পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰু-বিচৰা
গলৰ
৭০

অসাৰ্থক কাৰ্য্য, an infructuous action.

গৰু-বিচৰা দিয়া—ক্ৰি, খেতিয়ক মানুহৰ পক্ষে গৰু সৰ্ব্বপ্ৰধান সম্পত্তি। গৰু হেৰালে সিহঁতে বিচাৰিবলৈ কোনো ঠাই বাকি নথয়। এতেকে,— হেবাথুৰি খাই বিচাৰি ফুৰা, to make a labourious search.

গৰু মৰা, পোক সৰা—ক্ৰি , গৰুৰ ঘা হলে পোকে গৰুৰ লগ লাগে। পোকে ঘা বহলাই নি শেহন্তত গৰুটো মাৰে গৈ। যেতিয়া গৰু মৰে, তেতিয়া পোক আঁতৰি যায়। গৰু জীয়াই থাকে মানে গিৰিহঁতৰ, গৰু আৰু পোক দুইৰে সৈতে সম্বন্ধ থাকে, অৰ্থাৎ গিৰিহঁতে গৰুৰ পোক বাছি থাকিব লাগে। যেতিয়া গৰু মৰে আৰু পোক আঁতৰি যায়, তেতিয়া গিৰিহঁতৰ দুইৰেপৰা সম্বন্ধ এৰায়। সেই-ৰূপে, সুবিধা বুজি মানুহেও কোনো এজন মানুহৰ লগ লাগে আৰু সেই মানুহক উদ্ভণ্ডালিৰ দ্বাৰা সৰ্ব্বনাশ কৰে। ফল-স্বৰূপে, তাৰ প্ৰাণ-হানি হয়। এতিয়া কোৱা হৈছে, যে যদি কাৰোবাৰ সেই আশ্ৰয়দাতা মানুহেৰে সৈতে সম্বন্ধ আছিল, সি মৰাত সেই সম্বন্ধ যে গুচিলেই, লগে-লগে তাৰ আশ্ৰয়ত থকা স্বাৰ্থান্বেষী মানুহ জনৰ পৰাও সম্বন্ধ গুচিল। এতেকে,—কোনো এজনৰ, সম্বন্ধীয় মানুহৰ মৰণ হলে সেই সম্বন্ধীয় মানুহেৰে সৈতে স্বাৰ্থ সিদ্ধিৰ নিমিত্তে যিলগ লাগিছিল, সেই স্বাৰ্থান্বেষী মানুহৰপৰা প্ৰথম জনৰ সম্বন্ধ ছিগা, the disconnecting of two persons on account of loss of another who served as the connecting link.

গৰু হৈ ঘাঁহ খোৱা—ক্ৰি, গৰু মূৰ্খ বুলি খ্যাত। এতেকে,—মূৰ্খ হৈ মুৰ্খ কাৰ্য্য কৰা, to play the part of a fool.

গৰুড়ৰ পাখা বান্ধি থোৱা—ক্ৰি, গৰুড়-পক্ষীক পোৱালি অৱস্থাতে পাখা বান্ধি সৰহ দিন থব পৰা নাযায়, কিয়নো ডেউকাত বল হলে সি ডোল-ফঁহটি ছিঙ্গি নিশ্চয় উৰাও মাৰিব। এতেকে,—বলৱন্ত প্ৰাণীৰ স্বাভাবিক বল নিবাৰণ কৰিব নোৱৰা, to be powerless to arrest the natural development of genius, to be unable to prevent the growth of anything by artificial means.

গলৰ মণি—বিং, মণি গলত ওলোমাই পিন্ধা হয়। এজনে আন এজনক আঁকোৱালি ধৰি গলৰ ওচৰলৈ টানি আনি মৰম কৰে। এতেকে,— অতি আদৰৰ মানুহ, one much beloved, a darling.