পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই বুলি তাক যে আন বিভাগত ব্যৱহাৰ কৰিব পৰা নাযায় এনে নহয়। আৰু কোনো খণ্ডবাক্য বিশ্লেষণ কৰি তাৰ এটা অংশকে পৃথকে ব্যৱহাৰ কৰা যায়। সেইৰূপে, খণ্ডবাক্য বৃদ্ধি বা সালসলনি কৰিও ব্যৱহাৰ কৰা ৰীতি চলিত আছে।

 যিবিলাক খণ্ডবাক্যক ৰীতিসিদ্ধ প্ৰয়োগ-স্বৰূপে ধৰা গৈছে সাধাৰণতঃ সইবিলাকক মাথোন এই পুথিত ঠাই দিয়া হৈছে। তাৰ উপৰি, লাগতিয়াল বুজি কেতবিলাক গুটীয়া আৰু যুটীয়া শব্দকো ব্যৱহাৰ কৰা হৈছে। যদিও তেনেকুৱা শব্দ শব্দকোষত ঠাই পাবলগীয়া আছিল, তথাপি ৰীতিসিদ্ধ আৰু বিশেষ ভাব প্ৰকাশৰ বাবে সেইবিলাককো আমি খণ্ডবাক্য-কোষত সুমাই লোৱাটো উচিত বিবেচনা কৰিলোঁ।

ডিব্ৰুগড়।
২৯ আশ্বিন ১৮৩৮ শঁক।
শ্ৰীবেণুধৰ ৰাজখোৱা
 
⸺⸺⸺