পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুকুৰে
কুঠৰে-চিৰী
৫৪

স্থলত এনেৰূপে তাক অত্যাচাৰ কৰে বোলা হৈছে যে সি যদিও কাঁইট দেখিলে লোভ সামৰিব নোৱাৰে, তথাপি সি কাঁইট খাবলৈ এৰি দি পলাই যায়। (কুকুৰৰ সম্বন্ধীয় বচন নি মানুহত খটোৱা হৈছে) to ill-treat a person savagely.

কুকুৰে কামোৰা, ছৱালে দলিওৱা—ক্ৰি, পূৰা বাক্য—“দুখৰ উপৰি, দুখ পাৰ্ব্বতী, দুখৰ উপৰি দুখ। কুকুৰে কামোৰে, ছৱালে দলিয়ায়, কতো নিমিলয় সুখ”॥ এই বাক্যৰ দ্বাৰা কষ্টৰ আতিশয্য বুজায়। জন্তুৰ ভিতৰত কুকুৰ নীচ আৰু মানুহৰ ভিতৰত ছৱাল অৰ্থাৎ লৰা দুৰ্ব্বল। এনে কুকুৰ আৰু এনে লৰাই অপকাৰ কৰিবলৈ সাহ পায় বোলা হৈছে। এতেকে,—সামান্য মানুহৰ হাতত অনেক প্ৰকাৰৰ লঘু লাঞ্ছনা পোৱা, to be annoyed in manifold petty ways (said of a poor man).

কুকুৰধূলি জীৱ—বিং, মানুহৰ ভৰি শৰীৰৰ অধম অবয়ব। তাৰ ভৰিৰ ধূলি ততোধিক অধম। এই স্থলত মানুহৰ ভৰিৰ ধূলি নুবুলি কুকুৰৰ ভৰিৰ ধূলি বোলা হৈছে। এতেকে,—নিকৃষ্ট প্ৰাণী, a mean sorry fellow.

কুকুৰ-ধেমালি—বিং, কুকুৰে কামোৰা-কামুৰি কৰি ধেমালি কৰে। এতেকে,— বাহিৰে শত্ৰুভাব দেখুৱাই কৰা মিতিৰালি, familiarity expressed in acts of feigned hostility.

কুকুৰা কাটি শপত খোৱা—ক্ৰি, আহোম ৰজাৰ দিনত কুকুৰা কাটি শপত খোৱাৰ নিয়ম আছিল। এনেকুৱা শপত ডাঙ্গৰ শপতৰ শ্ৰেণীত গণ্য হৈছিল। এতেকে,—ডাঙ্গৰ শপত কৰা, to take a solemn oath.

কুকুৰাৰ ঠেং কাটি মঙ্গল চোৱা—ক্ৰি, আহোম ৰজাৰ দিনত বাইলুংবিলাকে কুকুৰাৰ ঠেঙ্গেৰে মঙ্গল চাইছিল। বাইলুংবিলাক এইৰূপ ভবিষ্যৎ গণনাত পাৰ্গত আছিল আৰু তেওঁবিলাকৰ সিদ্ধান্ত মতেই ৰাজকীয় ডাঙ্গৰ কাৰ্য্যত হাত দিয়া হৈছিল। এতেকে,—ভবিষ্যৎ কোৱা, to prophesy.

কুঠৰে চিৰী—বিণ, যাক কুঠাৰৰ আঘাতৰ দ্বাৰা চিৰি পেলোৱা হয় তেনে-স্বৰূপ। ( তিৰোতাত খাটে। ) দুৰ্ঘোৰ অপৰাধ কৰিলে এনে দণ্ড পাবৰ যোগ্য