পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাঠৰ
কাণ
৪৭

চৰিব নোখোজা এলেহুৱা মানুহ, a too lazy person.

কাঠৰ পুতলা—বিং, কাঠৰ পুতলাই নিজে একো কৰিব নোৱাৰে। মানুহে যেনেকৈ নচুৱায় সি তেনেকৈ নাচে। এতেকে,—সৰ্ব্বতোভাৱে পৰৰ দ্ৱাৰা পৰিচালিত মানুহ, a puppet, a doll, one who is entirely led by others.

কাঠৰ মূঢ়া—বিং, মুঢ়াটো বহি থকা মানুহৰ নিচিনা দেখি। বাঁহ আদিৰ মূঢ়া বেগতে লৰাব পাৰি, কিন্তু কাঠৰ মূঢ়া লৰাবলৈ টান। এতেকে,— লৰিব-চৰিব নোখোজা সোৰোপা মানুহ, an exceedingly lazy fellow.

কাঠে কাঠে পৰা—ক্ৰি, কাঠ টান বস্তু। যদি এডাল কাঠ আন এডাল কাঠৰ লগত পৰে, তেনেহলে কোনো ডাল কাঠ পোটোকা নপৰে বা ভাগি নাযায়। দুইৰো ঘঁহনিত জুই উঠি যায়। কিন্তু এডাল কাঠ আৰু, এডাল বাঁহ বা কাঠতকৈ আন কোমল বস্তুৰ লগ হলে তেনে নহয়। এতেকে,—দুজন সমান টান বা পটু মানুহৰ যুঁজ লগা, fighting with each other by persons who are equally matched.

কাণ উনাই থকা—ক্ৰি, ( কাণ উন্নীষাই থকা ] কোনো কথা ভালকৈ শুনিবৰ নিমিত্তে কাণ উন্নীত অৰ্থাৎ থিয় কৰি থোৱা হয়। এতেকে,— সজাগ হৈ থকা, to be on the alert.

কাণ-কটা—বিণ, আহোম ৰজাৰ দিনত অপৰাধৰ বাবে কাণ-কটা দণ্ড দিয়াৰ বিধি আছিল। এতেকে,— অপৰাধী, নিলাজ, shameless.

কাণ-কটা আৰু চোৰৰ মিতিৰালি—বিং, (কাণকটা=নিলাজ, অঘাইটং। ) দুৰ্জ্জনে দুৰ্জ্জনেৰে সৈতে পতা বন্ধুতা, friendship between a knao and a thief, friendship based on vice.

কাণ ছোওৱা—ক্ৰি, কোনো কথা কাণত গৈ ছুলে অৰ্থাৎ সামান্যরূপে স্পৰ্শ কৰিলে তাক সামান্যৰূপে শুনা যায়। এতেকে,—সংক্ষেপে জনোৱা, to communicate a fact briefly.

কাণ দিয়া—ক্ৰি, [ কাণ পাতি দিয়া ] যি ফালৰপৰা কথা কোৱা হয়, সেই ফালে কাণ পাতি দি তাক শুনা হয়। এতেকে,—শুনা, to lend an ear to listen.