পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেওঁ ভালেখিনি ধন-সোণৰ থৈলা গুহাটোৰ দুৱাৰ মুখলৈ আনিলে। কিন্তু দুৱাৰ বন্ধ। সেই অপাৰ ধন-সোণবোৰ দেখি তেওঁ ইমান মুগ্ধ হৈছিল যে তেওঁ ইফালে দুৱাৰখন মেলিবলৈ কি মন্ত্ৰ মাতিব লাগে, তাক তেনেই পাহৰি গ'ল। তেওঁৰ মনত আছিল, কথাকেইটা কোনোবা এবিধ ধানৰ নামেৰে; কিয়নো 'ছিছেম্‌' নাতিশীতোষ্ণ মণ্ডলৰ তিল বা সৰিয়হ শ্ৰেণীৰ পুলি। সেইদেখি তেওঁ কেইবাবিধো ধান আৰু শস্যৰ নাম ধৰি মাতিলে, কিন্তু দুৱাৰখন তেতিয়াও ভালকৈয়ে জাপ খাই থকা দেখি তেওঁ বৰ বিচূৰ্ত্তি হ'ল। তেওঁ নানা প্ৰকাৰে যত্ন কৰিলে, তথাপি আছিল কথাটো কোনোমতে তেওঁৰ মনত নপৰিল। তেওঁ ডকাইতৰ গুহাৰ পৰা ওলাব নোৱাৰি কি বিপদত পৰিছে বুজি পালে আৰু বৰ ভয় খালে। তেওঁ দুৱাৰমুখত দমাই থোৱা ধন-সোণৰ থৈলাবোৰ তললৈ দলিয়াই পেলাই দিলে আৰু গুহাটোৰ তলৰ পৰা ওপৰলৈ অহা-যোৱা কৰি ওলোৱা মন্ত্ৰফাকি মনত পেলাবলৈ যত্ন কৰিলে; কিন্তু শব্দটো তেতিয়াও কেতিয়াও নুশুনাৰ নিচিনাকৈয়ে তেওঁৰ মনত নেখেলালে।

 দুপৰীয়া ডকাইবিলাক সিহঁতৰ গুহালৈ উভতি আহিল। নিলগৰে পৰা কেবাটাও খচ্চৰ পিঠিত ঢাকনি থকা পেৰাৰে সৈতে শিলটোৰ ওচৰত ইফাল-সিফালকৈ ঘূৰি ফুৰা দেখি সিহঁত বৰ আচৰিত হ'ল, আৰু গুহাটোৰ ফালে খুব কোবেৰে ঘোঁৰা চলালে। আহি পায়েই সিহঁতে ততালিকে খচ্চৰকেইটা খেদাই দিলে, আৰু সিহঁত তাৰ পাছত ক'লৈ গ'ল তাৰ ভূ নাৰাখিলে। ডকাইতকেইটাই সেই খচ্চৰকেইটাৰ গৰাকী কেন, তাকেহে উলিয়াবলৈ যত্ন কৰিলে। সিহঁত ঘোঁৰাৰ পৰা নামিল আৰু তাৰোৱাল উলিয়াই লৈ কিছুমানে গছজোপাত আৰু কিছুমানে শিলটোৰ চাৰিওফালে বিচাৰিবলৈ ধৰিলে। তাৰ পিছত মুখিয়ালটো লাহে-লাহে গুহাটোৰ দুৱাৰখনৰ ওচৰলৈ গ'ল।

 কাছিমে গুহাটোৰ ভিতৰৰ পৰা ঘোঁৰাবোৰৰ ভৰিৰ দপ্‌দপনি শুনি আছিল আৰু ডকাইতবিলাক উভতি আহিছিল বুলি অনুমান কৰিছিল। তেওঁ ভাবিলে, নিশ্চয় তেওঁৰ সিহঁতৰ হাতত মৰণ হ'ব; তথাপি মৰণত শৰণ লৈ তেওঁ থিৰ কৰিলে, সেই সেই উপায়েৰে এডোখৰ নিৰাপদজনক ঠাইলৈ সাৰি যাবলৈ যত্ন

২০