পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কোটকোৰা
কৌৰৱৰ
৫৭

এতেকে,অতি লাহে লাহে যোৱা, অনিচ্ছাবশতঃ যোৱা, to walk leisurely.

কোটকোৰা কাঁইটে ফুটা—ক্ৰি, খোচা-বিন্ধা কৰাৰ দৰে অসুবিধা ভোগ কৰা, আহুকাল পোৱা, to be annoyed greatly।

কোমল-ধুন্দুলি—বিং, ধুন্দুলি নিচেই কোমল। এতেকে,—সুকোমল মানুহ, an extremely delicate person.

কোৰ মতা—ক্ৰি, যি যি দূষণীয় কাৰ্য্য কৰিলে মানুহৰ ৰোগ জন্মে, তেনে কাৰ্য্য কৰিলে ৰোগ নিজে মাতি অনাৰ দৰে হয়। (কোৰ শাৰীৰিক অসুখ। ) এতেকে,-ৰোগোৎপাদক কাৰ্য্য কৰা, to lead a life of irregular habits.

কোলাৰটো এৰি পেটৰটোলৈ আশা কৰা—ক্ৰি, [ কোলাৰ লৰাটো এৰি পেটৰ লৰাটোলৈ আশা কৰা। ] জন্ম পোৱা সন্তান এৰি গৰ্ভস্থ সন্তানলৈ আশা কৰা অৰ্থাৎ সম্প্ৰতি যাক পোৱা হৈছে তাক এৰি ভবিষ্যতে যাক পোৱা হব তালৈ আশা কৰা, হাতেৰে পোৱা বস্তুলৈ কাণ নকৰি দূৰণীয়া আশা কৰা, to give up a thing in hand in expecta- tion of a thing to come.

কোৱা-কা জিলী-জা—বিং, কোনো মানুহৰ মাত শুনিবলৈ পোৱা নাযায়। ‘কোৱা’ অৰ্থাৎ কাউৰীৰ ‘কা’ ‘কা’ আৰু জিলীৰ ‘জা’ ‘জা’ শব্দ শুনিবলৈ পোৱা যায়। এতেকে,—ঘোৰ নিস্তব্ধতা, deep silence.

কোৱাত কৈ বাতৰি দিয়া—ক্ৰি, (কোৱা = কাউৰী)কাউৰীৰ আগত কৈ অৰ্থাৎ কাউৰীক দূত-স্বৰূপে পঠিয়াই বাতৰি দিয়ে বোলা হৈছে। এতেকে,— কৰবাত কোনোবা মানুহৰ মুখেৰে বাতৰি পঠোৱা, গুপ্তভাৱে বাতৰি পঠোৱা, to send a news secretly.

কোৱাত কৈ বাতৰি দিয়া—ক্ৰি, (কোৱা = কাউৰী)কাউৰীৰ আগত কৈ অৰ্থাৎ কাউৰীক দূত-স্বৰূপে পঠিয়াই বাতৰি দিয়ে বোলা হৈছে। এতেকে,— কৰবাত কোনোবা মানুহৰ মুখেৰে বাতৰি পঠোৱা, গুপ্তভাৱে বাতৰি পঠোৱা, to send a news secretly.

কৌটী-কলীয়া ৰীতি—বিং, [ কোটী-কলীয়া ৰীতি] কোটী কালৰপৰা চলি অহা ৰীতি, পূৰ্ব্বাপৰ প্ৰচলিত ৰীতি, a time-honoured custom.

কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা—ক্ৰি, বিদূৰ কৌৰৱৰ অন্নেৰে প্ৰতি- পালিত হৈছিল, কিন্তু তেওঁ সদাই পাণ্ডৱৰ পক্ষ সমৰ্থন কৰি কথা কৈছিল। সেই কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,— অগুণকাৰী হোৱা, to be ungrateful to the benefactor.