পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খুঁটি
খং
৫৯

hood.

খুঁটি পুতি উজুটি খোৱা—ক্ৰি [ আপনি খুঁটি পুতি আপুনি উজুটি খোৱা ] মাটিত খুঁটি পোতা থাকিলে খুঁটিত ভৰি লাগি উজুটি খোৱা হয়। এতেকে,—আপোনাৰ কাৰ্য্যৰ দ্বাৰা আপুনি ঘাটি খোৱা, to be adversely affected by one's own conduct.'

খুঁটিয়া-খুঁটি লগা—ক্ৰি, চৰাইবিলাকে ইটোৱে-সিটোৱে ঠোঁটেৰে যুঁটিয়া-খুঁটি কৰে। এতেকে-পৰস্পৰ সামান্য প্ৰকাৰৰ দন্দ্ৱ খৰিয়াল কৰা, to engage in petty quarrels.

খুঁটীয়া মহে নাও বুৰোৱা—ক্ৰি, গুৱালে নাওত উঠি নাকী ধৰি খুঁটিৰ ঘৰচীয়া মহ নৈত পাৰ কৰে। কেতিয়াবা সেই মহে নাও বুৰাই দিয়ে। এতেকে,—আপোন মানুহে সৰ্ব্বনাশ কৰা, the doing of the greatest harm by one's dearest relative or friend.

খোকা পতা—ক্ৰি, অধিক মাছ পাবৰ নিমিত্তে আশা কৰি ঠুহা বা চেপাৰ পৰিবৰ্ত্তে খোৰা পতা হয়। এতেকে,— অধিক লাভ পাবৰ নিমিত্তে আশা কৰা, to covet inordinately.

খং ধাৰ কৰিব নলগা—ক্ৰি, যি বস্তু কোনো মানুহৰ আছে, সেই বস্তু তাৰ দেখুৱাবৰ প্ৰয়োজন নাই। সকলো মানুহৰে নিজৰ খং আছে, কোনোৱে আনৰপৰা তাক ধাৰ কৰিব নালাগে। এতেকে,—খং দেখুওৱাৰ প্ৰয়োজন নোহোৱা, to perceive the uselessness of making an exhibition of anger.

খং নামে চণ্ডাল হোৱা—ক্ৰি, শপত লোৱাৰপৰা এই বাক্য ওলাইছে। ইয়াৰ প্ৰকৃত অৰ্থ “খং এই নামেৰে সম্পৰ্ক থকা যৎকিঞ্চিৎ কামো যদি কৰোঁ, তেনেহলে মোক চণ্ডালৰ তুল্য নীচ জ্ঞান কৰিবা”। এতেকে,—খঙ্গাল মানুহ চণ্ডালৰ তুল্য নীচ হোৱা, to prove to be a person of low origin by giving vent to anger.

খং-শিঙ্গা বজোৱা—ক্ৰি, বিপদৰ জাননী দিয়া, (’ৰং-শিঙ্গা বজোৱা’ চোৱাঁ। ) to give a danger signal.

খং সৰা—ক্ৰি, [ খং সৰুওৱা) খং সাৰে অৰ্থাৎ পলাই সাৰে। যাক সি আক্ৰমণ কৰিব খোজে, সি ওলোটাই আক্ৰমণ কৰিলে খং নিজে পলাই সাৰে। হটি যাওতে বাটত যি পায় তাকে অপকাৰ কৰি পলাই যায়। যুদ্ধত