পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাৰ পিতৃকে ৰাজ্য পাশুৱেৰো দিব। যুৱৰাজ কৰি পাচে তোমাক থাপিব ধৃতৰাষ্ট্ৰ ৰাজ্জাক সেবিবে ৰাত্ৰি দিন। উদ্যোগ পৰ্ব্ব বিন৷ যুদ্ধে হুইবে সবে তোমাৰ অধীন। ২০৫৬৪ যদি মোৰ বচনক নধৰস মনে। তেৰে যুদ্ধে ভীমে সমুখ হুইবে কোনে। ভীমৰ বিক্ৰান্ত আতি ত্ৰিভুৱন সাৰ। পৃথিৱী কম্পয় ঘনে দেখি চমৎকাৰ। ২০৫৬৫ কৌৰৱক কোপমনে অত্যন্তে জ্বলন্ত। হস্তিনাপুৰক চাই নিতাত্তে গৰ্জ্জন্ত॥ নিতে গদ৷ ধৰি সমৰক চাহে ৰাট। ভূমিত কোবান্তে বহুমতী মেলে ফাট। ২০৫৬৬ আছোক ভীমক ঋণে অৰ্জ্জুনক দেখি। কোনজন কুশলে থাকিব৷ প্ৰাণ ৰাখি। অৰ্জ্জুনৰ লগত যুক্তিবে যত মান। সবে দেখি আছ৷ মৎস্যনৃপতিৰ থান॥ ২০৫৬৭ অদ্যাপিয়ো নাৰীগণে হাসয় বিস্তৰ। বস্তু হৰুৱাইলা শুনে৷ সবাৰে গাৱৰ। আনো হিত আজ্ঞাচয় শুনি মাধৱষ। অনন্তৰে ভীষ্ম দ্ৰোণে দিলেক উত্তৰ॥ ২০৫৬৮ শুন শুন বাপু দুৰ্য্যোধন নৃপবৰ। কৃষ্ণৰ বচন সাৰোগত কৰি ধৰ॥ তযু পিতৃ ধৃতৰাষ্ট্ৰ তানো এহি চিত্ত। আনো যত দেখা সবাহাৰে মনোনীত॥২০৫৬৯ যাৱে যুধিষ্ঠিৰ নৃপতিৰ কোপানলে। ক্ৰোধ দৃষ্টি চায়া সব কৌৰৱ নিৰলে। যাৱদেকে সমৰত অৰ্জ্জুনৰ শৰে। নৃপতিগণৰ শিৰ ভূমিত নপৰে॥ ২০৫৭০ যাৱে ভীমসেনে ঘোৰ গদাৰ প্ৰহাৰে। যমঘৰে নপঠাৱে সসৈন্যে তোমাৰে। তাৱতে সত্বৰে উঠ মুগুণিৰি মনে। শৰণে পশ্চিয়ো যুধিষ্ঠিৰৰ চৰণে। ২০৫৭১ এহি বুলি যৌন ভৈল দুয়ো বীৰবৰ। শুনি দুৰ্য্যোধনে কিছো নিদিলে উত্তৰ। ১৩৯৫ মৰে৷ জীয়ে৷ কৰি ৰাজা আছিলেক শুনি। সেহিবেলা বিদুৰে মাতিল৷ মনে গুণি। ২০৫৭২ বিছুৰে বোলন্ত তোক প্ৰতি শোক নাই। মাৰম্ভা জনক কোনে দিবেক জীয়াই॥ নাহি চক্ষু বৃদ্ধ ভৈল পৰম দুৰ্ভাগি। মই শোক কৰে৷ এহি পাপিষ্ঠক লাগি॥২০৫৭৩ আশকত দেখি হৰি হৰি কৰে লোকে। আৰো দুখ পাইব শত তনয়ৰ শোকে॥ নিদিবেক অম্ল অৱহেলা কৰি তাক। পাচে কোনে প্ৰতিপাল কৰিবে ইহাক॥ ৭৪ তাকে৷ প্ৰতি শোক নাহি বিদুৰে বুলিল। কিয় হেন হুৰাচাৰ পুত্ৰক তুলিল। নতু দায়৷ লাগন্ত ছোটত ছল পাই। কিয় হেন তনয়ক ৰাখিলে দুনাই॥ ২০৫৭৫ তাত হস্তে যত দুখ পাইবে নিৰন্তৰ। নাহি শোক মোহ মোৰ কৌতুক বিস্তৰ। বিছুৰৰ বচনত বৰ লাজ পাই। মহাকোপে ৰৈল ৰাজ৷ দশন চোবাই॥ ২০৫৭৬ অঙ্গুলি ঠাৰিয়া বিহুৰক প্ৰতি ৰৈল। কৃষ্ণক সম্বুধি পাচে বুলিবাক লৈল॥ দুৰ্য্যোধন বদতি শুনিয়ো পূৰ্ব্বাপৰ। অকাৰণে নিদ৷ মোক কৰা দামোদৰ। ২.৫% যি বুলিলা ৰাজ্য কাঢ়ি লৈলা পাশাছলে। তাৰ কথা কহে৷ আৱে শুনিয়ে! সকলে # ইন্দ্ৰপ্ৰস্থ হস্তে হাল্ফ লিয়া পাঞ্চো ভাই। পাশা খেলিবাক প্ৰতি আইল মোৰ ঠাই॥ ৭৮ মই পাশা নেখেলিলো এহি কথা জানি। অনন্তৰে আগবাঢ়ি গৈলেক শকুনি শকুনিত হাৰিলেক সবে ৰাজ্যভাৰ। পাঞ্চোভাই হাৰিলেক ভাৰ্য্যা আপুনাৰ। ২০৫৭৯ আগে ৰঙ্গে খেলি পাচে কৰে অসন্তোষ। | গুণি চাৱা মাধৱ আমাৰ কিবা দোষ। পাশা খেলি দাস ভৈল গৰব গৈল ভাগি। পাচে খুজি লৈলো মই শকুনিত মাগি। ২০৫৮০