পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খাওঁ
খাম
৬৩

খাওঁ খাওঁ মুৰ্ত্তি-বিং, [ খাওঁ খাওঁ কৰা মুৰ্ত্তি ] অতি আকলুৱা মানুহ; বৰ খঙ্গাল মানুহ, a gourmand; a furious person.

খাটনিক লোটনি বোলা—ক্ৰি, খাটনি আৰু লোটনি এই দুই শব্দ সমাৰ্থক বোলা হৈছে, কিয়নো ডকাইতে লুটিলে যেনেকৈ মানুহ সৰ্ব্বস্বান্ত হয়, খাটনি ধৰিব জনা মানুহে খাটনি ধৰিলেও সেইৰূপে সৰ্ব্বস্বান্ত হয়, অৰ্থাৎ সি তাৰ যথাসম্পত্তি দিও খাটনি ধৰা মানুহক সন্তুষ্ট কৰে। এতেকে,—খাটনি আৰু লোটনি দুইকো সমান হানিজনক গণ্য কৰা, to regard flattery and robbery as same, both being equally disastrous in their effect upon the person who is flattered and the person who is robbed.

খাব জানিলে চাউলেই চিৰা হোৱা-ক্ৰি, চিৰা=চাউল চিৰা, সান্দহ। বৰা- চাউল ভাজি ঢেঁকিত খুণ্ডিলে সান্দহ হয়। এই স্থলত কোৱা হৈছে যে খাব জানিলে চাউলেই অৰ্থাৎ বৰা চাউলেই চিৰা হয়, অৰ্থাৎ চিৰাৰ সমান তৃপ্তিদায়ক হয়। বৰা চাউল তিয়ালে কোমল চাউল হয়, আৰু সি তৃপ্তিদায়ক জলপান। এতেকে,--নিয়ম-প্ৰণালী জানিলে অসুবিধাজনক কাৰ্য্য বা বস্তুকো সুবিধাজনক কৰি লব পৰা, to turn a bad thing to good account if one knows how to do it.

খাব-জীবৰ লক্ষণ—বিং, এনেৰূপ লক্ষণ যাৰ দ্বাৰা বুজিব পৰা যায় যে মানুহ জনে ভবিষ্যতে ভালমতে খাব পাৰিব আৰু ভালমতে জীব পাৰিব, অৰ্থাৎ উন্নতিৰ চিন, signs of future prosperity.

খাবলৈ পাই এন্গেনোৱা -ক্ৰি, [ খাবলৈ পাই গেনগেনোৱা] কোনো মানুহে ভালকৈ খাবলৈ পাইছে। সিমানতে তাৰ সম্পূৰ্ণ তুষ্টি হব লাগে। কিন্তু তেনে নহৈ তাৰ লেন বাঢ়ি যায়। ভোজনৰ বিষয়ে কিবাকিবি অসন্তোষ-বুজোৱা কথা সি লেনিয়াই কয়। লেনিয়াই কোৱা বাবে মাত গেন-গেনীয়া হয়। এতেকে,-কোনো বিষয়ে তৃপ্তি সম্পূৰ্ণ হোৱা বাবে লেন ধৰি অসন্তোষৰ ভাব বুজোৱা, অসন্তোষৰ কাৰণ নথকা স্বত্বেও অসন্তোষপ্ৰকাশ কৰা, to grumble where no real grievance exists.

খাম লম বুলি জীয়াই থকা—ক্ৰি, [ভাত খাম কাপোৰ লম বুলি জীয়াই থকা ]