পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কালৰ
কিহবাই
৫২

হয় যে সেই কাৰ্য্য কালৰ অৰ্থাৎ যুগৰ প্ৰকৃতিগত গুণৰ দ্বাৰা উৎপাদিত। এতেকে,—কালোচিত আপদীয়া কাৰ্য্য অৰ্থাৎ ডাঙ্গৰ অমঙ্গল, a momentous evil.

কালৰ কুটিল গতি—বিং, কালৰ বেঁকা-বেঁকি গতি অৰ্থাৎ ভাগ্যৰ চঞ্চলতা, the vicissitudes of fortune.

কাললৈ কথা ৰোৱা—ক্ৰি, [ চিৰকাললৈ কথা ৰোৱা ] চিৰকালৰ নিমিত্তে কলঙ্ক থকা, the lasting of a scandal for ever.

কালে টনা—ক্ৰি, ‘কাল’ শব্দে ‘যম’ বুজায়। এতেকে,—মৃত্যুৰ ফাললৈ বেগেৰে যোৱা, আয়ুস ক্ষয় হোৱা, to be on the path of death and destruction,

কালফুৰা সফুৰা—বিং, এই দুটা যমৰ প্ৰধান কিঙ্কৰ। ইহঁতৰ আকাৰ ভয়ঙ্কৰ। এতেকে,—যমৰ কিঙ্কৰৰ নিচিনা মানুহ, দেখিলে ভয়-লগা মানুহ, a fierce-looking person, a terrible figure.

কালিকা লগা—বিণ, কালিকা=কালী দেবী; তাৰপৰা,—কালী-দেবীৰ মাহাত্ম্য। এতেকে,—মাহাত্ম্য-লগা, awe-inspiring.

কাৱৈ মাছ বছা—ক্ৰি, কাৱৈ মাছ বাছিবলৈ টান। এতেকে,—টান বন কৰা, to do a difficult job.

কাহুৰী আই—বিং, কানিৰ অধিষ্ঠাত্ৰী দেবী। ( কানীয়াবিলাকে সঘনে কাহি থাকে বাবে সিহঁতৰ দেবী কাহুৰী-স্বৰূপ, ) the goddess presiding over the destinies of opium-eaters represented as coughing

কিনা হাহঁৰ ঠোঁটলৈকে মঙ্গহ উলিওৱা—ক্ৰি, যিটো হাহঁ ধন দি কিনি অনা হয়, তাৰ মঙ্গহ যে খোৱা হয়েই, ঠোঁটও বাদ দিয়া নাযায়। এতেকে,— যি বস্তু ধন-খৰচ কৰি পোৱা হয় তাৰ কোনো অংশ মিছাতে নষ্ট নকৰা, অৰ্থাৎ অপব্যয় নকৰা, to act frugally.

কিৰ্পিণৰ ধন—বিং, কিৰ্পিন নহলে ধন গোটাব নোৱাৰি। এতেকে,—কিৰ্পিণ ব্যৱহাৰৰ দ্বাৰা সঞ্চিত ধন, riches acquired by miserly conduct.

কিলিংখা লগা—ক্ৰি, [ কালক্ষণ লগা ] কালক্ষণ মিলিলে কাৰ্য্যত আসোঁৱাহ ঘটে। এতেকে,—আসোঁৱাহ লগা, to be confronted with obstacles.

কিহবাই পোৱা—ক্ৰি, ভূত, পিশাঁচ, দত-আদি দেওৰ ভিতৰত কোনোবা এজন