পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেতিয়া বিফল হৈ গুহালৈ উলটিল, আৰু আগৰ কথামতে ডকাইতটোৰ প্ৰাণ-দণ্ড হ'ল।

 পিছৰ বাৰ আন এটা ডকাইত আহিল, আৰু সিও আগৰটোৰ দৰেই আহি আলিবাবাৰ ঘৰৰ দুৱাৰত সতকাই চকুৰে মনিব নোৱাৰা এটা চিন দিলে। মৰ্জ্জিনাৰ চকুত সিও সাৰি নগ’ল, আৰু মৰ্জ্জিনাই আকৌ সেইদৰে আটাইবোৰ মানুহৰ দুৱাৰতে চিন দিলে। আগৰ বাৰৰ দৰে এইবাৰো ডকাইতবোৰ বিফল-মনোৰথ হৈ উলটিল। পূৰ্বৰ দিহামতেই এই ডকাইতটোকো সিহঁতে কাটি পেলালে। এতিয়া মুখিয়ালটো আৰু ৩৭টা ডকাইত বাকী থাকিল।

 বৰ দুখ আৰু লাজ পাই তাৰ পাছত মুখিয়াল ডকাইতটোৱে এইবাৰ নিজেই যত্ন কৰি চাবলৈ ওলাল। কৃতকাৰ্য নহলে এইবাৰ তাৰ নিজৰো প্ৰাণ-দণ্ড। সি পোনতে আলিবাবাৰ ঘৰটোৰ ভালকৈ চিন লৈ গৈছিল; কিন্তু ক’তো একো অঁকা নাছিল।

৩২