পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোচামৰ
চকু
৮৭

gasp, to respire convulsively.

ঘোচামৰ জৰী—ক্ৰি, [ ঘৰ-স্বামীৰ জৰী ] ঘৈণীয়েকে গিৰিয়েকক জৰীৰে বন্ধাৰ দৰে বান্ধি থয়। এতেকে,—ঘৈণীয়েক, the householder's teather i.e. a wife.

ঘোষা ৰত্নাৱলী পঢ়া—ক্ৰি, আগৰ দিনত শ্ৰীমাধৱ দেৱৰ দ্বাৰা ৰচিত নাম-ঘোষা আৰু ৰত্নাৱলী পুথি যি পঢ়িব পাৰিছিল, তেওঁকে বিদ্বান বোলা হৈছিল। এতেকে,—ওখ-খাপৰ শিক্ষা পোৱা, to be highly educated.


চ।

চেঁচনি দিয়া—ক্ৰি, [ চেঁচা পানী দিয়া ] কোনো মানুহ অচেতন হলে মূৰত চেঁচা পানী দিয়া হয়। এই স্থলত, পানীৰ দ্বাৰা নিদি কথাৰ দ্বাৰা জুৰণি দিয়া বুজাইছে। এতেকে,—শান্ত হবলৈ বুজনি দিয়া, to give soothing advice, to try to console.

চেঁচুকৰ ডেমডেউকা—বিং, ডেমডেউকা চেঁচুকত গজে। সি ৰদ সহিব নোৱাৰে। এতেকে,—সুকোমল মানুহ, a delicate person, one unaccus- tomed to do hard work

চকু গজা—ক্ৰি, কেঁচুৱা লৰাৰ ‘চকু’ মুকলি হয়, আৰু গছৰ ‘চকু’ৰ পৰা পোখা গজে। এতেকে,—বুজন হোৱা, to be grown-up.

চকু থাকি খালত পৰা—ক্ৰি, বিপদ দেখিও আওহেলা কৰি গৈ থাকি বিপদত পৰা, জানি-শুনি বিপদগ্ৰস্ত হোৱা, to run into danger deliberately.

চকু দিয়া—ক্ৰি, কোনো মানুহৰ প্ৰতি আসক্তিৰ সঞ্চাৰ হৈ তালৈ চকু দিয়া অৰ্থাৎ তাৰ প্ৰতি আকৃষ্ট হোৱা, to be attracted towards any one amorously.