পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত । জৰাসন্ধ ভয়ে সাগৰত লৈলে ঠাই। কাল যৱনক ডৰে বিভঙ্গে পলাই | নুহি ৰাজবংশী সিংহাসন ছত্ৰধাৰী। খাটনীয়৷ আছিলেক পৰম নিকাৰী # ২০৬২৩ কুটুম্ব সম্বন্ধে মই দিলো ৰাজ্যখান। সিংহাসনছত্ৰ দিয়া কৰিলে৷ সম্মান॥ SU যাক যৈত পাঞ্চি আছে দুৰ্য্যোধন ৰায়। দূৰে ৰাখি বহিলেক সসৈন্যে জণ্টাই॥ ২০৬১৪ পূৰত ৰহিল কৰ্ণ চাপি সমদলে। দক্ষিণত ৰৈল দুঃশাদন মহাবলে॥ পশ্চিমত শকুনি উত্তৰে ভগদত্ত। মৰস্তেয়ো নেৰিবাহা ৰাজাৰ সম্মত॥ ২০৬১৫ মধ্যখানে ৰহিলেক দুৰ্য্যোধন ৰায়। ধৰিবাক মনে মাধৱক বাট চাই॥ পাচ হুয়৷ ৰহিলেক কতো ৰাজাগণ। সেহি বেলা ধৃতৰাষ্ট্ৰে বুলিলা বচন॥ ২০৬১৬ শুন অৰে পাপিষ্ঠ দুৰ্ম্মতি দুৰ্য্যোধন। এনয় কুমতি তোক দিলে কোন জন। যেন মহ! মূঢ়মতি ছৱাল সকলে।- আকাশৰ চন্দ্ৰক ধৰিবে হাত মেলে॥ ২০৬১৭ প্ৰচণ্ড বায়ুক যেন মহা মূঢ়মতি। তাক ৰাখিবাক খোজে দুই হাত পাতি। সেহি মত দেখো বাপু তোহোৰ সাহস। কৃষ্ণক ধৰন্তে সবান্ধৱে হৈবি নাশ॥ ২০৬১৮ পিতৃ হুয়া বাপ তোৰ ধৰো চৰণত। কৃষ্ণক ধৰিবে বুদ্ধি নলৈবি মনত॥ বিদুৰে বোলন্ত আতি শুনস্তে পাগল। যাক যুদ্ধে নপাৰয় দেবাহুৰ বল॥ ২০৬১৯ তিনিয়ো ভুৱন থাকে যাৰ উদৰত। ইকি দুৰাচাৰে তাঙ্ক ধৰিবে শকত॥ মহাদেৱ সহিতে হাৰিল বাণাসুৰ। সবান্ধৱে কংসক পেশিলে যমপুৰ॥ ২০৬২০ মধুকৈতভক ঘিটো বধিলা সমৰে। তাঙ্ক ইটো পাপিষ্ঠে কি ধৰিবাক পাৰে। বিশেষত দূতক ধৰিলে লাজ পাই। ইটো পাপিষ্ঠৰ দেখো তাতো লাজ নাই৷২০৬২১ দুৰ্য্যোধনে বোলে অৰে শুন দাসীস্থত। ফাত বলে এত মান নিন্দস বহুত॥ সৰ্ববকালে কৃষ্ণক বখান পূৰ্ব্বাপৰ। মই নতু দেখো একে। বীৰত্ব কৃষ্ণৰ॥ ২০৬২২ } । তাৰ উপকাৰ পাইলে৷ বৰ পাইলে লাই পাণ্ডৱৰ আদেশ কহয় মোৰ ঠাই॥২০৬২৪ যত দেহ মানে কৃষ্ণে নলৱে আমাৰ। বেঢ়ি ধৰ কৰ্ণ তই কিবা চাস আৰ। নৃপতিৰ আদেশ প্ৰচণ্ড বোল পাই। ৰাজাগণ সসৈন্যে উঠিলা গিৰিসাই॥ ২০৬২৫ মাৰ মাৰ বুলি সবে একেলগে চাপি। চতুৰ্ভিতি বেঢ়ি যাই সমাজ বিয়াপি। হাতে নাগপাশ লৈয়৷ বান্ধিবাক মনে। কৃষ্ণৰ সমীপ গৈয়া পাইলন্ত তেখনে॥ ২০৬২৬ দেখি হৰি উঠিলন্ত অল্প কৰি হাসি। দিব্যৰূপ ধৰিলন্ত সমাজ প্ৰকাশি!! পীতবন্ত্ৰ বনমালা কৃষ্ণৰে স্বৰূপ। সকলে সমাজ ভৈল চতুৰ্ভুজ ৰূপ। ২০৬২৭ ধৰিবাক লাগি চাৱে নয়নে নিৰেখি। যেহি ভিতি চাৱে সবে কৃষ্ণময় দেখি। কৃষ্ণক নেদেখি সবে বিয়ামোহ ভৈল। তই কৃষ্ণ বুলি কতো পুছিবাক লৈল॥ ২০৬২৮ এহি কৃষ্ণ বুলিয়া হাম্ফ লি কতো জন। সাবটি ধৰিয়া বোলে তই কোন জন মাত বুজি বোলে ককাই তোৰে মই ভাই। নবান্ধ নমাৰ মোক মেলিয়ে| ককাই॥ ২০৬২৯ এহিমতে হুলস্থুল আন্দোল মিলিল। দুই দণ্ড মানে কাকো কেৱে নিচিনিল। কৃষ্ণক মুৱাৰি সবে বুদ্ধি বলে ঘাটি। ৰাজাগণ আসনত ৰসিল৷ উলটি॥২০৬৩০ দুৰ্য্যোধনে বোলে মাধৱৰ দিন ভাল। মায়া কৰি ছদ্মৰূপে পলাইল সকাল |