পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাৰ
গাখীৰতে
৭৭

গাৰ নোম নেদেখা পৰ—বিং, সাঁজ লাগিলে গাৰ নোম চকুৰে নেদেখা হয়। এতেকে,— সাঁজলগা বেলি, dusk.

গাৰ নোম শত্ৰু হোৱা—ক্ৰি, [গাৰ নোম হৈ শত্ৰু হোৱা] অতি আপোন মানুহেই শত্ৰু হোৱা, to behave like an enemy though bound by ties of nearest friendship or relationship.

গাৰ ফালে পৰ-পালি দিয়া—বিণ, ৰোগ টান হলে মানুহে ৰাতি ৰোগীৰ ওচৰত বহি পৰ-পালি দিব লাগে। তেনে অৱস্থাত ৰোগীৰ গা নিচেইকৈ ক্ষীণাই-শুকাই যায়। এতেকে,— নিচেইকৈ ক্ষীণ, অতি দুৰ্বল, weak and emaciated.

গাৰী ধৰা—ক্ৰি, [ গাৰ শ্ৰী ধৰা ] সবল হোৱা, to grow fat.

গাই বাই খোলাকটিৰ তাল পোৱা—ক্ৰি, নাম গালে, তাল বালে, কিন্তু শেষত জানিব পাৰিলে যে সেই তাল কাঁহৰ তাল নহয় খোলাকটিৰ হে তাল, অৰ্থাৎ ইমান পৰিশ্ৰমৰ ফলত কেৱল এজোৰ খোলাকটিৰ তাল পালে, এই বাক্যৰ দ্বাৰা এই ভাব বুজোৱা হৈছে। এতেকে,—বহু পৰিশ্ৰম কৰি নগণ্য লাভ পোৱা, to have a nominal gain though strenuous efforts were made.

গাই বাই চোৱা—ক্ৰি, যেতিয়ালৈকে উপযুক্ত মাননী দিয়া নহয়, তেতিয়ালৈকে গায়ন-বায়নৰ জোৰাই ঘূৰি ঘূৰি নতুন নতুন চেও মাৰি থাকে। এতেকে,—কোনো কাৰ্য্য কৰিবৰ নিমিত্তে বহু যত্ন কৰা, to try hard.

গাইমুৱা মানুহ—বিং, গাই মাইকী। যি মানুহৰ মুখত দাড়ি গোফ নগজে, তেনে মানুহক মাইকীৰ নিচিনা দেখা যায়। এতেকে,—মাইকী- মুৱা মানুহ, a man of feminine appearance.

গাখীৰতকৈ বগা হলে কুঠীয়া হোৱা—ক্ৰি, (কুঠীয়া =কুষ্ঠ-ৰুগীয়া) গাখীৰৰ বৰণ বগা কিন্তু কুষ্ঠ ৰোগৰ বৰণ তাতোকৈ বগা। এতেকে,—অতিৰিক্ত মঙ্গল অমঙ্গলত পৰিণত হোৱা, the degenerating of a virtue to the category of vice by being pushed to extremes.

গাখীৰতে মহৰ খুটি—বিং, কোনো ঠাইত গাখীৰ সাধাৰণতে পোৱা যায়, তাতে মহৰ খুটি পতা হয় বোলা হৈছে। এতেকে,—সুখৰ উপৰি সুখ,