পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত বিছস্তেয়ো সমস্ত শৰীৰ মোৰ পোৰে। মৰণ বেলাত যেন সন্নিপাত জ্ববে৷ ২০১২৮ মুৰুচে ভোজন পঞ্চামৃত যত ভোগ। অভ্যন্তৰে পোৰে যেন গৰ্ভশূল ৰোগ॥ বিদুৰে বোলয় দদা সুমৰাইলা ভালে। ডৰুকৰ নিদ্ৰা নিমিলয় একো কালে॥ ২০১২৯ নিদ্ৰ৷ নাসে চোৰৰ পৰৰ দেখি ধন। নিদ্ৰা নামে ব্যাধিমন্ত ৰোগী যিটো জন॥ নিদ্ৰা নামে পৰৰ কৰিলে অপকাৰ। নিদ্ৰ৷ নাসে যাৰ শত অসংখ্যাত ধাৰ॥ ২০১৩০ পাণ্ডৱক অপকাৰ কৰি আছা আগে। তোমাঠেৰ নিদ্ৰ। দদ। নাসিবাক লাগে | কূটপাশ খেলি পাপ আচৰিলা ঘোৰ। পাওৱৰ সম্বন্ধি তোমৰা খটচোৰ। ২০১৩১ ধৃতৰাষ্ট্ৰে বিদুৰে সম্বাদ ভৈল যত। সংক্ষেপ পয়াৰে তাক নিবন্ধিবে৷ কত! এহিমতে কথাতে আছয় দুয়োজন। দুতয় প্ৰহৰ নিশি ভৈল নিৱৰ্ত্তন॥ ২০১৩২ তথাপিতো নৃপতিৰ নিদ্ৰা নিৰ্মিলয়। বিদুৰৰ শুনিয়৷ ঘুগুত বাক্যচয়॥ বিদুৰে বোলন্ত তযু পুত্ৰ মন্দ বৰ। সৰ্ব্বকালে দুৰ্য্যোধন কপটৰ ঘৰ॥ ২০১৩৩ কৰ্ণ দুঃশাসন যে শকুনি সমে চাৰি। আসম্বাৰ নিমিত্তে লাগিব মহামাৰী। কৌৰৱ-অৰণ্য মাজে তুমি বৃক্ষগোট। পাণ্ডৱ-অগনি কৃষ্ণ বায়ুৰ আস্ফোট॥ ২০১৩৪ সকলে অৰণ্যখান পুৰি নিৰে জুই। তুমি মাত্ৰ ৰহিবাহা চেঞ্চা পোৰা হুই। কৌৰৱক পাশুৱে সমৰ্থ নিজ বলে || অগনিত বায়ু আৰ হৰি অনুকূলে৷ ২০১৩৫ একশত তনয় মৰিব তযু আগে। শোক-অগনিত চেঞ্চা পোৰা হুইবৈ লাগে শোক-মোহ আমাত নাহিকে বিদ্যমান। সনাতন গুৰুত লভিলে৷ দিব্যজ্ঞান। ২০১৩৬ ধৃতৰাষ্ট্ৰ বদতি বিহুৰ কৃপাময়। মোক উপদেশ দিয়া সেহি জ্ঞানচয় | মনত গুচোক মোৰ বন্ধু বান্ধৱৰ। তোমাৰ প্ৰসাদে তৰো শোক-সমুদ্ৰৰ॥ ২০১৩৭ বিহুৰে বোলন্ত মই শূদ্ৰ৷ গৰ্ভে জাত। মুহিকে উচিত জ্ঞান কহিবে তোমাত॥ যদি ইচ্ছা আছয় গুৰুক স্মৰো মনে। ইঠাৱক লাগি চলি আসিব এখনে॥ ২০১৩৮ এহি বুলি বিদুৰে মনত কৰি সাৰ। সনাতন গুৰুক স্মৰিল৷ বাৰম্বাৰ॥ ব্ৰহ্মাৰ তনয় ভৃগু বশিষ্ঠতো বৰ। প্ৰমাণত দেখি যেন পঞ্চম বৎসৰ॥ ২০১৩৯ বিদুৰৰ বোলে লৰি গৈলন্ত তেখনে। দ্বাদশ আদিত্য যেন প্ৰকাশে গগনে॥ অন্ধকাৰ ৰাত্ৰি দশোদিশ গৈল জ্বলি। দেখিয়৷ বিহুৰে উঠিলন্ত কৃতাঞ্জলি। ২০১৪০ এত হস্তে গৃহত পশিলা সনাতন। বিদুৰে মাথাত কৰি দিলন্ত আসন | পাছা অৰ্থ দিয়৷ ধৃতৰাষ্ট্ৰত জনাইল। শুনি ধৃতৰাষ্ট্ৰে আসনৰ উঠি আইল। ২০১৪১ চক্ষু নাহি নেদেখে বিদুৰে নিলা ধৰি। নমিলস্ত ধৃতৰাষ্ট্ৰে প্ৰদক্ষিণ কৰি॥ ধৃতৰাষ্ট্ৰে বিহুৰে পুছিলে যত যত। ব্ৰহ্মাৰ তনয়ে কহিলন্ত সধে তত্ত্ব॥ ২০১৪২ এহিমতে পুছন্তে সংশয় দুৰ গৈল। অনন্তৰে প্ৰভাত সময় আসি ভৈল। নৃপতিৰ আগে বিছুৰৰ বিদ্যমান। প্ৰভাততে ব্ৰহ্মাপুত্ৰ ভৈল অন্তৰ্জান। ২০১৪৩ ধৃতৰাষ্ট্ৰে নিত্যকৰ্ম্ম অৱসান কৰি। পাত্ৰ সমে সমাজত বসিলা আৱৰি। ভীষ্ম দ্ৰোণ সমে কৌৰৱৰ শত ভাই। কৰ্ণ অশ্বত্থাম৷ শকুনিয়ো সেহি ঠাই ২০১৪৪ বেঢ়ি বেঢ়ি আছে যত কুহু বীৰগণে। সঞ্জয়ক মাতি আনিলেক সেহি খানে