পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গা
গাত
৭৫

(applied to a woman).

গা হৈ কোৱা—ক্ৰি, নিজে দায়িত্ব গ্ৰহণ কৰি কোৱা; ডাঠি কোৱা, to speak confidently.

গাই গাই লগা, মাত-বোল নোহোৱা—, দুজন মানুহে গাই গাই লাগি থাকে, তথাপি সিহঁতৰ ভিতৰত মাত-বোল নাই বোলা হৈছে। এতেকে,— নিচেই ওচৰ-চুবুৰীয়া মানুহেৰে মিলা-প্ৰীতি নথকা, the living of too close neighbours on terms of hostility.

গাই পেটে পেটে ভঁৰাল হোৱা—ক্ৰি, [গাইগুটীয়াকৈ পেটে ভঁৰাল হোৱা] গাই গৰু এগোট হৈ পেট পেটে ভঁৰাল হোৱা অৰ্থাৎ প্ৰত্যেকেই বেলেগ হৈ সুকিয়াকৈ খোৱা, to live every one for himself.

গাটোৰ লগতে ছাঁটো যোৱা—ক্ৰি, গাটো যেনি যায়, গাটোৰ ছাঁটোও তেনি লগে লগে যায়। এতেকে,—অভেদ-স্বৰূপে থকা, to associate with a person like his shadow, to live in inseparable association.

গাত গামোছা লোৱা—ক্ৰি, ছোৱালীবিলাকে পাট-গাভৰু হলে শুদা মেখেলাৰে নাথাকি গাত এখন গামোছা লৈ থাকে। এতেকে,—পাট-গাভৰু হোৱা, to arrive at the stage preceding puberty, generally between 10 and 14 years (said of a girl).

গাত চিকুটিলে গম পোৱা—ক্ৰি, পৰক চিকুটিলে সি কিমান দুখ পায়, সেই কথা নিজৰ গাত চিকুটি চালেই গম পোৱা যায়। এতেকে,—পৰৰ দুখ নিজৰ দুখেৰে ৰিজাই অনুমান কৰা, to realize the feelings of another person by comparing them with like feelings in one's own mind.

গাত জুই জ্বলা—ক্ৰি, জুই লাগিলে গা যেনেকৈ পুড়ি দেই যায়, সেইৰূপে পুড়ি- দেই যায় বোলা হৈছে। এতেকে,—অতিৰিক্ত বেজাৰ-কষ্ট পোৱা, to be deeply afflicted with sorrow.

গাত জ্বৰে বিষে উঠা—ক্ৰি, বেজাৰত তত হেৰোৱা, to suffer anguish.

গাত পাখি গজা—ক্ৰি, চৰাইৰ গাত পাখী গজিলে সি উৰণীয়া হয়। এতেকে,— ডাঙ্গৰ-দীঘল হোৱা, নিজে নিজৰ তত্বাবধান লব পৰা হোৱা, to grow sufficiently to be able to take case of oneself.