পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভোগ পবি ক্ষণেকতে ৰঙ্গনী কথাতে সমাপন। সেহিবেলা ভৈল আসি ৰজনী প্ৰসন্ন॥ ২০৪৯৮ নটে ভাটে জগাইলেক নিদ্ৰা পৰিহৰি। শৌচ হুয়৷ স্নান গৃহে প্ৰবেশিল৷ হৰি। স্নান কৰি গায়ত্ৰী জপিলা নাৰায়ণ। সেহিবেলা কৰ্ণে সমে আসি দুৰ্য্যোধন॥ ২০৪৯৯ মাধৱক মাতে আতি হৰিষিত মনে। হৃদয়ে কপট তাৰ নজানয় আনে। উঠা উঠা প্ৰভু চলিয়োক এতিক্ষণ। সভা মাজে বাট চাই আছে ৰাজাগণ॥ ২০৫০০ পাচে কৃষ্ণে ব্ৰাহ্মণ সবক দিলা দান। বিদুৰে সহিতে দুয়ো শুনিলা পুৰাণ॥ কৰ্ণ দুৰ্য্যোধন দুই আছিলেক ৰই। সেহিবেলা দাৰুক আসিল৷ ৰথ লই॥ ২০৫০১ ব্ৰাহ্মণগণৰ পাচে নমিল৷ চৰণ। ৰথ দেখি মাধৱৰ আনন্দিত মন॥ ভূষণৰো ভূষণ শোভিত নিজ অঙ্গে। নানাবিধ অলঙ্কাৰ পিন্ধিলন্ত বঙ্গে | 205০২ অলঙ্কাৰ পিন্ধি বাজ ভৈল যেতিক্ষণ। দেখি সমস্তৰে ৰূপ হৰিল তেখন॥ কৃষ্ণৰ আগত নোশোভয় কেৱে আন। আদিত্যৰ আগত প্ৰদীপ যেন ঠান৷ ২০৫০৩ ডেৱ নিয়া ৰথত উঠিল৷ দামোদৰ। পাচত সাত্যকি কৃতবৰ্ম্ম৷ বীৰবৰ॥ আনে৷ যদু বীগণ হস্তী ঘোৰে চড়ি। দুয়ো পাশে কৃষ্ণক চলিলা ৰক্ষা কৰি॥ ২০৫০৪ মাধৱৰ ৰূপ দেখি নসহয় মন। ঘনে ঘনে ফিৰি চাহে ৰাজা দুৰ্যোধন॥ কৰ্ণক সম্বুধি বোলে দেখা দেখা কৰ্ণ। ভালেতো ইহাক দেখি ভজে নাৰীগণ॥ ২০৫০৫ মনে মনে কহেঁ৷ আৰো বচন স্বৰূপ। কোন বিধি ইহাৰ স্ৰজিলে যেন ৰূপ | হেন ৰূপ আমাত নভৈল কি কাৰণে। এহি বুলি ফিৰি চাহে ৰাজ৷ দুৰ্য্যোধনে॥ ৫০৬ এত হস্তে নগৰত প্ৰৰেশিলা ছবি। অম্ৰাৱতী সম কুনৃপতিৰ পুৰী॥ শ্ৰীকৃষ্ণৰ সড়া প্ৰৱেশ নগৰৰ তিনিখান দ্বাৰ পৰিহৰি। সভাৰ দ্বাৰত গৈয়া প্ৰবেশিলা হৰি। ২০৫০৭ দেখি গাৱ চালিল৷ সমস্ত ৰাজাগণ। সেহিবেলা আসিলেক সপ্তঋষিগণ॥ দেখি ভীষ্মে উঠিয়৷ কৃষ্ণৰ অনুমতি। পাছা অৰ্থ দিল! দুৰ্য্যোধন সমন্বিতি॥ ২০৫০৮ নমস্কাৰ কৰি বসিবাৰ দিলা ঠাই। বাজাগণে অন্যে| অন্যে আছে চাই চাই॥ নানা ৰত্নে জিকি পাৰৈ কুৰুসভাখান। ঠাই ঠাই ৰচিত সুৱৰ্ণ সিংহাসন॥ ২০৫০৯ তাতে বসি নৃপতি সকলে কৰে কান্তি। অম্ৰাৱতীপুৰে যেন দেৱতাৰ পান্তি॥ যেতিক্ষণে সভাত প্ৰবেশ চক্ৰপাণি। নৃপতিগণৰ সবে তেঞ্জ ভৈল হানি৷ ২০৫১০ অলঙ্কাৰে নোশোভয় বিবৰ্ণ সকলে। আদিত্যৰ আগে যেন প্ৰদীপ নজ্বলে। থিয় দিয়া ৰাজাগণে কৃষ্ণক আকলি। ঢঙ্ক লাগি আছে যেন চিত্ৰৰ পুতলি॥ ২০৫১১ শুভ শুভ জয় জয় কৰে সাধুগণে। প্ৰথমতে আসনে বসিলা নাৰায়ণে॥ অযোধ্যাত ৰাম যেন স্বৰ্গে পুৰন্দৰ। সত্যলোকে ব্ৰহ্মা যেন কৈলাগত হৰ৷ ২০৫১২ বৈকুণ্ঠত হৰি যেন লক্ষ্মী একে ঠাই। সেহিমতে আসনে বসিলা যদুৰায়। পাচে আসনত বসিলন্ত ৰাজাগণ। নিচুকি থাকিল৷ কেৱে নুবুলি বচন॥ ২০৫১৩ কোকিলৰ স্বৰ যেন শুনি মনোনীত। জগত মোহিত কৰে পৰম ললিত॥ ধৰ্ম্ম অৰ্থ যুগুত পৰম উপকাৰী। যেন বাক্যে নৃপতিত্ব মাতিলা মুৰাৰি॥ ২০৫১৪