পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ভোগ পব আপুন মাতৃৰ গৃহে ভিক্ষা মাগি খাই। তথাপিতো লাজ নাহি আপুন বৰাই। ২০৬৬৪ যদি পিতৃ মাতৃ তুল্য তোলে চিৰকাল। তথাপিতো পৰৰ গৃহত নাহি ভাল। পৰগৃহে দুখ অপমান নিৰন্তৰ। মনে গুণি আমাতে লৈয়োক পটন্তৰ॥ ২০৬৬৫ পিতৃ নিয়৷ আমাক থৈলেক গোকুলত। শুনিয়ো নন্দৰ গৃহে মোৰ দুখ যত॥ অপুত্ৰিণী যশোদা আমাক পুত্ৰ পাই। নকৰিলে দায়৷ অনুবন্ধ কিছে! নাই॥২০৬৬৬ পৰৰ পুত্ৰত কিবা পৰে কৰে শোক। পঞ্চ বৎসৰতে ধেনু চৰাইলেক মোক॥ কতেক কহিবে৷ মই যাতনা দুৰ্ঘোৰ। গোপীগণ বেঢ়ি ধৰিলেক দধিচোৰ॥ ২০৬৬৭ তথাপি নেৰাইলে৷ মই লৱৰি পলাই। ধৰি আনি আমাক বান্ধিলে পাচে আই॥ গৰুপথ৷ আনি দিলে গোৱালীসকলে। উড়ু খলে বান্ধিলেক শৰীৰৰ বলে॥ ২০৬৬৮ কতো সব দুৰ্জ্জন গোৱাল যত যত। অপবাদ দেই নাৰীগণৰ সঙ্গত॥ আপুনাৰ নাৰীক আমাৰ সঙ্গে বোলে। শুনিলেক পিতৃ মাতৃ গিয়াতিসকলে॥ ২০৬৬৯ কতো জনে ভাল বোলে কতো বোলে মন্দ। কত কত গোৱালে আমাকে কৰে ঘদ॥ হেন কথা শুনিয়া পৰম লজ্জা ভৈলো। পাচে ৰোষ কৰি মই মথুৰাক গৈলো॥ ২০৬৭০ তথাত দুৰ্জ্জন কংস মোৰ প্ৰাণবৈৰী। পিতৃগৃহে গৈলো কংস মাতুলক মাৰি॥ তাসম্বাৰ আদৰত আছে৷ এত কাল! উগ্ৰসেন ৰাজাক পাতিয়া মহীপাল॥ ২০৬৭১ হেন জানি আমাৰ বচনে মহাবীৰ। এতিক্ষণে চলা যুধিষ্ঠিৰৰ মন্দিৰ॥ কুম্ভীৰ প্ৰথম পুত্ৰ বৰ পাণ্ডৱত। শুনিৱন্ত যুধিষ্ঠিৰে আমাৰ মুখত॥ ২০৬৭২ ১৪*১ যুধিষ্ঠিৰে শুনি হেন বচন আমাৰ। আগবাঢ়ি তোমাক কৰিবে নমস্কাৰ!! যুধিষ্ঠিৰে চাৰি ভাই সহিত তোমাক। ৰাজা পাতি অনেক বুলিৰে প্ৰিয় বাক॥ ২০৬৭৩ কৰ্ণে বোলে ভাল প্ৰভু বুলিলা আপুনি। ইটো কথা আমাৰ মনত আছো গুণি॥ দুৰ্য্যোধন সহিতে আলোচি বিপৰীত। যত দুখ পাণ্ডৱক দিছে। প্ৰতিনিত॥ ২০৬৭৪ দুৰ্য্যোধন নাম মাত্ৰ মই মূল ঘাই। পাণ্ডৱক কৰি আছে৷ যতেক বিলাই॥ যত মানে বয়স মনত পৰে ভালে। পাণ্ডৱক হিংসাত গৈলেক এত কালে॥ ২০৬৭৫ সভামাজে দ্ৰৌপদীৰ সুমৰি বিলাই। কোন মুখে যাইবে৷ মই পাণ্ডৱৰ ঠাই॥ হুই মুই প্ৰভু তুমি গুণি চাৱা লাগে। পাওৱে সহিতে দদ ইজন্মে নভাগে॥ ২০৬৭৬ আৰো তাসম্বাৰ ৰাজ্যে হুইবো মহীপাল। আত কৰি প্ৰভু মোৰ মৰণেসে ভাল॥ কুম্ভীৰে৷ আমাক স্নেহ মুহি অনুৰাগে। মৰিল বুলিয়া মোক এৰি আছে আগে॥ ২০৬৭৭ কুম্ভী উপাজ্জিলে তুলিলেক ৰাধা আই। অঙ্গীকাৰ কৰি আছে৷ কৌৰৱৰ ঠাই। হুই মুই তুমি প্ৰভু গুণি চাৱা আগে। পাগুৱে সহিতে দন্দ ইজন্মে নভাগে॥ ২০৬৭৮ কৰযোৰ কৰি বোলে কৰ্ণ বীৰবৰ। ক্ষমা কৰা প্ৰভু আৰে৷ নোবোলা বিস্তৰ। এহি বুলি কৰ্ণ নামি ৰহিল তথাত। বথ ডাকি মাধৱ চলিল৷ ৰাজপথ | ২০৬৭৯ পালটি আসিল যদি ৰাধাৰ নন্দন। ৰথ ডাকি চলি যাস্ত দেৱ নাৰায়ণ॥ বৃকস্থলবাসী আসি প্ৰজা যত যত। আগবাঢ়ি বাৰ্ত৷ পুছে কৃষ্ণৰ আগত॥ ২০৬৮০ মাধৱৰ আগে বাৰ্তা সোখে সবে বেঢ়ি। পাণ্ডৱৰ ৰাজ্য কি কৌৰৱে দিল এৰি।