পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুন্দত
কুলাৰ
৫৫

হয়। এতেকে,—ঘোৰ অপৰাধিনী। ( গালিৰ মাত), sinful, (a term of reproach, applied to a woman).

কুন্দত কটা—বিণ, কুন্দ-শালত কোনো বস্তু কাটিলে সি দেখিবলৈ ধুনীয়া হয়। এতেকে,—ধুনীয়া, well-shaped, beautiful.

কুমলীয়া এদা পাই ভৰিত মোহাৰি খোৱা—ক্ৰি, বুঢ়া এদাৰ জাল টান, আৰু তাৰ ছাল ডাঠ। তাৰ ছাল কটাৰিৰে কাটিব লাগে আৰু কাটোঁতে জালে নাকত আৰু চকুত জন্‌জনাই ধৰে। কিন্তু কুমলীয়া এদাৰ ছাল মোহাৰিলেই এৰি যায় আৰু তাৰ জালো নাই। এই স্থলত, তুচ্ছভাব বুজাবলৈ ভৰিত মোহাৰে বুলি কোৱা হৈছে। এতেকে,—ঢিলা মানুহ পালে তাৰ অপকাৰ কৰিবলৈ এফেৰি সঙ্কোচ নকৰা, not to hesitate to injure a person who is powerless to resist.

কুম্পানীৰ দিন—বিং, [ কোম্পানীৰ দিন ] ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিন অৰ্থাৎ ইংৰাজৰ ৰাজত্ব, the days of the East India Company i.e, the British rule.

কুম্ভকৰ্ণৰ টোপনি—বিং, কুম্ভকৰ্ণে ৬ মাহ একেৰাহে শুই থাকে। তেওঁ ৰাৱণৰ ভায়েক আছিল আৰু লক্ষ্মণৰ হাতত প্ৰাণ হেৰুৱায়। এতেকে,— দীঘলীয়া টোপনি, deepest slumber.

কুৰু-পাণ্ডৱৰ যুদ্ধ—বিং, কুৰু আৰু পাণ্ডৱৰ ভিতৰত হোৱা যুদ্ধ, ইমান ঘোৰতৰ হৈছিল যে ইয়াৰ বৰ্ণনা কৰিবলৈ যাওঁতে ভাৰতবৰ্ষৰ অদ্বিতীয় কাব্য মহাভাৰতৰ সৃষ্টি হয়। এতেকে,—তুমুল যুদ্ধ, a terrible war, a fierce struggle.

কুৰুং-কাৰাং কৰা—ক্ৰি, [ কুৰ্‌-কাৰ কৰা ] ঢাৰিপাটীৰ ইফালে সিফালে অলপ অলপ বাগৰ মাৰিলে কুৰ্‌-কাৰ্‌ শব্দ হয়। এতেকে,—অলপ লৰ-চৰ কৰা। তাৰ পৰা,-এলাহ এৰি অলপ-অচৰপ কাম-কাজ কৰা, to shake off laziness and take to some sort of work.

কুলা-বুঢ়ী ওলোৱা—ক্ৰি, বাহী বিয়াৰ দিনা এজনী বুঢ়ীয়ে মুৰত এখন কুলা লৈ নাচে। এতেকে,—বহুৱালি কৰা, to play the part of a buffoon.

কুলাৰ আগৰ খুদু—বিং, কুলাৰ আগত খুদু নাথাকে, মলখু থাকে। মলখু