পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰ সি বেলাত তাক দিলো আমিয়ো বুজায়। লাভ দেখি তৈসানি তোহোৰ মন যায় ॥ 20994 এবে শোক কৰি কিয় হৱস আকুল। দুৰ্য্যোধন অনৰ্থৰ তই মাত্ৰ মূল ॥ অদ্যাপিয়ে৷ ৰাজা যদি দেস ৰাজ্য আদ। তেৱে কি কাৰণে হৈবে বংশত বিবাদ ॥ ২০৭৭৫ বিষদান কৈলি আনো জোহ যত যত । গুণাকৰ পাগুৱে যে সহিলা সমস্ত ॥ ইবাৰৰ দ্রোহ পুনু সহন নযায়। যেন কঙ্কালত কোব সৰ্পে আছে পাই ৷৷ ২০৭৭৬ সভামাজে যত কৰি আছয় বিপত্তি। নিতে নিতে ভীমক যে স্মৰাৱে দ্রৌপদী ॥ এবে যদি বৃকোদৰে গদা ধৰি দাঙ্গি। শতেক শৃগাল পাপী কৌৰৱক লাগি ৷ ২০৭৭৭ সিবেলাত তোৰ৷ সেহি পাশটিক হান। আতপৰে উপায় নেদেখো মই আন ৷৷ এবে কি কাৰণে শোক কৰ তই অন্ধ। জল বহি গৈলে কি কৰিবে সেতুবন্ধ ॥ ২০৭৭৮ নাহি তোত ৰাজনীতি নজানস ধৰ্ম্ম । সি কাৰণে পাপী তোৰ নুগুচয় মৰ্ম্ম ॥ ইদানিক ৰাজা ৰাজনীতি ধৰ্ম্ম শুনি। কোন শত্রু মিত্র চিনা হুয়োক আপুনি ॥ ’৭৯ ৰাজনীতি শুনি চিন শত্রু মিত্র কোন। কাক পৰ বুলি কাক বুলিয়া আপুন ৷৷ কাক হিত মন্ত্ৰী বুলি পাত্ৰ বুলি কাক। বিদুৰত পুছ ৰাজা ইসব কথাক ৷৷ ২০৭৮০ বিছৰৰ দ্বাৰা ৰাজনীতি কখন বৈশম্পায়ন বদনি শুনিয়ো নৰেশ্বৰ। এহি বুলি মৌন ভৈলা গঙ্গাৰ কুমাৰ ৷৷ শুনি কৌতুহল ধৃতৰাষ্ট্ৰ নৰপতি । ৰাজনীতি পুছিলন্ত বিপুৰক মাতি ॥ ২০৭৮১ শুনিয়ে৷ বিছৰ বাপ মোৰ প্ৰাণ ভাই । ৰাজনীতি ধৰ্ম্ম মোত কহিয়ো বুজাই ॥ হেনবা হুথিৰ হৱে আমাৰ মনত । কহিয়োক মোত ৰাজনীতি ধৰ্ম্ম যত ॥ ২০৭৮২ বিদুৰ দতি দদ৷ পৰম শোভন। প্রথমত শুনা কহে৷ ৰাজাৰ লক্ষণ ॥ মহাশান্ত শিষ্ট ৰাজা হৈবে ধৰ্ম্মনীতি। প্রজাকো বিবিধ ধৰ্ম্ম শিখাইৰে সম্প্ৰতি ॥ ৮৩ নৃপতিৰ অসত্য বোলন্তে বৰ দোষ। শুনি আই বহুমতী কৰে অসন্তোষ ॥ দুৰ্গম থানত গাত কৰিবে বিস্তৰ। যিটোজন হোৱে বুদ্ধিমন্ত নৰেশ্বৰ ৷ ২০৭৮৪ তাতে ধনধান্যসব থৈবেক ভৰাই । আপদ বেলাত যেন বঞ্চিবাক পায় । বিচক্ষণ নৃপতি বিচাৰি গুণগণ । বিচাৰিবে যত ভৃত্যগণৰ লক্ষণ ৷৷ ২০৭৮৫ নিজ কাৰ্য্যে সাধিবাক কতো ভৃত্যচয় । শত্রু জিনিবাক মনে ৰাজাক সেৱয় ॥ অন্যায়ে সন্যায়ে কৰে ধন উপাৰ্জন । চিনিবে সামান্য সিটো ভৃত্যৰ লক্ষণ ॥ ২০৭৮৬ নৃপতিত হন্তে ঐশ্বৰ্য্যক আশা কৰে। গ্রাম ভূমি আশায়ে সেৱয় যিটো নৰে ৷ ফুৰয় লোকত নিজ ঐশ্বৰ্য্য দেখাই। চিনিবেক মধ্যম সেৱক মহাৰায় | ২০৭৮৭ নৃপতিত সেৱা যিটো কৰে ৰঙ্গমনে । পতিব্ৰতা নাৰী যেন স্বামীৰ চৰণে ॥ শত ধন পাইলে' তাক নকৰে আদৰ। নৃপতিৰ কৰ্ম্মত প্ৰৱৰ্তে নিৰন্তৰ ॥ ২০৭৮৮ নৃপতিত বিনে পিতৃ মাতৃকো নচার । সিঙ্গন উত্তম ভৃত্য জান৷ মহাৰায় ৪ যদি ভ্ৰাতৃ ভাগিন বা সুহৃদ সম্প্রতি। ৰাজাৰ কুশল নবাঞ্চিবে দিনে ৰাতি ॥ ২০৭৮৯ তাকে বুলি শত্ৰু যেন ৰোগ শৰীৰৰ । যাহাকে তেজিলে সুখে থাকে কলেৱৰ ! যাপি পৰম পুত্ৰ মহা হিতকাৰী। কায়বাক্যমনে যিটো হিতক আচৰি ৷ ২০৭৯০