পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কান্দোনত
কাপে
৫০


কান্দোনত গছৰ পাত সৰুওৱা—ক্ৰি, যদি কোনো মানুহক অৰণ্যত নিৰ্ব্বাসিত কৰা হয়, তেনেহলে সেই মানুহৰ কান্দোনত সহানুভূতি দেখুৱাবলৈ গছ গছনিত বাজে আন কোনো নাথাকে। এই স্থলত কোৱা হৈছে যে তাৰ কান্দোন এনে মৰ্ম্মভেদী যে গছে নিজে ওচৰলৈ আহিব নোৱাৰি পাত সৰুৱাই তাৰ দ্বাৰা ওচৰলৈ আহি সহানুভূতি দেখুৱায়। এতেকে,—অতি বেজাৰেৰে টানকৈ কন্দা, to lament distressfully.

কান্ধ পাতি লোৱা—ক্ৰি, গধুৰ বস্তু লবলৈ শৰীৰৰ সৰ্ব্ব-বল প্ৰয়োগ কৰি তাক কান্ধ পাতি লব লাগে, to take a heavy burden with all effort.

কান্ধ পেলাই দিয়া- ক্ৰি, দুষ্ট হালোৱা গৰুৱে কান্ধৰপৰা যুঁৱলি পেলাই দিয়ে। এতেকে,—কাম-বন কৰিব নোখোজা, to shirk work.

কান্ধ সলোৱা—ক্ৰি, [ কামৰ ভাৰ সলোৱা ] ভাৰীয়ে কান্ধ বিষালে সেই কান্ধৰ- পৰা ভাৰ নি অইন কান্ধত লয়। এতেকে,—এজনৰ ভাৰ সলাই আন এজনে লোৱা, এটা কাৰ্য্যত এজনে আন এজনক আজৰাই দিয়া, to give a person relief in any hard work.

কান্ধুলি-লুটিয়ালুটি—বিং, কান্ধুলিমাছে এবেলি ই লুটি এবেলি সি লুটি হয়। এতেকে,—সুবিধা অনুযায়ী মতৰ পৰিবৰ্ত্তন, a change of sides according to expectancy.

কাঠি-চেলেকাৰ মৰণ মিলা—ক্ৰি, ডলাত পিঠা থৈ দিলে মনে-মনে কাৰ্শলা সাপ আহি খাই গুচি যায়। পাছত জেঠী আহি পিঠা লাগি থকা কাঠি চেলেকে। গিৰিহঁতে দেখা পাই তাকে পিঠা-চোৰ ভাবি কুবিয়াই মাৰি পেলায়। এতেকে,— দোষী টেঙ্গৰ মানুহ সাৰি গৈ নিৰ- পৰাধী অজলা মানুহ বিপদগ্ৰস্ত হোৱা, the falling of an inno- cent but simple person in danger after the escape of the guilty but clever person.

কাপ-চেলেকা—বিং, লিখোঁতে কেতিয়াবা লিখা কাপটো মুখত সুমোৱা হয়। চৰাইৰ পাখিৰে কাপ হয়। কাপ মুখত সুমুৱালে কেঁচা মঙ্গহ খোৱাৰ তুল্য দোষ বুলি ধৰা হয়। এতেকে,—লেখক, ( নিন্দা প্ৰয়োগ ) a penman ( used contemptuously )

কাপে খোৰা—ক্ৰি, কাপেৰে কোনো এটা কথা নিহৰ স্বাৰ্থৰ বিৰুদ্ধে লিখি দিলে সেই লেখাই ভবিষ্যতে লিখোঁতাৰ সৰ্ব্বনাশ কৰে। এতেকে,—