পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গা
গা
৭৪

গা ভাল হোৱা—ক্ৰি, তিৰোতাৰ প্ৰসৱ হোৱা, to be delivered of a child.

গা-মূৰ ধোৱা—ক্ৰি, তিৰোতাই ঋতুৰ পাচত গা আৰু মূৰ ধোৱে। সেইৰূপে শুচি হোৱাৰ পাচত পতি-সঙ্গম হয়। এতেকে,—to conceive child in the womb.

গা যোৱা—ক্ৰি, [ গাৰ তেজ যোৱা ] তিৰোতাৰ ৰক্ত স্ৰাৱ হোৱা, to be affected with haemorrhage ( said of a woman).

গা ৰঞ্জিত ৰঞ্জিত কৰা—ক্ৰি, ’ৰঞ্জিত’ শব্দৰ সংস্কৃত ‘ৰঞ্জ’ ধাতুৰে সম্পৰ্ক নাই সি ‘ৰণং জিতম্‌’ এই বাক্যৰপৰা উৎপন্ন হৈছে। ৰণ জিকিলে শৰীৰৰ যেনে ভাব হয় তেনে ভাব হয় বুলি কোৱা হৈছে। এতেকে,— আনন্দত গা নাচি উঠা, to be exhilarated, to feel buoyant.

গা ৰাইজাই কৰা—ক্ৰি, (ৰাইজাই =ৰয় যায়। ) গা এবেলি ৰয় আৰু এবেলি যায় অৰ্থাৎ লৰি থাকে। এতেকে,—গা অথিৰ হোৱা [ প্ৰধানকৈ ভোকত গা ৰাইজাই কৰে বোলা হয় ], to stagger, to reel.

গা ৰোৱা—ক্ৰি, [গাৰ তেজ ৰোৱা ] তিৰোতাৰ ৰক্ত-স্ৰাৱ বন্ধ হোৱা, সুস্থীয়া হোৱা, নিজগৰী হোৱা, (সচৰাচৰ বিদ্ৰুপাৰ্থত ওলোটা ভাব বুজায়, যেনে, আমাৰ ফালে গা ৰ’ল = আমাৰ সুস্থভাব আঁতৰিল, আমি জঞ্জালত পৰিলোঁ), the stopping of haemorrhage of a woman; to be well off. (often used ironically, when it means, 'to be ill off').

গা লৰা—ক্ৰি , গৰ্ভ লৰা, প্ৰসৱ-কাল উপস্থিত হোৱা, the turning of a child in the womb previous to delivery.

গা লৰা—ক্ৰি, কোনো কাৰ্য্য কৰিবলৈ হলে গাটো লৰাই আগ বাঢ়ি যাব লাগে। এতেকে,—কোনো কাৰ্য্য কৰিবলৈ উদ্যোগ হোৱা, preparing to do any work.

গা সাতখন আঁঠখন কৰা—ক্ৰি, নাচনীয়ে নাচোঁতে গা বৰকৈ ভাগে। এই স্থলত গা ইমান ভাগে বোলা হৈছে যে সি সাতখন আঁঠখন হৈ যায়। এতেকে,—আনন্দত বৰকৈ নচা অৰ্থাৎ উত্ৰাৱল হোৱা, to be extremely jubilant.

গা সুৰি যোৱা—বিং [গা স্ৰৱি যোৱা] তিৰোতাৰ ৰক্ত-স্ৰাৱ, haemorrhage