পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চকু
চকুৰ
৮৮

চকু পকোৱা—ক্ৰি, খং উঠিলে মানুহে চকু পকাই ধৰে। এতেকে,—খঙ্গাল ভাৱ ধৰা, খং কৰা, to look on angrily.

চকু ভাঙ্গি চোৱা—ক্ৰি, অতি আগ্ৰহেৰে কোনো পোনে চালে চকু বৰকৈ ঘূৰাই ভঙ্গাৰ নিচিনা কৰা হয়। এতেকে,—অতি আগ্ৰহেৰে চোৱা, to look at wistfully.

চকু মেলি চোৱা—ক্ৰি, চকু মুদি থাকিলে কোনো বস্তু দেখা নাযায়, চকু মেলিলে হে তাক দেখিবলৈ পোৱা যায়। এতেকে,—কোনো মানুহৰ ফালে দৃষ্টি অৰ্থাৎ শুভ দৃষ্টি পেলোৱা, অনুগ্ৰহ কৰা, to feel com- passion towards any one, to take pity on any one.

চকুত থু দি কন্দা—ক্ৰি, কান্দিলে চকু-লো ওলায়। লোকক দেখুৱাই মিছা- মিছিকৈ কান্দিবলৈ হলে চকুত থু সানি তাকে চকুলো বুজাব লগীয়া হয়। এতেকে,—কপটীয়া সহানুভূতি প্ৰকাশ কৰা, to express feigned sympathy.

চকুত বালি মৰা—ক্ৰি, চকুত বালি চেটিয়াই দিলে ধুৱঁলি-কুৱঁলি দেখা যায়। এতেকে,—চাই থাকোঁতেই চকুৰে নেদেখা কৰা অৰ্থাৎ চকুৰ আগতে ফাঁকি দিয়া, বুজিব নোৱৰাকৈ তৎক্ষণাৎ ডাঙ্গৰ প্ৰবঞ্চনা কৰা, to cheat daringly.

চকুত লগা—বিণ, (লগা = উজ্জ্বল হৈ লগা। ) দৃষ্টি-আকৰ্ষণকাৰী; অৰ্থাৎ শুৱনী, of attrative appearance.

চকুৰ কূটা, দাঁতৰ শাল—বিং, চকুত কূটা পৰি চকু খচ্‌খচাই থাকে। যেতিয়ালৈকে সি নোলায়, তেতিয়ালৈকে মানুহ জনে তত্‌ নাপায়। দাঁতত শাল সোমালেও বৰ আহুকাল লাগে। জিবাখন অবিশ্ৰাম সেই ঠাইলৈকে গৈ থাকে। যেতিয়ালৈকে সি নোলায়, তেতিয়ালৈকে মানুহ জনৰ অসুখ-আশাঁতি লাগি থাকে। শত্ৰুক তেনেকুৱা কূটা আৰু শালেৰে তুলনা কৰা হৈছে। যেতিয়ালৈকে শত্ৰু ‘নোলায়’ অৰ্থাৎ আঁতৰ নহয়, তেতিয়ালৈকে শান্তি পোৱা নাযায়। এতেকে,—ডাঙ্গৰ শত্ৰু, a bitter foe.

চকুৰ পচাৰতে—ক্ৰি-বিণ, চকুৰ পচাৰ পৰোঁতে যিমান সময় লাগে সিমান সময়তে অৰ্থাৎ তুৰন্তে, in the twinkling of an eye, immediately, at once.