ '৯৩ সমৰত সংহৰিবে যত কুবীৰ। হস্তিনাপুৰত ৰাজ৷ হৈবা যুধিষ্ঠিৰ॥ এহি বুলি কুন্তীৰ সজল নেত্ৰ ভৈলা। মহাদুখে গোসানীয়ে কান্দিবাক লৈল৷॥ ২১০৯৪ পুত্ৰৰ সত্তাপে মোৰ দণ্ডে যুগ যায়। আছিলোঁহো বাপু মই তোৰে মুখ চাই॥ তয়ে৷ মোক এৰি যাস কোন থান প্ৰতি। এবেসে মৰিলো মই তৈলো অনাথিতি॥২১০৯৫ পুত্ৰখণে এৰি গৈল কৌৰৱে দেখস্তে। সিটো দুখ পাসৰিলো তোমাক দেখৰে।