পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাখীৰৰ
গাভী
৭৮

super-added pleasure.

গাখীৰৰ নামেৰে পানী খোৱা—ক্ৰি, গুৱালে গাখীৰ পানী মিহলাই বেচে। কোনো সময়ত সি ইমানকৈ বেচি পানী মিহলায়, যে সেই গাখীৰ পানীৰ তুল্য হয়। এই স্থলত কোৱা হৈছে, যে গাখীৰ পানীৰ তুল্য হলেও, তাক হেঁপাহ কৰি খোৱা যায়। এতেকে,—নাম-মাত্ৰ ভালৰ সংশ্ৰৱ থকা বস্তুকে পাবলৈ আকাঙ্ক্ষা কৰা, to relish a thing which has the slightest tinge of good mixed with it; to desire a thing which, though not good in itself, passes as such by being associated with something good.

গাখীৰে গুড়ে সনা—ক্ৰি, গাখীৰে গুড়ে সানিলে ভালকৈ মিলি যায়। এতেকে,— ভালকৈ মিলি যোৱা, to agree thoroughly.

গাজত লগা—বিণ, [ গাজ= কুমলীয়া পুলি। ] হৃদয়ৰ মৰ্ম্মস্থান কোমল বাবে তাক গাজ বোলা হৈছে। এতেকে,—মৰ্ম্ম-ভেদী, cutting to the quick, pungent, severe.

গাজনি গোমৰণি—বিং, মেঘে বহু পৰ গাজি-গুমৰি থাকিলে বৰষুণ নহয়। মানুহেও বৰকৈ ডবিয়াই-হুঁকিয়াই থাকিলে মাৰ-কীল হবলৈ নাপায়। এতেকে,—মাৰ-কীল নোহোৱা ডাবি হুঁকি, rebuke uttered in a thundering voice but not followed by beating.

গান্ধী মাৰি হাত গোন্ধোৱ—ক্ৰি, গান্ধী তুচ্ছ প্ৰাণী। তাৰ গাটো বৰকৈ গোন্ধায়। তেনেকুৱা তুচ্ছ প্ৰাণীক মাৰিলে পুৰুষালি নাই, বৰং হাত গোন্ধায়। এতেকে,—তুচ্ছ মানুহক নষ্ট কৰি অপমান আৰ্জ্জন কৰা, to soil one's reputation by injuring an insignificant person.

গাভিনী শিয়াল—বিং, শিয়ালৰ পেট গেৰেলা। শিয়ালীৰ পেট তাতোকৈ গেৰেলা। গাভিনী শিয়ালীৰ পেট অতিপাত গেৰেলা, আৰু সিহঁতে বৰকৈ লৰি-চৰি ফুৰিব নোৱাৰে। এতেকে,— বৰকৈ লৰিব-চৰিবৰ মন নোযোৱা ভেৰেহা এলেহুৱা মানুহ, a person of unwieldy bulk, a lazy person.

গাভী মানুহ—বিং, [ গা-ভাৰী মানুহ ] গাত ধন-বস্তুৰ টোপোলা থাকিলে গাৰ ভাৰ বেচি হয়। এতেকে,—সম্পত্তিশালী মানুহ, a rich man.