পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাৰ্য্যৰ
কালৰ
৫১

কাপৰ দ্বাৰা মাৰাত্মক অনিষ্ট হোৱা, to be seriously harmed by the use of the pen.

কাৰ্য্যৰ ভাৱ বুজ—ক্ৰি, যি কাৰ্য্য যি ভাৱেৰে কৰিলে স্বাৰ্থ সিদ্ধিৰ সুচল হয়, সেই কাৰ্য্য সেই ভাৱেৰে কৰিবলৈ বুদ্ধি পোৱা; কাৰ্য্যৰ ধাৰা বুজা, to know how to do a particular thing is a particular way.

কাৰ দিন কাৰ ৰাতি—বিং, [ কাৰো দিন কাৰো ৰাতি ] আনন্দৰ পৰিমাণ ইমান অধিক হয় বোলা হৈছে যে দিন আৰু ৰাতিৰ প্ৰভেদ নাইকিয়া হয় অৰ্থাৎ কোনোৱে দিনতে শুই থাকে, কোনোৱে বা ৰাতি ফুৰি ফুৰে। এতেকে,—অপৰিমিত আনন্দ-ভোগ, the continual enjoyment of pleasure in an unusual manner.

কাৰো মুখলৈ কোনেও চাব নোৱৰা অৱস্থা—বিং মানুহে বিপন্ন মানুহৰ মুখলৈ চাই পুতৌ কৰে। এই স্থলত বুজোৱা হৈছে যে যিবিলাক মানুহ আছে, সিহঁতৰ কেইও জন সমানে বিপন্ন বাবে কাৰো মুখলৈ কোনেও চাব নোৱাৰে। এতেকে,—কোনেও কাকো পুতৌ কৰিব নোৱৰা অৱস্থা, the condition of a number of people in which any one is unable to help any other because all of them are equally involved in distress.

কাল শত্ৰু—বিং, ( কাল = যম। ) যমে মানুহ মাৰে। যমতকৈ মানুহৰ ডাঙ্গৰ শত্ৰু নাই। এতেকে,—দুৰ্ঘোৰ শত্ৰু, a bitter foe.

কালে-অকালে—ক্ৰি-বিণ, কেতিয়াবা উচিত সময়ত আৰু কেতিয়াবা অনুচিত সময়ত, অৰ্থাৎ যেতিয়াই-তেতিয়াই সময়-অসময় নভবাকৈ, in season and out of season.

কালক্ষণ মিলা—ক্ৰি, ( কালক্ষণ = অশুভ ক্ষণ। ) কোনো কাৰ্য্য অশুভ ক্ষণত কৰিলে দুৰ্গতি হয়। এতেকে,—দুৰ্গতি চপা, বিপদৰ সময় ওচৰ হোৱা, the approaching of misfortune.

কালক খোৱা—ক্ৰি, [ কলিজা খোৱা ] মহা অনিষ্ট কৰা, to do a great mis- chief.

কালৰ আপদ—বিং, কেতিয়া এনে আপদীয়া কাৰ্য্য ঘটে যে মানুহে ইচ্ছা কৰি যে তেনে কাৰ্য্য কৰিব পাৰে, এনেটো সম্ভৱ নহয়। তেনে স্থলত কোৱা