পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাণে-মূৰে
কান্দিলে
৪৯

অৰ্থাৎ গেন্‌গেনীয়া হয়। এতেকে,—অতি দুৰ্ব্বল হোৱা, to become too weak.

কাণে-মূৰে খাই মৰা—ক্ৰি, মূৰত সৰহকৈ ওকণী হলে কাণে-মূৰে বগাই কামুৰি আহুকাল কৰে। এতেকে,—জুমুৰি দি ধৰি আহুকাল কৰা, বৰকৈ দিগ্‌ কৰা , to annoy excessively.

কাণত ঠিলা মৰা—ক্ৰি, কাণৰ বাট ঠিলাৰে মাৰিলে কথা শুনা নাযায়। এতেকে,— নুশুনা, to turn a deaf ear, to be impassive.

কাণত মন্ত্ৰ দিয়া—ক্ৰি, গুৰুৱে শিষ্যক মন্ত্ৰ দিওঁতে ফুচ্‌ফুচাই কয়। এতেকে,— গুপ্তভাৱে কোনো শিকনি দিয়া, to instruct secretly.

কাণ তলীয়া চৰ—বিং, কাণ তাল লাগি যোৱাকৈ মৰা ডাঙ্গৰ চৰ, a severe slap on the face.

কাণনী-নাকনী হোৱা—ক্ৰি, [কাণ-পানী নাক-পানী হোৱা ] কাণে-নাকে পানী সোমালে উশাহ নিৰুধ হোৱাৰ নিচিনা অনুভৱ হয়। এতেকে,— বহু মানুহৰ আমনি-আহুকালৰ দ্বাৰা বিতত খোৱা, to be worried by numerous petty annoyances.

কানি-মুনি দিয়া—ক্ৰি, আত্ম-ৰক্ষাৰ নিমিত্তে অনন্যোপায় হলে কণা-মুনা হৈ যেনিয়ে পায় তেনিয়ে টোকোন ঘূৰাবলৈ ধৰে। এতেকে,—চকুৰে নেদেখাকৈ কোনো কাৰ্য্য কৰা, নভবা-নিচিন্তাকৈ উধাই-মুধাই কাৰ্য্য কৰা, to do a thing at random.

কান্দনি কলৰ ভাৰ—বিং, [ কান্দনি-নিবাৰণী কলৰ ভাৰ] কেঁচুৱা লৰাৰ কান্দনি- নিবাৰণৰ নিমিত্তে বাটত পেলোৱা কলৰ ভাৰ, an offer of plan- tains made to a deity presiding over a household for the purpose of stopping too much crying of a baby.

কান্দি ভাত খোৱা—বিণ, কেঁচুৱা লৰাই ঠেহ পাতি ভাত নাখায়। মাকে বলেৰে ধৰি আনি খাবলৈ দিলে সি কান্দি কান্দি ভাত খায়। এতেকে,— কেঁচুৱা লৰাৰ নিচিনা, লৰালি, childish (said of a person ).

কান্দিলে কল পোৱা—ক্ৰি, কেঁচুৱাই কান্দিলে মাকে কল দি নিচুকায়। এতেকে,— চিঞৰ-বাখৰ কৰিলে প্ৰতিকাৰ পোৱা, to have a grievance redressed by insistent representation.