পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “শ্ৰীমতী আজলীতৰ নেওগৰ দ্বাৰাই ৰচিত আৰৱৰ 'এহেজাৰ এনিশা'ৰ সাধুৰ ভিতৰত এই সুবিখ্যাত সাধুটো পৃথিৱীৰ ভিতৰত সকলোবোৰ প্ৰধান ভাষাত অনুবাদিত হৈ বহুকালৰ পৰা প্ৰচাৰিত হৈছে। এনে শিক্ষিত মানুহ আৰু ল'ৰা-ছোৱালী কম যে এই সাধুটোৰ বিষয়ে অলপ নহয় অলপ নাজানে। আমাৰ অসমীয়া ভাষাত তাক উলিয়াই দি শ্ৰীমতী নেওগে বৰ ভাল কাৰ্য্য কৰিলে। কিতাপৰ ভাষা ভাল, গঢ় ভাল। গ্ৰন্থকৰ্ত্ৰী আমাৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ডিম্বেশ্বৰ নেওগৰ সহধৰ্মিনী আৰু বন্ধুবৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা। পিতৃ আৰু স্বামী দুই ফালৰ পৰা তেওঁৰ গাত সাহিত্যৰ প্ৰেৰণা আছে। এনেকুৱা বস্তু আমাৰ আইটিৰ পৰা আমি আৰু বিচাৰিলোঁ। ”

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা, ’বাহী’ কাতি ১৮৫৩ শক।

 “শ্ৰীযুতা আজলী নেওগ ৰচিত। ছপা, বন্ধা ভাল...এই এধানমান পুথিখনত সুবিখ্যাত আৰবোপন্যাসৰ “এহেজাৰ এৰাতিৰ” এটা সাধু সহজ সৰল ভাষাৰে অসমীয়ালৈ ভাঙি অসমীয়া ৰাইজৰ শলাগৰ পাত্ৰী হৈছে। আশাকৰোঁ লেখিকাই তেওঁৰ সুযোগ্য পিতৃ আৰু স্বামীৰ পথ অনুসৰণ কৰি ভৱিষ্যতলৈও নিঃস্বাৰ্থভাৱে মাতৃ-ভাষাৰ সেৱা কৰিব। ”

শ্ৰীপদ্মধৰ চলিহা, 'অসমীয়া’ পুহ- ১৮৫৩ শক।

 “সাহিত্যত উপন্যাস আৰু গল্পৰ কাব্য আৰু নাটকৰ লগত সমান অধিকাৰ। গল্প সাহিত্যৰ সমাদৰ সকলো ঠাইতে আছে। গতিকে আৰব্যোপন্যাসৰ নিচিনা বিশ্ববিখ্যাত গ্ৰন্থৰ অনুবাদ যে সৰ্বজনপ্ৰিয় হ'ব ই ধুৰূপ। শ্ৰীমতী নেওগ আইদেউৰ লেখনীৰ পৰা ওলোৱা এই পুথিখনি অসমীয়া গল্প-সাহিত্যলৈ এটি নতুন দান। ৰচনাৰ সৰল প্ৰাঞ্জল আৰু সুন্দৰ ভাষালৈ চাই নেওগ আইদেউৰ “আলিবাবা” উৎকৃষ্ট শিশু-পাঠ্য হৈছে। স্বনামধন্য প্ৰধান সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত বেনুধেৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা আৰু সাহিত্যক্ষেত্ৰত সুপৰিচিত সুকবি শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱৰ সহধৰ্মিনী শ্ৰীমতী আজলীতৰ নেওগ (শুৱনীকণ) আইদেউৰ সুৱলা ৰচনাই ভৱিষ্যতলৈও আমাৰ সাহিত্য ভৰাল পুষ্ট কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ। জগদীশ্বৰক খাটিছো যেন নেওগ দম্পত্তী অসমৰ 'ব্ৰাউনিং দম্পতী’ হওক। ”

শ্ৰীকীৰ্ত্তিনাথ বৰদলৈ, “বাতৰি”-১২ আঘোণ, ১৮৫৩ শক।