পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘটা
ঘোঁৰাৰ
৮৪

ঘ।

ঘটা লৰোৱা—ক্ৰি [ ঘণ্টা লৰোৱা ] (ঘণ্টা=টিলিঙ্গা। ) টিলিঙ্গা বজাওঁতে বৰকৈ লৰি থাকে। এতেকে,—কোনো মানুহক খঙ্গেৰে ধৰি জোকাৰ- পোকাৰ কৰা, to handle a person roughly.

ঘঁৰিয়াল-পৰা দিয়া—ক্ৰি, ঘঁৰিয়াল পানী-জুৱঁলিত দীঘল হৈ পৰি থাকে। এতেকে,—দীঘল হৈ পৰি থকা, to lie down at full length.

ঘিউঁ-চৰুত হাত দি অহ—ক্ৰি, কন্যাকালৰ সময়ত ছোৱালীযে ঘিউঁ-চৰুত হাত দিবৰ নিয়ম আছে। তেনে কৰিলে সৌভাগ্যৱতী হয় বুলি কয়। এতেকে,—ভাগ্যৱতী হোৱা, to come with a good luck (applied to a woman).

ঘোঁৰা নৌ ঘটোঁতে চাবুক ঘটা—ক্ৰি, চাবুকৰ দ্বাৰা ঘোঁৰা চলোৱা হয়। ঘটিবলৈ টান, কিন্তু চাবুক ঘটিবলৈ একো টান নহয়। এই স্থলত কোৱা হৈছে, যে ঘোঁৰা ঘটিম বুলি আশা কৰি, নৌ ঘটোঁতেই আগৈ চাবুক ডাল আনি থোৱা হয়। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান অংশ আগৈয়ে নকৰি সামান্য সৰু সৰু অংশ কৰা, to do an ancillary part before the principal part of an action.

ঘোঁৰা-বাগৰ দিয়া—ক্ৰি, ঘোঁৰাই অনবৰত লৰা-ধপৰা কৰি ফুৰে, তাৰ শীঘ্ৰে ভাগৰ নালাগে। যেতিয়া তাৰ ভাগৰ লাগে, তেতিয়া সি মাটিত পৰি এটা বাগৰ দিয়েই, আকৌ উঠি লৰ মাৰে। কোনো কোনো কামিলা মানুহেও সেই-ৰূপে কাৰ্য্য কৰি ফুৰে আৰু ভাগৰ লাগিলে ঢাৰিপাটীত খন্তেক পৰি থাকি আকৌ উঠি পুৰ্ব্বৰ দৰে কাৰ্য্য কৰে। এতেকে,— নিচেই অলপ পৰ ঢাৰিপাটীত পৰি জিৰণি লোৱা, to rest for a very short time only by lying down on the bed.

ঘোঁৰা-শিঙ্গৰ কৰিয়া পিন্ধোৱা—ক্ৰি, ঘোঁৰাৰ শিং নাই। ঘোঁৰা-শিঙ্গৰ কৰিয়া হব নোৱাৰে। এতেকে,—পাবলৈ নাইকিয়া পদাৰ্থ দ্বাৰা গঠিত অৰ্থাৎ অতুলনীয় অলঙ্কাৰ দান কৰা, (ব্যঙ্গাৰ্থ) to make a gift of a rare jewel (used ironically ).

ঘোঁৰাৰ চুটি—বিং, ঘোঁৰাই বেগেৰে চুটি মেলিব পাৰে। এতেকে,—অতি- পাত লৰ। তাৰপৰা, অতিপাত কাৰ্য্যতৎপৰতা, too much