পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰৱ দমৰ্যাদ যদি দুৰ্য্যোধন দুৰাচাৰ। তখাপি সম্বন্ধে হৱে ভাই আপুনাৰ। ২০২৪৪ ভাই ভাই বিৰোধী দুগুণ বাক্য কহে। সি সি মহাজন যিটো দুগুণকো সহে॥ যাপি বিৰোধী তভো ভাই আপুনাৰ। ভাইৰ দোষ নসহি সহিবো দোষ কাৰ। ২০২৪৫ গ্ৰীষ্মকালে সন্তোষ চন্দন বিন্দু পাইলি। তেনয় সন্তোষ শুনি গোতৰৰ গালি॥ ভিক্ষা মাগি খাইবো ঘৰে ঘৰে চিৰকাল। তথাপি মাধৱ বিবাদত নাহি ভাল॥ ২০২৪৬ বৈশম্পায়ন বদতি শুনিয়ো জন্মেঞ্জয়। কৃষ্ণে যেৱে শুনিলা ভীমৰ বাক্যচয়॥ শিলা যেন পানী ভৈল অগনি শীতল। হীন ভৈল যেন ব্ৰাহ্মণৰ তপৰল। ২০২৪৭ সৰ্ব্বকালে কঠিন কটুৰ ভয়ঙ্কৰ। সকৰুণ বাক্য নাহি ভীমৰ মুখৰ॥ ভীমৰ সদয় বাক্যে দুখ বৰ মন। অনন্তৰে কৃষ্ণে তাঙ্ক বুলিল! বচন॥ ২০২৪৮ শুনা শুনা ভীম যদি মহন্তৰ গোপ্য। আজি কেনে এৰিলাহ! কৌৰৱক কোপ॥ কৌৰৱৰ অপকাৰ হুমৰি সুমৰি। অৰণ্যৰ মাজত দাণ গদা ধৰি॥ ২০২৪৯ ক্ৰোধত পাসৰি জ্ঞান বাতুল আকাৰ। মাথা থাপি গদাত আলম্বি বাৰে বাৰ। ক্ৰোধে গদা ধৰিয়া হাম্ফলি বাৰম্বাৰ। কৌৰৱ বুলিয়৷ অৰণ্যৰ চিন্ত৷ মাৰ॥ ২০২৫০ ভাই ভাই নাহিকে খালাপ বল হাসি। মহাশোকে দুখ যেন কুবেশী প্ৰবাসী॥ কতো কতো নিদ্ৰা কৰা দুখ অপমানে। সোপনতো কৌৰৱক পাত্তা সেহি থামে। ২০২৫১ আৰ্ত্তনাদ কৰি আৰ্লি তুলি লৱা শূল। লোকে দেখি বোলে ভীম ভৈলেক বাতুল॥ সৰ্ব্বকালে জানো তুমি গু বিষ আজি কেনে ভৈলা দদা নপুংসক সম॥ ২০২৫২ 3690 বৃকোদৰ বদতি শুনিয়ে! দামোদৰ। নতু গুচে পৰাক্ৰম দুৰ্জ্জৰ ভীমৰ। শৰীৰতো বল আছে আছে গদা ঘোৰ। লোক অপবাদক তথাপি ভয় মোৰ। ২০২৫৩ লোকে হেন বুলিবে কপটী বৃকোদৰ। এক বেলি দোষ নক্ষেমিলে ভায়েকৰ॥ ভীষ্ম দ্ৰোণ সমস্তে কৌৰৱ আপুনাৰ। তেসছে বুলিবে ভীম কিনো দুৰাচাৰ। ২০২৫৪ ধনঞ্জয়ে বেলিন্ত আমাৰো হেন মতি। অলপৰ নিদানে দৰ্দ্দৰ কিবা ক্ষতি॥ একে থানে জনম কৌৰৱ-পাণ্ডুকুল। চুয়ো ঘৰ তোমাৰ কুটুম্ব সমতুল॥ ২০২৫৫ দুয়ো ঘৰ কুশলে থাকিবে৷ চিৰকাল। তুমি যাৰ কুটুম্ব তেৱেতো তাৰ ভাল॥ নকুল বদতি দদ৷ শুনা দামোদৰ। যেনমত কচিকৰ তোমাৰ মনৰ॥ ২০২৫৬ সি বেলাত যেন হৱে প্ৰস্তাৱ বিহিত। তেৱে তেন কৰিবা তোমাৰ মনোনীত॥ সহদেৰ বদতি শুনিয়ে৷ দামোদৰ। নকৰিবা সমৱস্তি কুৰু-পাণ্ডৱৰ। ২০২৫৭ সৰ্পে মূষে ইষ্টতা নৰহে চিৰকাল। আৰ কি কৌৰৱে পাণ্ডৱক দেখে ভাল॥ চুলে ধৰি দ্ৰৌপদীক ঘসাই আছে আগে। পাণ্ডৱৰ মনত কৌৰৱ আৰো লাগে॥ ২০২৫৮ কৌৰৱেয়ো আমাকে নেৰিব তঙ্ক ৰাগ। কৈত শুনিয়াছ৷ একে চোঙ্গে দুই বাঘ | বতাসৰ তূলা যে শসাৰ যেন টোল। যুধিষ্ঠিৰ ভীম অৰ্জ্জুনৰো সেহি বোল॥ ২০২৫৯ তেসম্বে হুযুজে যদি কহে৷ সাৰে সাৰ। একেশ্বৰে কৌৰৱৰ চিন্তিবোহো মাৰ॥ তুমি মাত্ৰ সহায় হৈবাহা চক্ৰপাণি। । নিশুটি কৰিবো কৌৰৱক শৰ হানি॥ ২০২৬০ সহদেৰ বাক্যতত্ত্ব বিচৰত সাৰ। শুনি ৰাজাগণে প্ৰশংসিলা বাৰম্বাৰ।