পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গেলাত
গোৰ
৮২

বতৰ, a foul weather.

গেলাত টেঙ্গা দিয়া—ক্ৰি, [ গেলা মাছত টেঙ্গা দিয়া ] গেলা মাছৰ আঞ্জা কৰিবলৈ হলে তাত টেঙ্গা নিদি জালুক দিয়ে। গেলা মাছৰ আঞ্জাত টেঙ্গা দিলে, মাছ উৱলি সমূলি অনুপযুক্ত হয়। এতেকে,—কোনো অপকাৰ কৰি সেই অপকাৰকে গুৰুতৰ কৰা, to aggravate an injury.

গোট গরু—বিং, [ গোটেই গৰু ] তেনেই গৰু, অৰ্থাৎ জধা, মুৰ্খ, সমূলি জ্ঞান নাইকিয়া মানুহ, a dunce.

গোট ভাত গিলা—ক্ৰি, [ ‘উপজি গোট ভাত গিলা’ চোৱাঁ। ]

গোটে গোটে মানুহ গিলা—বিণ, ডোখৰ ডোখৰ নকৰাকৈ গোট মানুহক গিলি পেলায় বোলা হৈছে। এতেকে,—ৰাওমুৱা, monstrous.

গোত্ৰৰ গালি—বিং, [ স্বগোত্ৰৰ গালি ] স্বগোত্ৰৰ মানুহে গালি পাৰিলে তাক সহিবলৈ টান। এতেকে,— আত্মীয়-স্বজনৰ অসহনীয় দুৰ্ব্বাক্য, reproaches by one's own kith and kin which are unbearable.

গোনা মটা ওলোৱা—ক্ৰি, গোনা মটা মহ বৰ বলী। এতেকে,—বৰ বলী স্বৰূপে ওলোৱা অৰ্থাৎ অতি পৰাক্ৰমী বুজোৱা, to display prowess.

গোন্ধোৱা কথা—বিং, বৰ বেয়া গোন্ধ মানুহে সহিব নোৱাৰে। এই স্থলত, বেয়া কথা বেয়া গোন্ধেৰে তুলনা কৰা হৈছে। এতেকে,— অশ্ৰাব্য কথা, অসহনীয় অন্যায় কথা, a nasty thing, a highly wrongful or improper act, a nuisance.

গোম সাপৰ কণী অনা—ক্ৰি, গোম সাপ বিষাল আৰু তাৰ খং বেচি। তাৰ কণী আনিলে সি উগ্ৰমূৰ্ত্তি ধৰি খেদা দিয়ে। এতেকে,—শক্তিমন্ত খঙ্গাল মানুহৰ দ্ৰোহ আচৰা, to annoy a person who is too powerful.

গোৰ মাৰি গঙ্গাত পেলোৱা—ক্ৰি, হিন্দুমতে গঙ্গাত স্নান কৰিলে বহুপুণ্য হয়। গোৰ মাৰি পঠিয়ালে যদি মানুহ জন গৈ গঙ্গাত পৰে গৈ, তেনেহলে তেওঁ সেই কাৰ্য্যৰ দ্বাৰা গঙ্গা-স্নানৰ ফল পায়। এতেকে,—অপকাৰ কৰোঁতে অনিচ্ছাবশতঃ উপকাৰ কৰা, to benefit a person accidentally while intending to do him harm.