পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খেও
খোপ
৬৫

খুদ্‌-চাউল মাগি আনি তাকে ৰান্ধি ভাত খায়। এতেকে,—অতি টোকোনা, impocunious.

খেও খোৱা --ক্ৰি, জালোৱাই পানীত খেৱালি জাল মাৰি মাছ ধৰে। জাল নিয়মিত- ৰূপে চাৰিও পোনে সমানে মেল থাই পৰাকে ‘খেও খোৱা’ বোলে। খেও খালে খেওৰ ভিতৰত পৰা মাছ সাৰি যাব নোৱাৰে। এতেকে- কোনো কথা বা কাৰ্য্য যেনে-স্বৰূপ হব লাগে তেনে-স্বৰূপ হৈ পৰা, মিলি পৰা, ( জাল ‘মেলি’ পৰে আৰু কথা ‘মিলি’ পৰে এই সাদৃশ্যৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। ) to be in agreement, harmony, correspondence, concord.

খেৰ শুকোৱা দি শুকোৱা— ক্ৰি, খেৰ কাটি থলে ৰদত তৎক্ষণাৎ শুকাই যায়। এতেকে,—শীঘ্ৰে ক্ষীণ হৈ যোৱা, to be going down rapidly in health.

খেৰৰ শনি—বিং, খেৰৰ শনি পুৰিলে তৎক্ষণাৎ ছাই হৈ যায়। এতেকে,— কোনো খন্তেকীয়া বন্ধু, মানুহ, কাৰ্য্য ইত্যাদি, anything of a transient nature.

খেৰণীয়ে বননীয়ে—ক্ৰি-বিণ, যতে-ততে জঘন্য ঠাইত, in any out-of-the- way place.

খেত পৰুৱা মৰা—ক্ৰি, পৰুৱা নমৰোক বুলি যাওঁতেও খোজত পৰুৱা মৰে এই ভাব বুজোৱা হৈছে। এতেকে,—নিচেই লাহে লাহে খোজ কঢ়া, to walk too slowly.

খোপ এৰা—ক্ৰি, [ ‘খোপ ছিঙ্গা' চোৱাঁ। ]

খোপ ছিঙ্গা—ক্ৰি, কোনো বস্তু খোপত লাগিলে নেৰায়। এই স্থলত বোলা হৈছে যে খোপ ছিঙ্গে অৰ্থাৎ খোপৰপৰা এৰুৱাই দিয়ে। এতেকে,—কোনো মানুহে কোনো এটা মততে লাগি থাকি বহু পৰৰ মুৰত সেই মত এৰি দিয়া, to concede.

খোপ লগা—ক্ৰি, [ খোপত লগা ] খোপত লাগিলে কোনো বস্তু বেগতে নেৰায়। এই স্থলত, কোনো কথাৰ খোপ লাগিছে অৰ্থাৎ মানুহ জনে কোনো এটা কথাত লাগি আছে, বেগতে কথাটো এৰি নিদিয়ে এনে ভাব বুজোৱা হৈছে। এতেকে,—গপ লগা, to be too proud to

do a thing (used playfully).