পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰগাঁওৰ
গৰুচোৰৰ
৬৯

নাওত উঠিলে গৰগঞা মিতিৰে মুখেৰে মৰম বুজাই কয় ‘মিতিৰ, আজি নাযাবা, থাকাঁচোন’ কিন্তু ইফালে গম ধৰিব নোৱৰাকৈ ভৰিৰে নাওখন হেঁচি দিয়ে। নাও গৈ পানীৰ ধাৰত পৰিলে তাক আৰু ৰাখিব পৰা নাযায়। এতেকে,—কপটীয়া বন্ধু, an insincere friend.

গৰগাওঁৰ কথা শুনি তল যোৱা—ক্ৰি, আসামৰ ৰাজধানী গৰগাওঁ এনে চমৎ- কাৰ নগৰ আছিল যে তাৰ কথা শুনিলে বিস্ময়ত তল যাব লাগে। এতেকে,—কোনো আচৰিত বস্তু বা এটাৰ কথা শুনি বিচুৰ্ত্তি হোৱা, to be dazed on hearing any description of a wonderful thing or event.

গৰুখুণ্ডা মহাজন—বিং, মহাজন =মহন্ত। মহন্তসকলে ডবা কোবায়। ডবাৰ ছালখন গৰুৰ ছালেৰে ছোৱা বাবে ডবা কোবোৱা গৰুখুণ্ডা বোলা হৈছে। গৰু খুণ্ডাৰ প্ৰকৃত অৰ্থ গৰু বন্ধোৱা। এই কাৰ্য্য উচ্চ- জাতীয় হিন্দুৱে নকৰে। এতেকে,—ডবা-কোবোৱা মহন্ত, ( গালিৰ মাত ) a mohonta who plays the daba which is a kind of large drum prepared with cow-skin (used abusively).

গৰু-খোজৰ পানী—বিং, পথাৰৰ গৰু-খোজৰ ফাটত বৰষুণৰ পানী বয়। এতেকে,—নিচেই অলপীয়া পানী, a small quantity of water.

গৰু চুৰ কৰি পঘা ধৰিবলৈ লাজ পোৱা—ক্ৰি, পঘা ধৰি চোৰে গৰু চুৰ কৰি লৈ যায়। এই স্থলত কোৱা হৈছে, যে গৰু চুৰ কৰিবলৈ লাজ নাপায়, কিন্তু পঘা ধৰি নিবলৈ লাজ পায়। এতেকে,—কোনো দুষ্কৰ্ম্ম কৰিবলৈ লাজ নাপাই সেই দুষ্কৰ্ম্মৰ আনুষঙ্গিক কাৰ্য্য কৰিবলৈ লাজ পোৱা, to commit a hateful crime and yet be ashamed to show hands.

গৰু-চোৰ—বিং, হিন্দুৱে গৰুক দেৱতুল্য ভাবে। তেনে গৰুক চুৰ কৰাটো অতি জঘন্য কাৰ্য্য বুলি ধৰা হয়। এতেকে,—অতিপাত অসৎ লোক, a notorious thief, a great knave.

গৰু-চোৰৰ গঙ্গা-স্নান—বিং, গৰু চুৰ কৰাটো মহা পাপৰ ভিতৰত গণ্য হয়। তেনেকুৱা মহাপাপীৰ পক্ষে গঙ্গা-স্নান অসাৰ্থক। এতেকে,—