পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনা সভাসদ ‘তেজিয়ে৷ প্ৰমাদ বৈকুণ্ঠক যাৰ মন। আপুনিয়ো তৰা পুৰুষ উদ্ধাৰা বোলা ৰাম নাৰায়ণ॥ ২১০৪৬ কৌৰৱৰ যুদ্ধ আয়োজন আৰু বিহুৰ নিৰ্বাসন উভোগ পৰ্ব্ব বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। সমৰক মনে ৰহিলেক যুধিষ্ঠিৰ॥ ধৰ্ম্মে বোলে ৰাজাগণ হুয়া সাৱধান। সমৰ ভূমিত ৰহিবাহা সৰ্ববজন॥ ২১০৪৭ চৰ মুখে ৰাজ৷ দুৰ্য্যোধনে বাৰ্ত্তা পাইল। তেতিক্ষণে ৰাজাগণ মতায়৷ অনাইল॥ কৰ্ণ দুঃশাসন যে শকুনি আদি যত। ভীষ্ম দ্ৰোণ সমস্তে বসিলা সমাজত॥ ২১০৪৮ মধ্যে ধৃতৰাষ্ট্ৰ ৰালা প্ৰকাশন্ত আতি। সমীপে বিছৰ আচ্ছা ব্যাসৰ সস্তুতি॥ আনো অসংখ্যাত ৰাজা বেঢ়িছে সভাক। সবাকো সম্বুধি ছুৰ্যোধনে বোলে যাক। ২১০৪৯ দুৰ্য্যোধন বদতি শুনিয়ে৷ ৰাজাগণ। পাণ্ডৱ আসিলা শুনে৷ সমৰক মন অসংখ্যাত ৰাজাগণ প্ৰৱল বুজাৰ। চৰগণে দেখি খেদি আসিল আমাৰ॥ ২১০৫০ সমদলে দিশ জুৰি কুৰুক্ষেত্ৰে চাপি। ৰণভূমি কৰি তাত ৰহিলা বিয়াপি যত মহাৰীৰ আছে বৃকোদৰ আৰি। নকুল সহদেৰ ধনঞ্জয় প্ৰাণ বৈৰী॥ ২১০৫১ তথাপিতো অনুমাত্ৰো নকৰিবা ভয়। জাণ্টে কুৰুক্ষেত্ৰক চলায়ো সেনাচয়॥ আগ হুয়া চলা মোৰ ভ্ৰাতৃ দুঃশাসন। কুৰুক্ষেত্ৰে গৃহ সজাহোক বিতোপন। ২১০৫২ উত্তম দিবসে ফালি সবে বাইবো জমি। বৈৰী বিনাশিলে পাইবো অষ্টকা ভূমি। বাহুবলে পিতামহে'। দ্ৰোণৰ বীৰত্ব মৰাছৰে। ২১-৫৩ ত্ৰিভুৱনে পৰাক্ৰমী কৰ্ণ মহাবল। সমৰক মনে সমদলে কাৰ্লি চল॥ বৈশম্পায়ন বদতি শুনিয়ে জন্মেজয়। এহি বুলি দুৰ্য্যোধন ৰাজ! আদেশয়॥ ২১০৫৪ শুনি ধৃতৰাষ্ট্ৰৰ যুদ্ধক মন ভৈলা। বিছুৰক মাতি ৰাজা বুলিবাক লৈলা॥ ধৃতৰাষ্ট্ৰে বোলে বাপু শুনিয়ো বিছুৰ। নানাবিধ যুদ্ধ তই জানস প্ৰচুৰ॥ ২১০৫৫ দেৱতাৰ অসুৰৰ যুদ্ধক জানস। যিমতে যুজয় যক্ষ গন্ধৰ্ব্ব ৰাক্ষস যিমতে পিশাচে যুজে গুহ্যকসকল। কৌৰৱক তাকে শিখায়োক মহাবল॥ ২১০৫৬ সমৰক চলি যাউক কহিয়ো মন্ত্ৰণা। পাণ্ডৱক জিমিতে উপায় যদি জানা॥ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। হেন শুনি মহাশোক ভৈল বিদুৰৰ॥ ২১০৫৭ চাই চাই আছে যত লোক সমজ্যাৰ। নকান্দতে বিছুৰৰ বহে লোহ-ধাৰ॥ মনত বোলস্ত কিনো অদভুত হৰি। কৌৰৱক মায়ায়ে বান্ধিলে দৃঢ় কৰি॥ ২১০৫৮ মুহিবা কৃষ্ণৰ বল সাক্ষাততে দেখি। তথাপিতো কি কাৰণে খাইলে দুই আখি | কালে আসিলেক পাপী কৌৰৱসকল। দেখিও নেদেখে পাপী মাধৱৰ বল॥ ২১০৫৯ জানিলোহে৷ সমস্ত কৌৰৱ হৈবে ক্ষয়। ইহাক স্মৰন্তে মোৰ নিদ্ৰ৷ নিৰ্মিলয় | এহি বুলি নিশ্বাস তেজিলা অনন্তৰে। ধৃতৰাষ্ট্ৰ ৰাজাক মাতিল৷ ধীৰে ধীৰে॥ ২১০৬০ শুনা দদা শুভ যদি ইচ্ছা কৰা মনে। প্ৰাণে যদি জীৱা সবান্ধৱে কুদ্গণে॥ তযু ঘোৰ অপৰাধ আছ৷ ৰাট চাই। এভো পাওৱক ৰাজ্য দিবাক খুৱাই॥ ২১০৬১ আৰো এক কথা কহো শুনিয়োঁ যুগুভি। তাৱে ৰাজ্য দিবে নপাৰিবা হাতি॥