পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৯৬
মহাভাৰত

তথাপিতো তুমি সবে নিন্দা ছল পাই।
ইকালত জানিলো ভালৰ ভাল নাই॥
ৰাজ্যভাৰ হাৰি সন্ন্যাসীৰ ধৰি বেশ।
তপস্যাক মনে বনে ভৈলেক প্ৰবেশ॥ ২০৫৮১
ভীম ধনঞ্জয় আদি যত ধনুৰ্দ্ধৰ।
পাণ্ডৱক লাগি মোৰ কিছো নাহি ডৰ॥
শকুনিত খুজি মই লৈলো সামৰাজ।
এবে তাক পাশুৱে খোজয় কোন কাজ॥ ’৮২
যদি ৰণ জিনো মই পাণ্ডৱক মাৰি।
সকল পৃথিৱী পাইবো অকণ্টকা কৰি॥
বৈৰক নিডলি ঘোৰ সমৰত ছেদো।
অঙ্গুষ্ঠ প্ৰমাণ ৰাজ্য পাণ্ডৱক নেদো॥ ২০৫৮৩
যদি সমৰত মৰো তভো হানি নাই।
সমুখ ৰণত পৰি স্বৰ্গলোক পাই॥
শুনিয়োক কহো মই সত্য অঙ্গীকাৰ।
মোত ৰাজ্য খোজয় পাণ্ডৱ দুৰাচাৰ॥ ২০৫৮৪
সূচি অগ্ৰে যত ভূমি পাৰি ভেদিবাক।
সিয়ো মানে ভূমি এৰি নেদো পাণ্ডৱক॥
মাধৱে বোলন্ত ৰাজা বুলিলাহা ভাল।
পাণ্ডৱক হিংসা নতু কৰা একো কাল॥ ২০৫৮৫
পাণ্ডৱক পাশা খেলি জিনিলে শকুনি।
তুমি দ্ৰৌপদীক দুখ দিলা কোন গুণি॥
সভাযাজে বিবস্ত্ৰা কৰিলা কোন কাজে।
ঊৰুত বৈসাইলা দেখিলেক সামৰাজে॥ ২০৫৮৬
দ্ৰৌপদীৰ ক্ৰন্দনত কম্পিলেক ভূমি।
হুইতো পাণ্ডৱক নতু কিছো কৰা তুমি॥
বিষ খুৱাই ভীমক মাৰিবে চাইলা ছলে।
জোগৃহে যে পুৰিবাক পুজিলা সকলে॥ ২০৫৮৭
ৰাজাগণে ধন আনে তাকে চাই চাই।
ৰাজসূয় দেখিয়া পোৰয় সৰ্ব্ব কায়॥
দেখিবে জুৱাৰি পাচে আসিলি ঘৰক।
হুইতো তুমি কিছো নতু কৰ পাণ্ডৱক॥২০৫৮৮
যদি যুদ্ধ খোজস সাজিয়ো যত লাগে।
জীৱন্তে নেৰিবে সিটো ভীম কালবাঘে॥

ভীমৰ প্ৰহাৰে হৃদয়ত পাইবি শোক।
সিবেলাত কিছো মান হুমৰিধি মোক॥২০৫৮৯
দুঃশাসনে বোলে শুনা ৰাজা দুৰ্য্যোধন।
ভীষ্ম দ্ৰোণ বিদুৰৰ বুজিলাহা মন॥
আণ্টিবাক পাৰিলে এসম্বে বন্দী কৰি।
এখনে তোমাক পাণ্ডৱক দিয়ে ধৰি॥'৯০
শুনি ৰাজা দুৰ্য্যোধনে ক্ৰোধ কৰি বৰ।
কৰ্ণৰ হাতত ধৰি গৈল অভ্যন্তৰ॥
দেখি ৰাজাগণ গিৰিসিত কৰি ভাগি।
শকুনি সহিতে গৈলা ভিতৰক লাগি॥ ২০৫৯১
দেখিলাহা কৃষ্ণে মোক অৱহেলা বৰ।
ভীষ্মৰ মুখক চাই দিলেক উত্তৰ॥
এসে পাপী আছিলেক মন্দমতি কংস।
উপদ্ৰৱ কৰিলে যতেক জ্ঞাতিবংশ। ২০৫৯২
তাৰ আগে বাপ মাৱ নৰহিল ভাই।
পাচে আলোচিয়া নিলা আমাক মতাই॥
মই যাই দুৰ্জ্জনক বধিলো সমৰে।
সেহিদিনা ধৰি সুখী মথুৰা নগৰে॥ ২০৫৯৩
তোৰা সেহিমতে দুৰ্য্যোধনে বন্দী কৰি।
মহাসুখে থাকা পাণ্ডৱক দিয়া ধৰি॥
এতহস্তে গান্ধাৰিণী সমজ্যাক গৈল।
দুৰ্য্যোধন তনয়ক বুজাইবাক লৈল॥ ২০৫৯৪
শিখাইলেক যত ৰাজনীতিৰ প্ৰমাণ।
কৃষ্ণৰ বচন বেদবাক্য সম জান॥
ভীষ্ম দ্ৰোণ বিদুৰে বুলিলে যত যত।
যদি নকৰস বাপু মোহোৰ শপত॥ ২০৫৯৫
বাপৰ শপত দশ কপিলা মাৰস।
যদি তই কৃষ্ণৰ বচন নকৰস॥
শুনি ৰাজা দুৰ্য্যোধনে ক্ৰোধমনে উঠি।
গান্ধাৰী মাৱৰ বচনক দিলে পিঠি॥ ২০৫৯৬
 দুৰ্য্যোধনৰ শ্ৰীকৃষ্ণক ধৰাৰ চেষ্টা
হেন দেখি ৰোষ কৰি গান্ধাৰিণী গৈল।
দুঃশাসন কৰ্ণে সমে আলোচিবে লৈল।