পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খঙ্গত
খঙ্গে
৬০

হটি যোৱা সেনাই এনেৰূপ আচৰণ কৰে এই ভাব বুজায়। এতেকে,-বলী শত্ৰুক অপকাৰ কৰিব নোৱাৰি নিৰপৰাধী দুৰ্ব্বল মানুহক অপকাৰ কৰি ক্ৰোধ প্ৰকাশ কৰা, to take revenge on a weak person for an injury done by another who is too powerful.

খঙ্গত আপোনাৰ মঙ্গহ আপুনি খোৱা—ক্ৰি, অতিপাত খং উঠিলে কাকো একো অপকাৰ কৰিব নোৱাৰিলে কোনো কোনো মানুহে নিজৰ শৰীৰৰ কোনো এটা অংশ কামুৰি ছিঙ্গি পেলায়। এতেকে,—খঙ্গত বিহ্বল হোৱা, to be over-powered by anger.

খঙ্গত একো নাইকিয়া হোৱা—ক্ৰি, ইমান খং উঠে যে একো নাইকিয়া হয়, অৰ্থাৎ যালৈ ভাবি খং এৰিব লাগে তেনে কোনো মানুহ নাইকিয়া যেন ভাব হয়। এতেকে,অতি ক্ৰোধান্তিত হোৱা, to be beside one- self in anger.

খঙ্গত জামদগ্নি হোৱা—ক্ৰি, জামদগ্নি ঋষিৰ পুতেক পৰশুৰাম আছিল। তেওঁৰ থং ইমান উগ্ৰ আছিল যে নিজৰ মাক ৰেণুকাক কুঠাৰেৰে কাটিলে, আৰু ২১ বাৰ ক্ষত্ৰিয় সংহৰি পৃথিবী নিক্ষত্ৰিয় কৰিলে। এতেকে,— অতি খঙ্গাল ভাবধাৰণ কৰা, to be mad with rage.

খঙ্গত পেট কাটি ছমাহলৈ শুকনী খোৱা—ক্ৰি, ইমান খং উঠে যে নিজৰ পেটটো কাটে। পিচত কটা ঘা শুকোৱাবৰ নিমিত্তে ছমাহলৈ ঔষধ খাব লাগে। এতেকে,—খঙ্গৰ ওপৰত হঠাৎ মহা অনিষ্ট সাধন কৰি পিচত সেই অনিষ্টৰ উপশমৰ নিমিত্তে বহু কাল যত্ন কৰা, খঙ্গত খন্তেকতে কোনো কাৰ্য্য কৰি পিচত তাৰ ফল-স্বৰূপে বহুকাল মনস্তাপ কৰা, to do an act in anger on the spur of the moment and then to repent for it for a long period.

খঙ্গৰ কীল লপা-থপা হোৱা-ক্ৰি, (থপা =থাপ; লপা অনুৰূপ। ) খঙ্গত অলপকৈ থাপ মাৰিলেই দন্দ লগা, to be offended even at the touch of the hand when the hand is laid in anger.

খঙ্গে গৈ মুৰৰ চুলি পোৱা—ক্ৰি, খঙ্গত ওপৰলৈ তেজ উঠে। এই স্থলত কোৱা হৈছে যে খং গৈ ইমান ওপৰলৈ উঠিছে যে সি মূৰৰ চুলি পাইছে গৈ। এতেকে,—অতিকৈ খং উঠা, to be extremely angry.