পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চকুৰে
চ’ত
৮৯

চকুৰে নেদেখা আৰু কাণেৰে নুশুনা দেশ—বিং, যি দেশৰ চিত্ৰ জীৱন্ত মানুহে নেদেখে আৰু যি দেশৰ বাক্য জীৱন্ত মানুহে নুশুনে তেনেকুৱা দেশ, অৰ্থাৎ পৰলোক, the next world.

চকুৱে জুই-আঙ্গনি দেখা—ক্ৰি, [ ‘চকুৰে সৰিয়হ ফুল দেখ’ চোৱাঁ। এই স্থলত, আঁক-বাঁক চিত্ৰবিলাকক ‘সৰিয়হ-ফুল’ নুবুলি ‘জুই-আঙ্গনি’ বোলা গৈছে। ]

চকুৱে সৰিয়হ ফুল দেখা—ক্ৰি, দুৰ্ব্বলতা অধিক হলে মূৰ ঘূৰায় আৰু চকুৱে সন্মুখত আঁক বাঁক চিত্ৰ উড়ি ফুৰা যেন দেখে। সেইবিলাক চিত্ৰ হালধীয়া সৰিয়হ-ফুলৰ সদৃশ। মূৰত বৰকৈ আঘাত পালেও সেইৰূপে- মূৰ ঘূৰাই তেনেকুৱা চিত্ৰ দেখা পোৱা যায়। এতেকে,—বিষম প্ৰহাৰ পোৱা, বৰকৈ মাৰ খোৱা, to receive a severe beating.

চকু মুদা—ক্ৰি, মানুহ মৰিলে চকু মুদ যায়। এতেকে,—মৰা, to die.

চকু-মুদা কুলি—বিং, কুলিয়ে কাউৰীৰ বাহত কণী পাৰে। কুলিৰ চকু আৰু কাউৰীৰ চকু বেলেগ। কিন্তু কুলি-পোৱালিয়ে চকু মুদি থাকে। কাউৰী-মাকে নিজৰ পোৱালি বুলি তাক টোপ খুৱাই পুহি থাকে। যেতিয়া উড়ণীয়া হয় কুলি-পোৱালিয়ে উডাও মাৰে। কাউৰী-মাকে ফাঁকি বুজিব পাৰি তাৰ পাচে পাচে খেদি যায়। এতেকে,—টনকিয়াল নোহোৱা পৰ্য্যন্ত অঁকৰাৰ ভাও ধৰি পৰৰ ঘটন খোৱা টেঙ্গৰ মানুহ, a clever person living at the expense of another till he is in a position to earn an independent income.

চকু-লগা মানুহ—বিং, তীক্ষ্ণ চকু থকা মানুহ অৰ্থাৎ ভাল বেয়া তৎক্ষণাৎ বাছিব পৰা মানুহ, a sharp sighted, acute or discerning person.

চকু-লোৱে বাট নেদেখ—ক্ৰি, [ চকু-লোৱেৰে বাট নেদেখা ] চ-কুলো অধিককৈ ওলালে বাট-পথ নেদেখা হয়। এতেকে,—বৰকৈ কন্দা, to shed profuse tears.

চটাই পাখৰী—বিং [ চট্‌চটাই ফুৰা পাখৰী] পাখৰী=পখৰা অৰ্থাৎ কেইবাটাও মিহলি ৰঙ্গৰ কাপোৰ পিন্ধা তিৰোতা। এতেকে,—চট্‌চটাই ফুৰা বিলাসিনী তিৰোতা, a coquette, a flirt.

চ’ত ফুৰা—ক্ৰি, চ’তৰ মাহত টোলৰ ছাত্ৰবিলাকে বৰলোকৰ ঘৰে ঘৰে ফুৰি

আশীৰ্ব্বাদ দি ধন তোলা, the soliciting of alms from well,-

১২